মাজুলী-শুভ বৰা শইকীয়া 

মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ।কিছুমান লোকৰ মতে মা-মানে অন্ন জুলী মানে ভঁৰাল। মাজুলী শস্যে মৎস্যে এখন উভয়নদী ঠাই বাবে ঠাইখনক মাজুলী বুলি কোৱা হয়। আকৌ আন কিছুমান লোকৰ মতে চাৰিওফালে নদীৰে আগুৰি থকা মাজৰ দ্বীপ বাবে মাজুলী বুলি কোৱা হয়। মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। মাজুলীক সত্ৰ নগৰী আৰু এটকা মহন্তৰ স্থান বুলিও কোৱা হয়। বৰ্তমান মাজুলীৰ মাটি কালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮২ বৰ্গমাইল)। ২০১৬ চনৰ ২৭জুন তাৰিখে মাজুলীক অসমৰ এখন জিলা হিচাপে স্বীকৃতি দিয়া হয়। মাজুলীত সৰু ডাঙৰ ৩৬ খন সত্ৰ আছে।তাৰে

Read more

আজি নিজকে স্বাৰ্থপৰ যেন লাগিল-গীতামণি দত্ত

নয়নাই লৰালৰিকৈ ল’ৰা-ছোৱালীহালক স্কুললৈ পঠিয়াবলৈ উথপথপ লগালে।স্কুলৰ পৰীক্ষা চলি আছে, তাই নাথাকিলে বিকাশৰ অলপ অসুবিধা হ’ব।নিজেও অফিচলৈ যাব লাগিব লগতে ল’ৰা ছোৱালীকো চাব লাগিব।উপায় নাই,পৰীক্ষা চলি থাকিলেও তাই যাবই লাগিব।এদিনৰ কাৰণেহে,পৰীক্ষা যি হয় হ’ব।কাৰণ সিহঁত দুয়োটাৰে পঢ়া শুনা চোৱা চিতা কৰাৰ দায়িত্ব সকলো তাইৰ ওপৰত।দেউতাক হিচাপে বিকাশেও দায়িত্ব ল’ব লাগে কিন্তু বিকাশে সৰু ল’ৰা-ছোৱালী পঢ়াই আমনি পায়।বিকাশে সিহঁত দুয়োটা নৱম-দশম শ্ৰেণী পালেহে পঢ়াব,এতিয়া নহয়।গতিকে তাই এই পৰীক্ষাৰ বতৰত এদিনৰ কাৰণে আঁতৰি গ’লেও সিহঁতে পৰীক্ষা কি কৰিব,সেয়া তাই জানে।তথাপি তাই যাবই

Read more

দুখ-মামণি কলিতা

দ্বিতীয় পত্নী হিচাপে ৰুবী নীলিমৰ ঘৰত প্ৰৱেশ কৰোঁতেই শাহুৱেকে তাইক সঁকিয়নি দি কৈছিল  : তুমি নাতিনী লিজাৰ মাক হিচাপে মৰম যত্নহে ল’বা; অনুশাসন কৰিবলৈ আমি আছোঁ। শাহুৱেকে কোৱাৰ দৰেই ৰুবীয়ে হৃদয়ৰ সমস্ত মৰম চেনেহেৰে লিজাৰ দায়িত্ব পালন কৰি গ’ল। কিবা বেয়া দেখিলেও একো ক’ব নোৱাৰা অন্তৰ্দ্বন্দ্বত ভুগি ধৈৰ্যৰে সময়বোৰ পাৰ কৰি গ’ল। অনুশাসনহীনতাৰ বাবেই লিজাই একো দায়িত্ব নুবুজি যেতিয়া চহৰৰে নিচাখোৰ কুন্দনলৈ পলাই গ’ল, তেতিয়া আকৌ তেওঁলোকেই ৰুবীক  ‘নিজৰ ছোৱালী নহয়তো, গতিকে মাক নহৈ অকল মাহীমাক হৈ ছোৱালীজনীক এয়াহে শিক্ষা

Read more

মাতৃতীৰ্থ-অচ্যুত কৃষ্ণ বৰদলৈ 

মাতৃতীৰ্থৰ স্নেহাতুৰ আলিংগনত মোহাচ্ছন্ন মৰমৰ আৱেশত, কুঞ্জলতা হৈ খামুচি ৰাখে সেই হৃদয় জুৰোৱা পল, প্ৰাপ্তিৰ দুৱাৰদলিত আজি অপ্ৰাপ্ত হ’ল সেই মৰমৰ জীপাল বুলনি সেই বুকুৰ উমেৰে যোৱা শান্তিৰ টোপনি।। আজিও সাজোৰে বুকুত বাজে সেই স্বৰ সেই ধ্বনি, শিয়ালী এই নাহিবি ৰাতি তোৰে কাণে কাটি লগামে বাতি। ত্যাগোত্তৰ আকাশত মমতাৰ জোনাকৰ ছায়াত আপ্লুত সেই ক্ষণবোৰৰ জুমুঠি জুকিয়াই নিতৌ বান্ধো থোৰালি থোৰালি, সেই অকৃত্ৰিম ভালপোৱাবোৰৰ আজি মানুহে উঠি যায় স্মৃতিপুষ্প সামৰো হাৱলি বাউলি।। বেলিফোঁটৰ কপালত কেঁচা নামৰ শৃংগাৰ ভাগৰিলেও নাভাগৰা সেই ঐশ্বৰিক

Read more

শক্তিতত্ত্ব আৰু অসমত ইয়াৰ ক্ৰমবিকাশ-বৰষা ডেকা

শক্তি উপাসনাৰ দেশ ভাৰতবৰ্ষ। ভাৰতৰ উত্তৰ-পূব অঞ্চল অসম (প্ৰাচীন নাম কামৰূপ) শক্তি পূজাৰ কেন্দ্ৰস্থল। অসমৰ গুৱাহাটীত অৱস্থিত নীলাচলৰ কামাখ্যা মন্দিৰ শক্তি উপাসনাৰ কেন্দ্ৰবিন্দু। এই শক্তি পূজাৰ মূল উৎস ক’ত? মহেঞ্জদাৰোত আৱিষ্কৃত বিভিন্ন নাৰীমূৰ্তি লক্ষ্য কৰিলে শক্তিৰ উৎপত্তি তথা ধাৰণা পূৰ্ব বৈদিক বুলি অনুমান হয়। কিন্তু পণ্ডিত সমাজে এই কথা মানি নলৈ শক্তিৰ উৎপত্তি সম্বন্ধে বহু মত পোষণ কৰিছে। ১. কিছুমানৰ মতে Fertility theory-য়েই শক্তি ধৰ্মৰ উৎপত্তিৰ মূল কাৰণ। তেওঁলোকৰ মতে পৃথিৱীখন মাতৃ; ইয়াৰ লগতে কৃষি কাযৰ্কো জড়িত কৰিছে। ২. মাতৃ

Read more

সময়বোৰ ভবাৰ দৰে-তুলুমনি শইকীয়া

সময়বোৰ ভবাৰ দৰে  হয় জানো এনেকুৱা সুখ সন্তুষ্টিৰে ভৰা এটি ধুনীয়া নিপোটল‌‌ জোনাক নিশা সময়বোৰ ভবাৰ দৰে হয় জানো চঞ্চলা গাভৰুজনী ফেনে ফুটুকাৰে বাঢ়ি বাৰী ঘৰ একে কৰি উটুৱাই নিবহি পদূলিৰ মুখৰ বোকা সময়বোৰ ভবাৰ দৰে হয় জানো পলসুৱা সিঁচি দিলেই ওলাব গজালি ডাল ভৰি ভৰি লাগিব গুটি সময়বোৰ ভবাৰ দৰে কেতিয়াবা ৰ’ব জানো থমকি বেলি হ’ল আবেলি সপোন হেঁচুকি দি মাথোঁ সকিয়নি। **********

Read more

এই সময়, সেই সময়-কমলা দাস

নন্দিনীয়ে আজিও যেনেতেনেকৈহে বাছখন ধৰিব পাৰিলে।যাবলৈ সময় হোৱাৰ পাচতো বাছখনে ষ্টাৰ্ট দি অলপ অগাপিচা  কৰাৰ ছেগতে বাট চাইছিল কোনোবা যাবলগীয়া চিনাকি মানুহ আহিবলৈ ৰৈ গ’ল নেকি!সেই খিনি সময়তে আহি পোৱা নন্দিনীয়ে গিৰীয়েকৰ বাইকৰ পৰাই হাতখন জোকাৰি গাড়ীখন ৰ’বলৈ ইঙ্গিত দিলে। বাইকৰপৰা নামি লৰালৰিকৈ বাছত উঠি চিট এটা লৈ বহিহে ৰক্ষা।খিড়িকীৰে হাতখন উলিয়াই তেতিয়াও ৰৈ থকা নীৰোজক অৰ্থাৎ গিৰীয়েকক বাই দি ঘৰলৈ যাবলৈ ইঙ্গিত দিলে।তেওঁ নন্দিনীৰ ইঙ্গিত বুজি মূৰটো দুপিয়াই  বাইকখন ঘূৰাই  গুচি গ’ল।  নীৰোজ যোৱাৰ পাছত নন্দিনীয়ে মূৰটো ঘূৰাই ইফালে-সিফালে

Read more

কপালৰ ফেৰ-মৃদুস্মিতা ফুকন

কমলৰ ঘৰ ধনতোলা গাঁৱত৷ চহৰৰপৰা দূৰৈৰ এই আওহতীয়া গাঁওখনলৈ যাবলৈ যাতায়তৰ কোনো সুচল ব্যৱস্থা নাই৷ অথচ সামান্য বজাৰ-সমাৰ অলপ কৰিবৰ বাবেও চহৰলৈ নগ’লেই নহয়৷  এদিনাখন কমলক লৈ তাৰ দেউতাক চহৰৰ বজাৰলৈ বুলি ওলাল৷দুখীয়া দেউতাকজনে ভাবিলে, বিহু বুলি মাউৰা কমললৈ নতুন কাপোৰ এসাজকে কিনিব৷ তাতে কমলৰ কি যে ফূৰ্তি!পাছে কথাতে কয় নহয়, বোলে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷কমলৰো সেয়েই হ’ল৷ সেই নতুন কাপোৰসাজ সি পিন্ধিবলৈকে নাপালে৷সেইদিনা চহৰৰপৰা ঘূৰি আহোঁতেই কমলহঁতৰ বাছখন দুৰ্ঘটনাত পতিত হ’ল আৰু কমলৰ দেউতাকে থিতাতে

Read more

সময়ৰ আহ্বান-আৰেচা বেগম

তোমাৰ শৰীৰত লম্ভিছে কি, উতলা সাগৰৰ ঢৌ নে, সীমাহীন অক্ষয় সাগৰ খটাসুৰ সময়ৰ আহ্বান নে, নিজাকৈ দিয়া     বিষপান। পুৱাৰ আকাশত সূৰ্য্য উঠিবনে, এজাক চিপচিপিয়া বৰষুণ শীতৰ স্পৰ্শ থাকিবনে,ৰ’দৰ। মোৰ চেতনাক,অৱচেতনালৈ ৰূপান্তৰ কৰিব বিচাৰিলেও চালি জাৰি চোৱা তোমাৰ ভাৱনাবোৰ। ক’লা সূৰ্য্য, ক’লা সাপৰ সৃষ্টি নকৰিবা ই যে ঘৃণনীয় পাপ। উৰি যোৱা চৰাই জাকক সোধা, সিহঁতেও বিচাৰিব জানে পথৰ সন্ধান, উৰিব জানে সিহঁতে হাঁহি,হাঁহি ডেউকা ভাঙি। মোৰ চেতনাক সাৰ পোৱাই চিঞৰি, চিঞৰি ক’ম নতুনত্বৰ কঁপনিৰে, নতুনত্বৰ আশাৰে— নালাগে আমাক খটাসুৰ সময়। **********

Read more

সংখ্যাটোৰ আঁৰৰ কথা

“নমস্কাৰ বাইদেউ, অহা সংখ্যাৰ ই-আলোচনীখন আপোনাক সম্পাদনা কৰিবলৈ অনুৰোধ জনালোঁ৷ সবিশেষ কথা পাতিম৷ প্ৰথমতে অনুৰোধ জনাই ল’লোঁ – এতিয়া দাবী জনালোঁ দেই৷ সন্মতি দিয়ক৷ – সোনকালে নিশ্চিতি লাগে৷’’ এনেকৈয়ে যোৱা ২৬ এপ্ৰিল তাৰিখে বায়েকৰ ওচৰত দাবী কৰিলে ‘শব্দচিত্ৰ’ৰ মুখ্য প্ৰশাসক শ্ৰীঅৰবিন্দ গোস্বামীয়ে৷ ছপা মাধ্যমৰ আলোচনী এখন সম্পাদনা কৰাৰ কথা সুকীয়া; কিন্তু ই-আলোচনী সম্পাদনা কৰাৰ কোনো অভিজ্ঞতা তথা কাৰিকৰী জ্ঞান মোৰ নাই৷ সেই অজুহাততে গোস্বামীৰ দাবী নাকচ কৰাৰ চেলু উলিয়াওতে চতুৰ গোস্বামীয়ে ভেটা দিলেই – “কাৰিকৰী জ্ঞানৰ প্ৰয়োজন নাই৷ সেই ক্ষেত্ৰৰ

Read more
1 27 28 29 30 31 62