জীৱন নিৰৱধি-মৌচুমী হাজৰিকা

শতাব্দীৰ  চহৰখনলৈ অহা আজি প্ৰায় তিনি বছৰেই হ’ল‌।এই নতুন চহৰখনে তাইক‌ নতুনকৈ গঢ় লোৱাত বহুত সহায় কৰিলে। তাই এজনী নতুন শতাব্দীক বিচাৰি পালে।  কেইদিনমানৰ পৰা তীব্ৰ গৰমক শাঁত পেলাই বৰষুণ দিছে…কেৱল বৰষুণ। শতাব্দীৰ প্ৰিয় বৰষুণ।কালি ৰাতি বহু দেৰিলৈকে বাৰাণ্ডাত বহি তাই বৰষুণ চাই আছিল। বতাহত উৰি অহা টোপালবোৰে তাইৰ দেহ মন শাঁত পেলাইছিল। তাই আকৌ উপলব্ধি কৰিলে বৰষুণজাকৰ আচৰিত জীৱনী শক্তি।তাইৰ সৰু বাৰাণ্ডাখনৰ ফুল কেইজোপাত বৰষুণৰ টোপালবোৰ পৰি জিলিকি উঠিছে, মাধৈমালতীজোপা সৰু টাবটোৰপৰাই আকাশলৈ বেঙা মেলিছে তাইৰ মনটোৰ দৰেই। ৰাতি

Read more

সোণপৰুৱাৰ হাঁহি-সংস্কৃতি মহন্ত 

অকণমানি পখিলাটিৰ ফুটুকী পাখি ফুলৰ পাহিত পৰি থাকে কেনেনো শুৱনি।   বহুৰঙী সোণপৰুৱাৰ চিকমিক পাহি কপালত আঁকি লওঁ আমি হাঁহি হাঁহি।   কেৰেলুৱা বগাই যায় ৰেলগাড়ীৰ দৰে চুই দিলেই ঠেহ লাগি চকা হৈ পৰে।   বৰষুণৰ বতৰত ভেকুলীয়ে মাতে মাইনাই ভয়তে নিতাল মাৰি শোৱে।   (তৃতীয় শ্ৰেণী,লিটল ফ্লাৱাৰ হাইস্কুল,হাতীগাঁও) *******

Read more

পৃথিৱীৰ সকলোতকৈ বেগী ট্ৰেইন মেগলেভ-নিদৰ্শন ৰুদ্ৰপতি

মানুহে আৰম্ভণিৰেপৰা ব্যৱহৃত যান-বাহনৰ বেগ বঢ়াবলৈ চেষ্টা কৰি আহিছে।আগতে খোজ কাঢ়িছিল,তাৰ পাছত গৰু গাড়ী,মটৰ গাড়ী,ট্ৰেইন,এৰ’প্লেন ইত্যাদি ব্যৱহাৰ কৰিবলৈ ধৰিলে।মানুহে পৃথিৱী এৰি চন্দ্ৰলৈ গৈ তাৰপৰাও ঘূৰি আহিল।এয়া বৰ্তমান যুগৰ প্ৰযুক্তিৰ বলত সম্ভৱ হৈছে।সময়ৰ লগে লগে মানুহে নতুন নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ কৰি আহিছে,যি কাৰণত সকলোবোৰ কাম আগতকৈ কম সময়ৰ ভিতৰত কৰিবপৰা হৈ উঠিছে। বৰ্তমান আকাশীপথেৰে ভ্ৰমণেই হৈছে আটাইতকৈ বেগী ভ্ৰমণ কিন্তু সকলো ক্ষেত্ৰত এখন ঠাইৰপৰা আন এখন ঠাইলৈ এৰ’প্লেনেৰে যোৱা সম্ভৱ নহয়।ঘৰৰপৰা চাকৰিলৈ বা অন্য ঠাইলৈ যাবলৈ মানুহে বাছ বা মেট্ৰ’ৰ ব্যৱহাৰ

Read more

তাবিজ-ৰাজু কুমাৰ নাথ

                  (১) মোক এটা তাবিজ লাগে, চৌদিশে আমাক গ্ৰাস কৰি কৰ্মস্পৃহাৰে ধনী হোৱা, পমুৱা,ভগনীয়াৰ সৈতে এঘৰী যুঁজিবলৈকে …. মোক এটা তাবিজ লাগে।                 (২) মোৰ কণ্ঠত এতিয়া দুই তিনিখন আঁচনিৰ মালা, নানাৰঙী সপোনৰ বাটত চলি যায়… মোৰ জীৱনৰ মধুবেলা, আস্‌!এই সপোনবোৰ জীৱন দি ৰাখিবলৈ …. মোক এটা তাবিজ লাগে।                 (৩) ঘৰৰ পিৰালিত হাবিয়নি, কেঁচু,শামুকৰ খেতি, ‘মনৰেগা’ৰ শাৰী পাতি উঠোৱা টকা, ব্ৰইলাৰৰ সৈতে ফ্ৰী চাউলৰ ভাত। বাৰীত নতুনকৈ গজা গেজেপনি মৰা হাবিডৰা কটাৰ সাহকণ গোটাবলৈ …. মোক এটা তাবিজ লাগে।

Read more

গীতাৰদ্বাৰা প্ৰভাৱান্বিত হোৱা মহান বিজ্ঞানীসকল-বিজয়া শৰ্মা

মানুহক শুদ্ধ পথত জীৱন জীয়াই থকাৰ ৰাস্তা  দেখুওৱা একমাত্ৰ গ্ৰন্থখনেই হৈছে ‘গীতা’। যেতিয়া মানুহৰ মনত দুবিধা উৎপন্ন হয় বা কিবা নিৰ্ণয় ল’বলৈ অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হয় এই সকলোবোৰৰ সমাধান একমাত্ৰ গীতাই হে দিব পাৰে। গীতাৰ ওচৰতে আছে সকলো সমস্যাৰ সমাধান। সমগ্ৰ  মানবজাতিৰ  এক যুগজয়ী অমূল্য সম্পদ হিচাবে গীতাক গণ্য কৰা হয়। অকল ভাৰতৰেই নহয় পৃথিৱীৰ কেইবাজনো বিখ্যাত বিজ্ঞানী গীতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। প্ৰাচীন কালত  প্ৰাচ্যৰ চীন দেশ আৰু জাপানৰ পিছত পাশ্চাত্য দেশ বোৰত গীতাৰ প্ৰভাৱ বিস্তাৰ হৈছিল।ভাৰতত বছৰচেৰেক থকা  ধৰ্ম যাজক

Read more

অসমীয়া টম মাধুৰীমা ঘৰফলীয়াৰ….ফচং-ববিতা শৰ্মা

আমেৰিকাৰ উইলিয়াম হানা আৰু জোচেফ বাৰবাৰৰ জনপ্ৰিয় এনিমেটেড কাৰ্টুন চিৰিজ টম আৰু জেৰি।টম এটা মেকুৰী আৰু জেৰি এটা সৰু নিগনি।জেৰিক ধৰিবলৈ টমৰ বিভিন্ন প্ৰচেষ্টা আৰু বিফলতা, জেৰিৰ সৰু সৰু দুষ্টামি,জেৰিৰ হাতত সদায়ে পৰাজিত টমৰ প্ৰতিশোধ প্ৰৱণতা আদিবোৰ ছয়ৰপৰা দহ মিনিট জোৰা দৃশ্যবোৰৰ মূল বিষয়।১৯৪০ চনত নিৰ্মিত এই কাৰ্টুন চিৰিজটোৰ মুঠ দৃশ্য সংখ্যা ১১৪ টা।১৯৪০ চনৰপৰা ১৯৫৮ চনলৈ নিৰ্মিত এই কাৰ্টুন চিৰিজটোৱে সেই সময়ছোৱাত সাতবাৰকৈ শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ একাডেমী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল।’টম এণ্ড জেৰি’ নামৰ এই এনিমেটেড কাৰ্টুন

Read more

ছিকিমৰ তিস্তা নৈৰ পাৰে পাৰে-গীতামণি দত্ত

২০১৫ চনৰ পূজাৰ বন্ধত সপৰিয়ালে ছিকিমলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ।লগত এওঁৰ সহকৰ্মী আন এটা পৰিয়ালো ওলাল।আমি আটায়ে ওঠৰ অক্টোবৰৰ দিনা ৰাওনা হ’লো।প্ৰথমে গেংটকলৈ গৈ আহোঁতে দাৰ্জিলিঙত সোমাই ঘূৰি অহাৰ কথা ।দুপৰীয়া বাৰ মান বজাত তেজপুৰৰপৰা ৰাওনা হৈ আবেলি তিনি বজাত গুৱাহাটী পালোঁহি,ইফালে ৰে’ল আছে সন্ধিয়া ছয় বাজি ত্ৰিছ মিনিটত।খন্তেক সময় জিৰণি ল’বৰ বাবে ৰুক্মিণী নগৰত থকা মোৰ ডাঙৰ বাইদেউৰ ঘৰলৈ গ’লো। আমি সময় মতে মালিগাওঁ ৰে’ল ষ্টেচন পালোঁহি। বেছি সময় ৰৈ থাকিব লগা নহ’ল।’গুৱাহাটী পুৰি এক্সপেছ’।আটায়ে টালি-টোপোলা লৈ ৰে’লত উঠিলোঁ। সময়

Read more

শুভেচ্ছা বাণী-শ্ৰী কুমকুম দেৱী শৰ্মাবৰুৱা

 ‘শব্দচিত্ৰ’ গোটটি মোৰ অতি মৰমৰ আৰু সুন্দৰৰ আৰাধনাৰ গোট। মই যি ভাবোঁ আৰু যি লেখোঁ প্ৰথমে এই গোটতেই প্ৰকাশ কৰোঁ। গোটৰ প্ৰশাসক আৰু মডাৰেটৰ সকল অতি ভদ্ৰ আৰু নিয়মনুবৰ্তিতা মানি চলা লোক। ইয়াত তিনিমাহৰ মূৰে মূৰে ওলোৱা ই-মেগাজিন ‘জীৱন জিজ্ঞাসা ‘খন এখন উচ্চ মানদণ্ডৰ আলোচনী। গল্প, কবিতা, প্ৰবন্ধ, নিবন্ধৰ উপৰিও ইয়াত শিশুৰ বাবে এটা শিতান আৰু বিজ্ঞান বিষয়ৰ লেখাৰ বাবেও এটা শিতান আছে। আলোচনীখন যিসকলে ভালদৰে পঢ়ে তেওঁৰ নিশ্চিতভাৱে উপকাৰ হ’বই। তাকে সকলোৱে লিংকটো নিজেই খুলিবলৈ শিকিব লাগে। কোনো এটা

Read more

‘বি এম’ৰ ৰন্ধন কলা-প্ৰদীপ বৰা

‘বি এম’ মানে ব্ৰাঞ্চ মেনেজাৰ হয় নে নহয় মই খাটাংকৈ একে উশাহতে কৈ দিব নোৱাৰো কিন্তু বি এম মানে বিশ্ব মহন্ত যে সেইটো ধ্ৰুৱ সত্য৷মহন্তই আজি কিছুদিন ধৰি ফেচবুকত এটা সাংঘাতিক গ্ৰুপৰ আৱিষ্কাৰ কৰি গ্ৰুপৰ ৰীতিনীতি পৰম্পৰা মৰ্যাদা আদি পৰিষ্কাৰ কৰি দিছে৷সেই কাৰণে তেওঁ  বহুতৰেপৰা নমস্কাৰ আৰু বহুতৰে পৰা পুৰস্কাৰো পাইছে। ফেচবুকৰ এখন বিশাল সাম্রাজ্যত তেওঁৰ গ্ৰুপটো জাতিষ্কাৰ হোৱাৰ পথত৷এই বিশ্ব বিখ্যাত গ্ৰুপটোৰ নামাকৰণ কৰিছে “ৰন্ধন কলা প্ৰসূত সাহিত্য” বুলি।তেওঁ ৰন্ধনত ব্যৱহৃত  উপাদানসমূহ হ’ল বিভিন্ন ধৰণৰ জীৱ-জন্তু…মেৰুদণ্ডী প্ৰাণী, অমেৰুদণ্ডী প্ৰাণী,

Read more
1 15 16 17 18 19 62