পৰম্পৰাগত বিহুগীতৰ সুষমা বিচাৰি-জয়ন্ত গগৈ
জন-জীৱনৰ চিন্তা আৰু আচৰণৰ ভেঁটিত একোটা লোক-সংস্কৃতি গঢ় লৈ উঠে।অসমৰ জন-গোষ্ঠীসমূহৰ মাজত চলি অহা লোক-বিশ্বাস, আচৰণ পদ্ধতি, সামাজিক ৰীতি-নীতি, জীৱন-ধাৰণৰ পদ্ধতি আদি লোক-উৎসৱ সমূহত প্ৰতিফলিত হয়। অসমীয়াৰ বাপতি সাহোন উৎসৱ ৰঙালী বিহুৰ সময়ত পৰিৱেশিত বিহুগীত আৰু বিহুনাম ইয়াৰে এক ফচল। বিহুৰ সময়ত গোৱা আৰু পৰম্পৰাগতভাৱে চলিত হৈ অহা গীতসমূহকে ‘বিহুগীত’ বুলি কোৱা হয়।’বিহুগীত’ আৰু ‘বিহুনাম’ দুয়োটাকে সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয় বুলি ক’ব পাৰি। অসমীয়া সমাজ জীৱনৰ লগত জড়িত সকলো বিষয়েই বিহু গীতত স্থান লাভ কৰিছে। মুখ্যতঃ অসমীয়া বিহুগীত
Read more