পোহৰৰ বাটটোৰ মৃত্যুত-মানসী শৰ্মা

পোহৰৰ বাটটো আজি দেখোন আন্ধাৰ পোহৰৰ বাটটোক মচোৱা-গোম সাপটোৰ দৰে আঁউসীৰ ঘোপমৰা আন্ধাৰে ক্ৰমান্বয়ে মেৰিয়াই ধৰিলে যন্ত্ৰণাত চটফটাই বাটটোৰ উশাহবোৰ তুতি আহি আন্ধাৰত বিলীন হৈ গ’ল। পোহৰৰ বাটটোৰ মৃত্যুৰ বাতৰিয়ে বুকুখনত বৰকৈ আঘাত হানিলে দুখবোৰ ডিঙিলৈ উজাই আহি ডিঙিটো সোপামাৰি ধৰিছে সুখৰ গানটো যে বিষাদৰ গান হৈ উচুপি কান্দিছে। এনেকৈয়ে পলে পলে পোহৰৰ প্ৰতিটো বাট আন্ধাৰৰ অটল গহ্বৰত বিলীন হৈ গ’ল। চৌদিশে এতিয়া মাথোঁ আন্ধাৰৰ ৰাজত্ব।   আন্ধাৰৰ আঘাতত মোৰ হৃদয়খনও ক্ৰমান্বয়ে শিল হ’ল এতিয়া আৰু পোহৰৰ মৃত্যুত মোৰ হৃদয়

Read more

সাহিত্য : সমাজ গঢ়াৰ এক আহিলা-ববিতা শৰ্মা 

‘সাহিত্য’ হ’ল এক প্ৰকাৰৰ কলা । এই কলাক লিখন শিল্প বুলিও অভিহিত কৰা হয়।প্ৰাথমিকভাবে এই শিল্পক গদ্য, পদ্য আৰু নাটক — এই তিনিটা ভাগত ভাগ কৰা হয়।সাহিত্য শব্দটো আমাৰ ভাষালৈ সংস্কৃত ভাষাৰপৰা আহিছে।শব্দটো সংস্কৃত ‘সহিত’ শব্দৰপৰা নিষ্পন্ন, যাৰ বুৎপত্তিগত অৰ্থ হ’ল সংগতি বা মিলন।এই মিলন শব্দ আৰু অৰ্থৰ মিলন। সাধাৰণ অৰ্থত সমাজ হ’ল ব্যক্তিৰ সমষ্টি।শব্দটোৰ আভিধানিক অৰ্থয়ো অনুৰূপ ধাৰণাকে দিয়ে।অভিধান অনুসৰি  ‘সমাজ’ শব্দটোৰ অৰ্থ হ’ল ‘মানুহৰ সমূহ’।একে ৰাজনৈতিক কৰ্তৃত্ব আৰু প্ৰভাৱশালী সাংস্কৃতিক বৈশিষ্ট্যসম্পন্ন, একে সামাজিক সম্পৰ্কৰে জড়িত ব্যক্তিৰ একোটা গোটক

Read more

মগৰ-মানৱ-সমুজ্জ্বল কাশ্যপ

নেপচুন ভৱনৰপৰা ইন্টাৰপ্লেনেট ভিছাখন লৈ দৌৰা-দৌৰিকৈ ঘৰ পালোঁহি।খবৰটো মানুহজনীক সোনকালে জনাব লাগে।বৰ আগ্ৰহেৰে ৰৈ আছে তেওঁ! : অ’ ৰা শুনিছানে? টিকট পালোঁ হে। : হয় নেকি? মানে এইবাৰ যাব পাৰিম,ন? : পাৰিম পাৰিম, টালি-টোপোলা বন্ধাৰহে কথা এতিয়া। সোনকাল কৰা বুজিছা, পোন্ধৰদিন পিছতে আমাৰ যোৱাৰ দিন পৰিছে। : ইয়ে হয়?ব’লা ব’লা লাগি যাওঁ! তিনিবছৰৰপৰা দুয়ো নেপচুনলৈ যোৱাৰ চেষ্টা কৰি আছোঁ।নেপচুনত লগৰবোৰে ইতিমধ্যে মাটিবাৰী কিনিলেগৈ হেনো! আমাৰহে ‘ইন্টাৰপ্লেনেট ভিছা’খন হোৱা নাছিল।ভাষাটোৱেই শিকিব পৰা নাছিলোঁ।গৈ পোৱাৰ পিছত লাহে ধীৰে এডজাষ্ট হৈ যাব যদিও

Read more

একাকীত্ব-মৌচুমী হাজৰিকা

কেৰ্ কেৰ্ শব্দটি শুনি অতবোৰ খেলি মেলি চিন্তাভাৱনাৰ মাজতো আহিব ধৰা টোপনিটো ভাগি গ’ল। এতিয়া ৰাতিটো বিচনাখনত ইকাটি সিকাতিকৈ পাৰ কৰিব লাগিব।দেউতাক  জীয়াই থকা হ’লে পানী যোগান ধৰা,পেচাপ কৰোৱা আদি নানান  কাম কৰোঁতে  কেতিয়ানো ৰাতিপুৱায় গমেই নাপায়।কামবোৰ নোহোৱা  কৰি  থৈ মানুহজনৰ  যোৱা আজি কেইবাদিনো হ’ল। আকৌ কেৰ্ কেৰ্ শব্দত মন্দিৰাৰ চিন্তাত যতি পৰিল।শব্দটিৰ আত ধৰি ৰেক্ খনৰ ওচৰ পালেগৈ।ইচ্!ঘুণ্ গুড়ি দম হৈ আছে।আৰু বেছিকৈ খালে দেখোন পেৰাটো খহি পৰিব!!কালিলৈ  কেৰাচিন তেল অলপ আনি সানি  দিব লাগিব।আজিকালি  কেৰাচিন তেল পাবলৈও নোহোৱা

Read more

এটা ধোঁৱা ৰঙৰ সন্ধিয়া-সংহিতা ভট্টাচাৰ্য্য

জিতেন বৰুৱাই মিনতিৰ শিৰত সেন্দূৰকণ দি বহুসময় ৰ লাগি চাই থাকিল।একা-বেঁকা যেন লগা দীঘলীয়া অলিবাটটি যেন কোনোবাখিনিত আহি আহি ৰৈ গৈছেহি…! কিমানদিনৰ মূৰত ইমান ওচৰৰপৰা চাইছে মানুহগৰাকীক। কিবা যেন মনত পৰা নাই বৰুৱাৰ। ফোঁটটো কপালত দিবলৈ লওঁতেই দূৰৰপৰা কোনোবাই খিলখিলকৈ হাঁহা শুনিলে তেওঁ…। কেইগৰাকীমান মহিলাই মিনতিক ৰুমটোলৈ লৈ আহিছে। উৰণিৰ তলৰ মুখখন ভালকৈ মনিব নোৱাৰি। চাবলৈ বৰ মন গ’ল যদিও কিবা এটা লাজত তেওঁ  আঁতৰি আহিল। এনে দেখুৱালে যেন তেওঁ একো মনেই কৰা নাই।গোটেই জীৱনটোত এই লাজ সংকোচ কৰি থাকোঁতেই

Read more

পৰম্পৰা বা লোকাচাৰ…..ছয়দিনীয়া ৰখা-কমলা দাস

অতীজৰেপৰাই আমাৰ সমাজত ঠাই বিশেষে কিছুমান পৰম্পৰা বা লোকাচাৰ চলি আহিছে।এখন ঠাইৰ পৰম্পৰা আন এখন ঠাইৰ লগত নিমিলিবও পাৰে।এই পৰম্পৰা বা লোকাচাৰে বহু সময়ত এখন সমাজক একতাৰ ডোলেৰে বান্ধি ৰাখে।যুগ যুগ ধৰি চলি অহা এই লোকাচাৰ বা পৰম্পৰাবোৰ কেতিয়া,কেনেকৈ আৰু ক’ৰ পৰা আৰম্ভ হয় সেয়া ভালদৰে কোনেও ক’ব নোৱাৰে।  কিছুমান পৰম্পৰা অৱশ্যে চৰ্চাৰ অভাৱত পাহৰনিৰ গৰ্ভত বিলীনো হৈ যায়। বৰপেটাৰ ফালে জনজীৱনত প্ৰতিফলিত হৈ অহা পৰম্পৰা বা লোকাচাৰৰ বহুখিনি কীৰ্ত্তন-ঘোষাৰ লগত সম্পৰ্ক থকা বুলি ক’ব পাৰি।’পচতি’ নাইবা ‘নন্দ উৎসৱ’ আদিও

Read more

অন্ধকাৰ দিন,ৰচনা : ৱাল্টাৰ কফমেন,ভাৱানুবাদ-ড. মৃদুস্মিতা ফুকন

জৰ্জ মোৰ বন্ধু। কিন্তু এতিয়া আৰু তাক দেখা নাপাওঁ। বহুদিন আগতেই মই তাক হেৰুৱাই পেলাইছোঁ। হয়তো এতিয়া আৰু সি ইহ সংসাৰত নাই। তথাপিও সি মোৰ বন্ধু। যিমান দিন মই জীয়াই থাকিম, সিমান দিন এই বন্ধুত্ব অক্ষুণ্ণ ৰাখি যাম। আমাৰ ঘৰটো বৰ সুন্দৰ আছিল। বগা মাৰ্বলৰ ছিৰিকেইটাৰে অলপ উঠি মূল দুৱাৰখনৰ কাষতে কলিং বেলটো। বেলটোৰ মাতটো শুনিলেই আমাৰ পৰিচাৰিকা কেটি খৰ খোজেৰে আগবাঢ়ি আহে। হলটোৰ দামী কাৰ্পেটৰ ওপৰেদি আহি তেওঁ স্প্ৰিং লগোৱা গধুৰ কাঁচৰ দিৱাৰখন খুলি দিয়েহি। দেউতাই পিয়ানো বজায়। দেউতাক

Read more

লাজ-কমলা দাস

: অ’ মা,আপুনি বজাৰৰ ফালে যায় নেকি! শাহুৱেকে কৰবালৈ যাবলৈ সাজু হোৱাৰ পৰতে বোৱাৰী নিতুৱে খৰখেদাকৈ আহি মাত লগালে। : নাই, মই বেলেগ এফালেহে যাম। কিয় সুধিলানো! : কথা এটা হ’ল নহয়!ঘৰত আনি থোৱা পেড নাই আৰু মাইনাৰ মাহেকীয়া আৰম্ভ হৈছে এইমাত্ৰ।আপুনি বেলেগ ফালে গ’লেও আহোঁতে বজাৰত সোমাই মাইনাৰ বাবে পেড এটা লৈ আনিবচোন। : দেউতাককেই নোকোৱা কিয় আনিবলৈ! সি অফিচৰ পৰা আহি পাবৰ হৈছেই নহয়।আহোঁতে লৈ আনিব পাৰিব। : অ’ মা,  কি যে কয় আপুনি! জীয়েকৰ পেড দেউতাকক আনিবলৈ

Read more

অগ্নি-নৃত্য‌-কমল চন্দ্ৰ চেতিয়া

(এই লেখাটি ডাইনী হত্যাৰ এক নিৰ্মম সত্য কাহিনীৰ ওপৰত আধাৰিত‌। তথ্যগত গোপনীয়তাৰ বাবে চৰিত্ৰ দুটিৰ নাম ইয়াত সলনি কৰি ব্যৱহাৰ কৰা হৈছে‌। এই লেখাটোৰ জড়িয়তে কাৰো অন্তৰত আঘাত দিয়া লেখকৰ উদ্দেশ্য নহয়‌।)    (১) কাহিনীটোৰ আৰম্ভণি এনেদৰেওতো ঘটিব পাৰিলেহেঁতেন – কাহিলীপাৰাৰ এটা নিৰ্জন পদপথত পুৱাৰ নিয়ৰ খচকি হাতত ধৰা-ধৰিকৈ আগ বাঢ়িছে এহাল তৰুণ-তৰুণী‌। ধৰাহ’ল সিহঁত নৱযৌৱনা প্ৰণয়ীযুগল‌। তৰুণীৰ মুখৰ আৰ্যাত কিছু পৰিমাণে লাজৰ আভা‌। ফুটো-  নুফুটোকৈ ওঁঠত ওলমি ৰোৱা মিচিক-মাচাকখিনি বাৰুকৈয়ে তুলি ধৰিছে সুকোমল গালৰ সোঁমাজৰ দুটা মৰমলগা টোলে‌। তৰুণৰ

Read more

আকৌ শৰৎ আহিল-নিৰুপমা বৰুৱা

আহিনৰ বোকোচাত উঠি ধৰালৈ নামি আহিল শৰৎ। গে ধৰা সেউজীয়া ধাননী ভৰাই কৃষকৰ মুখত হাঁহি বিৰিঙিয়াই। শৰৎ আহিলে পদূলিমুখৰ শেৱালীজোপা ফুলিল আমোল মোল শেৱালীৰ গোন্ধে সন্ধ্যা হ’লেই মন মতলীয়া কৰে। শৰতৰ স্নিগ্ধ ৰাতি নীল আকাশত তৰাৰ জিক্‌মিকনি তৰাৰ তৰাৱলীয়ে পাতে দীপাৱলী । নদীৰ পাৰত ফুলে শুকুলা-কহুৱা শৰতৰ বা লাগি কৰে গা-মন উতনুৱা । শৰৎ আহিলে নিয়ৰৰ মুকুতা সৰে সেউজীয়া ৰোৱাৰ পাতত মুকুতাৰ মালা গাঁথে পুৱাৰ সূৰুজৰ কিৰণত তিৰবিৰণি উঠে। শৰৎ আহিলে এজাক মৃদু চেঁচা বতাহ বলে দেহ মন জুৰ পেলাই

Read more
1 23 24 25 26 27 62