মোৰ হাফলং যাত্ৰা-প্ৰীতিষা কাশ্যপ
হাফলং ভাৰতৰ অসম ৰাজ্যৰ অন্তৰ্ভূক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই। অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম। ইংৰাজী ২০২৪ চনৰ এপ্ৰিল মাহৰ ৬ তাৰিখে আমি হাফলঙলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি মানে মোৰ মা-দেউতাৰ লগতে মই পঢ়া বিদ্যালয়ৰ মোৰ সহপাঠী বন্ধু-বান্ধৱীৰ লগতে তেওঁলোকৰ মাক-দেউতাক। মুঠতে আমি ৮ জনীয়া পৰিয়ালটি একেলগে গৈছিলো। এপ্ৰিল মাহৰ ৬ তাৰিখে আমি ৰাতিপুৱা ৭ বজাত গুৱাহাটী ৰেল ষ্টেচন পল্টন বজাৰৰপৰা ৰেলেৰে যাত্ৰা আৰম্ভ কৰিছিলোঁ। দিনৰ ১২ বজাত আমি ‘নিউ হাফলং’ত উপস্থিত হৈছিলোঁ। ৰেল যাত্ৰাৰ সময়খিনিত মই আৰু
Read more