স্তৱক-হৰগোবিন্দ দাস

             (এক) স্ৰষ্টাৰ সৃষ্টিৰ কঠিয়ানীত বুৰণ, উৰণ, গজন, ভ্ৰমণ চৌপাশে চাৰিমুঠি জীৱ স্ব-গৰিমাৰে আপোন পথত সুবাসিত, বিকশিত সুকৃতি বীজ পৰিস্ফুত ব্যতিক্ৰম মাথোঁন মানৱ  সমাজত নামাঙ্কাকিত শ্ৰেষ্ঠ জীৱ ৷৷ (দুই) আত্মচিন্তন বাহুল্য ভোগ লিপ্সা অন্যায়-অনীতিৰ ধাৰক-বাহক সমাজ বেবেৰিবাঙৰ মুখ্য কাৰক শূণ্য দুহাত লৈ যাবগৈ লাগিব অচিন অজান মুলুকলৈ মানৱৰ সততে নপৰে মনত চৰম দুৰ্ভাগ্য  মানৱ জীৱৰ  আত্মহননৰ চূড়ান্ত নামান্তৰ॥ **********

Read more

আত্মা-পাৰুল ফুকন

শোৱাকোঠাৰ বিছনাখনত মালতীয়ে আজি সমস্ত ভাগৰুৱা শৰীৰটো এৰি শুই পৰিছে। এইকেইদিন ঘৰখন গৰম হৈ আছিল যদিও মালতীয়ে অলপো আজৰি পোৱা নাছিল।চাকৰি আৰু শিক্ষাৰ বাবে ঘৰৰ বাহিৰত থকা স্বামী আৰু ল’ৰা-ছোৱালীকেইটা ছুটীত ঘৰলৈ অহাৰ পোন্ধৰ দিন মানেই হ’ল। ছুটী শেষ হ’লত আজি স্বামীৰ লগতে ল’ৰা-ছোৱালী কেইটাও নিজৰ নিজৰ স্থানলৈ গ’ল।ঘৰৰ কাম কৰা ল’ৰাটোও মাকৰ অসুখ হোৱাৰ খবৰ পাই সিও নিজৰ ঘৰলৈ গ’ল। মালতী যদিও বিছনাত শুই আছে মনটো কিবা এটা ভাল লগা নাই। সকলো যোৱাৰ পাছত এনেয়ো ঘৰখনৰ পৰিৱেশ ঠাণ্ডা হয়।

Read more

দুৰ্গা পূজা…..শক্তি আৰু ভক্তিৰ মহামিলন-নন্দিতা ভাণ্ডাৰ কায়স্থ

আহিনৰ শুক্লা তিথিত বৰ ওলহ-মালহেৰে উদযাপন কৰা দুৰ্গা পূজাই হিন্দু ধৰ্মাৱলম্বী লোকৰ শিৰাই শিৰাই ভক্তি ভাৱৰ উদ্ৰেক কৰে।দুৰ্গা পূজাৰ আৰম্ভণি নদিয়াৰ ৰজা কংশনাৰায়নে কৰা বুলি বহুতো তথ্যৰ সহায়ত জনা যায়।দুষ্টক দমন তথা বিনাশ কৰি ধৰাত শান্তিৰ বন্যা বোৱাই সকলোৰে মঙ্গল কামনা কৰাটোৱেই হ’ল দুৰ্গা পূজা পালনৰ প্ৰধান উদ্দেশ্য।দুর্গাদেৱী শক্তিৰ অধিষ্ঠাত্রী দেৱীৰূপে যুগে যুগে এক শ্ৰেণীৰ ভক্তৰদ্বাৰা পূজিতা হৈ আহিছে। বর্তমান যুগত দুর্গা পূজা বংগদেশৰ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে।সেইবাবে এই পূজা বংগদেশত ব্যাপক আৰু সার্বজনীনভাৱে মহাসমাৰােহেৰে অনুষ্ঠিত হৈ আহিছে।আমাৰ ব’হাগ বিহুৰ

Read more

ৰত্নাকৰ-মানসী শৰ্মা

: তই ক’লে আমি উঠাই আনিব  পাৰোঁ।   :তাইৰ শৰীৰৰ নহয়, তাইৰ মনৰ ৰাজকুমাৰ হে হ’ব খোজোঁ।   প্ৰেম টকা-পইচা,সোণৰ আ-অলংকাৰ নহয় যে জোৰ কৰি কাৰোবাৰপৰা আদায় কৰিব পাৰি। প্ৰেম হ’ল তপস্যা।”    : তই তাৰমানে এতিয়া ‘ৰত্নাকৰ’ৰপৰা ‘বাল্মীকি’  হ’বি।   : কাৰোবাৰ কাৰণে মই বাল্মীকি হ’বলৈও প্ৰস্তুত।   *********

Read more

সোণোৱালী শৈশৱৰ কেইটামান দিন-প্ৰদীপ বৰা

মোৰ পিতৃৰ জন্মস্থান আছিল যোৰহাটৰ গৰুমৰা নামৰ গাওঁখন।দেউতাই বিয়াৰ পিছত লক্ষিমপুৰৰ ভোলাবড়ী নামৰ ঠাইলৈ উঠি গৈছিল ১৯৫৪/৫৫ চনত।তাতেই মোৰ জন্ম হৈছিল।কেঁচুৱা কালতে মোৰ সম্ভৱ ডেৰ-দুই বছৰত এটি দুৰ্ঘটনা ঘটিছিল।মায়ে ভাত ৰান্ধি দগমগীয়া পকা অঙঠাবোৰ জুহালত থৈ দিছিল।বাইদেৱে মোক কোলাত লৈ জুই ফুৱাই আছিল।পকা অঙঠাবোৰৰ তিৰবিৰণিত মই ভোলগৈ জুইলৈ জাপ দিছিলো।হালি গৈ বাইদেউৰ পিঠিৰ কিছু অংশ দগ্ধ হৈছিল আৰু মোৰ শৰীৰৰ প্ৰায় কুৰি শতাংশ দগ্ধ হৈছিল।বহু দিনলৈ মোক কলপাতত শুৱাই থৈছিল আৰু দেউতাই তেজপুৰৰপৰা শিহুৰ তেল আনি চিকিৎসা কৰিছিল।মোৰ সোঁফালৰ আঁঠুত

Read more

কুইজৰ কিছু কথা-ড০  মৃদুস্মিতা ফুকন

“আমাৰ পূজা-পাৰ্বণ বা শ্ৰাদ্ধাদিত সাধাৰণতে জাহাজী কল ব্যৱহাৰ কৰা নহয় কিয়?”—কুইজ প্ৰতিযোগিতা এখনত প্ৰশ্নকৰ্তাজনে প্ৰতিযোগীকেইজনৰ উদ্দেশ্যে এই কুইজটো নিক্ষেপ কৰিলে। _______________________________________________ ইতিমধ্যে অনুষ্ঠানটোত ভাগ লোৱা ল’ৰা-ছোৱালী কেইটাক দেখি আমি অভিভূত হৈ পৰিছিলোঁ।বিজ্ঞান-বাণিজ্য,সমাজ-সংস্কৃতি,খেল-খাদ্য যি বিষয়ৰে প্ৰশ্ন নকৰক লাগে, আটাইবোৰৰে উত্তৰ দিবলৈ তেওঁলোক সদা তত্‍পৰ।আটাইবোৰ উত্তৰেই যেন তেওঁলোকৰ জিভাৰ আগত। ইয়াকে বোধকৰো কণ্ঠত সৰস্বতীয়ে থিত লোৱা বুলি কয়।মই এই ল’ৰা-ছোৱালীকেইটাক দেখিছিলোঁ টেলিভিছনৰ পৰ্দাত—তেওঁলোকে কুইজৰ অনুষ্ঠান এটাত ভাগ লৈছিল|কিন্তু উল্লিখিত প্ৰশ্নটো শুনি সেই সপ্ৰতিভ প্ৰতিযোগী ল’ৰা-ছোৱালীকেইটাৰ মুখৰ মাত হৰিল।পৰস্পৰে পৰস্পৰৰ মুখলৈ চোৱা-চুই কৰিলে।আনকি

Read more

মহাকাশৰ ৰহস্যময়ী সেই ধুমুহাজাক-পংকজ বৰুৱা

আমি মানৱ জাতিয়ে পৃথিৱীত ধুমুহা অহা দেখিছো, মংগল গ্ৰহত ৩০০ কিঃমিঃ/ঘন্টাৰ অধিক বেগত বালিৰ ধুমুহা বলে বুলি শুনিছো,বৃহস্পতিৰ বুকুৰ সেই ৰঙা দাগো এক বিশাল ঘূৰ্ণিবতাহ যে সেই কথাও জানো। কিন্তু কেতিয়াবা শুনিছে নে অনন্ত মহাকাশত  বিশাল নহয়, বিশালৰো বিশাল প্ৰচণ্ড ধুমুহাৰ কথা?যি পলকতে  আমাৰ পৃথিৱীতো বাদেই দিয়ক,ইয়াতকৈও বিশাল আকৃতিৰ গ্ৰহকো সহজে উৰুবাই নিব পাৰে।  বৈজ্ঞানিকসকলে মহাকাশৰ বুকত আমাৰপৰা প্ৰায় ১৩০০ কোটি কিঃমিঃ দূৰত্বত এক বিশাল কৃষ্ণগহ্বৰৰ উপস্থিতি ধৰা পেলায়।মহাকাশৰ বুকুত বা তাৰকাৰাজ্যৰ কেন্দ্ৰত এনে বিশাল কৃষ্ণ গহ্বৰ আৱিষ্কাৰ কৰাটো এটা

Read more

এখন ব্যতিক্ৰমী শিশু উপন্যাস “পিউ আৰু এখন অভিনৱ পক্ষী মহোৎসৱ”-উপাসা ভাগৱতী

“পিউ আৰু এখন অভিনৱ পক্ষী মহোৎসৱ ” -নামটোৱে পটকৈ মনত সাঁচ বহুৱাই গ’ল ।এদিন স্বত্বাধিকাৰী বিজিত বৰঠাকুৰৰ ‘বুক নুক’ নামৰ কিতাপৰ প্ৰতিষ্ঠানৰ পেজটোত এগৰাকীয়ে বৰ সুন্দৰকৈ কিতাপখনৰ বিষয়ে বিশ্লেষণ কৰা চকুত পৰিছিল।এইবাৰ গুৱাহাটীৰপৰা ঘৰলৈ উভতি আহোতে নগাঁৱৰ আমোলাপট্টিত থকা  ‘বুক নুক’ত সোমাম বুলি ভাবি আহিলো।সোমাই যাওঁতেই স্বয়মে কলে… “মই কিন্তু এই কিতাপ থকা কোঠাতে বহিম।কিতাপ চাম, ইমান যে ভাল লাগিছে কিতাপবোৰ!” কিতাপৰ প্ৰতি চেষ্টা কৰিও ৰাপ আনিব নোৱাৰা ল’ৰাটোৰ উৎসাহ দেখি আচৰিত হলো।সি সমগ্ৰ কোঠাটো ঘূৰি ঘূৰি কিতাপবোৰ চাবলৈ ধৰিলে

Read more

ভুলৰ প্ৰায়চিত্ত-কুমকুম শৰ্মাবৰুৱা

পিংকি আৰু ৰিমা দুজনী নলে-গলে লগা বান্ধৱী। দুয়োজনী শ্ৰেণীত একেলগে বহে। এজনী বিদ্যালয়লৈ নাহিলেই ইজনীয়ে ঘৰ পায়েই ফোন কৰি খবৰ লয় আৰু সেইদিনা কি কি পঢ়াইছে কয়। পিংকি মাক-দেউতাকৰ একমাত্ৰ সন্তান। তাইৰ মাক-দেউতাক দুয়ো চাকৰি কৰে।তাই বিদ্যালয়লৈ বিভিন্ন ডিজাইনৰ বেগ, ৰং-পেন্সিল বাকচ, পেন্সিল, ৰবৰ ইত্যাদি আনে। তাৰোপৰি তাইৰ টিফিন বাকচ , পানীৰ বটল ইত্যাদিও বিভিন্ন ৰঙৰ। তাকে দেখি ৰিমাইও ঘৰত এইবিলাক বস্তু বেলেগ বেলেগ ৰঙৰ বিচাৰে।ৰিমাক মাক-দেউতাকে বুজায় যে প্ৰয়োজনতকৈ বেছি বস্তু লোৱা বা কিনা ভাল কথা নহয়। তোমালোকে ব্যৱহাৰ

Read more

অসমৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য  অংশ: থিয় নাম বা বীৰ নাম-ৰীণা দাস

এজন পাঠক আৰু ৫/৬ জনমান সহযোগীয়ে থিয় হৈ দলবদ্ধভাবে নৃত্যছন্দৰ মাজেৰে ঘোষা আৰু পদ তালৰ সহায়ত পৰিৱেশন কৰা ভক্তিমূলক অনুষ্ঠানটিয়েই হ’ল  ‘থিয় নাম  বা  বীৰ নাম’। নামৰ পদসমূহ ভাগৱত শাস্ত্ৰৰপৰা লোৱা হয়। ‘থিয় নাম’ বা  দৈত্য বীৰসকলে গোৱা ‘বীৰ নাম’ৰ মুখ্য পাঠক পৰম বৈষ্ণব প্ৰহ্লাদ। আমাৰ অসমত জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে পৰা ‘থিয় নাম’ বা  ”বীৰ নাম’ৰ প্ৰচলন হোৱা বুলি ধৰিব পাৰি।ধুঞাহাট বেলগুৰিত থিয় নামৰ প্ৰথম আৰম্ভণি হয় আৰু সেয়া আছিল ‘পালনাম’ৰ এটি বিশেষ মুহূৰ্তত। ধুঞাহাটত পালনামৰ লগে লগে

Read more
1 26 27 28 29 30 62