মাচাউকি খাতাঁওৰা,লিখক: হুমায়ূন আহমেদ,ভাবানুবাদ-অঞ্জু মহন্ত
মধ্যবিত্তসকলৰ জীৱনত উত্তেজনা সৃষ্টি কৰিবপৰা ঘটনা খুব এটা নঘটে। তেওঁলোকৰ জীৱন যাত্ৰা খোৱা,শোৱা, টিভি চোৱা এইবোৰৰ মাজতেই মোটামুটি সীমাবদ্ধ। কিন্তু মোৰ সৰু ভাইটিৰ ঘৰত ব্যতিক্ৰম হ’ল। সিহঁতৰ ঘৰত উত্তেজনা সৃষ্টি কৰিবপৰা এটা ঘটনা ঘটাৰ উপক্ৰম হ’ল। শুনিলোঁ, এজন জাপানী যুৱক হেনো ভাইটিৰ ঘৰত এমাহ থাকিব। জাপান-বাংলাদেশ টেকনিকেল এচিচটেণ্ট প্ৰোগামৰ তেওঁ এজন কৰ্মী। বাংলাদেশৰ গাঁৱত দুবছৰ থাকিব। অৱশ্যে পোষ্টিং হোৱাৰ আগেয়ে বাংলাদেশৰ কোনো এঘৰ মধ্যবিত্ত পৰিয়ালৰ লগত তেওঁ এমাহ কটাব লাগিব, যাতে তেওঁ আমাৰ ৰীতি-নীতি, আচাৰ-আচৰণ সম্পৰ্কে এটা প্ৰাথমিক ধাৰণা পাব
Read more