অসমীয়া ভাষা: নৱ প্ৰজন্ম আৰু অংগুলীয় মাধ্যম (চমু আলোকন) -হৰগোবিন্দ দাস

সাম্প্ৰতিক কালত সময়ে – সময়ে সভা- সমিতি,দূৰদৰ্শনৰ আলোচনা, বাতৰি কাকত, আলোচনী ,বিজ্ঞলোকৰ আলোচনা আদিত অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে ভিন্ন জনে, ভিন্ন মত প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷এচাম বিজ্ঞলোকে বৰ্তমানৰ পৰিৱেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে নেতিবাচক মন্তব্য কৰা দৃষ্টিগোচৰ হয় ৷ আন এচামে আকৌ অত্যুৎসাহী  মনোভাৱেৰে অসমীয়া ভাষা পৃথিৱীৰ বুকুৰ পৰা কেতিয়াও হেৰাই যাব নোৱাৰে বুলি মত প্ৰকাশ কৰা শুনা যায় ৷ উল্লিখিত বিজ্ঞলোকসকলৰ চিন্তা-চেতনাৰ প্ৰতি সন্মান জনায়ো আমাৰ ব্যক্তিগত অনুভৱ কিঞ্চিত অৱলোকন কৰাৰ প্ৰয়াসেই এই লিখনিৰ

Read more

সেউজগৃহ (Greenhouse)-কুমকুম দেৱী শৰ্মাবৰুৱা

‘ৰীমা বা আজি তুমি মোক সেউজগৃহৰ কথা ক’ব লাগিব। মই কিতাপ লৈয়েই আহিছোঁ।’ ‘ ৰ’বা, কিবা এটা খাই লওঁ প্ৰথমতে।’ ‘কি ৰান্ধিছা। বৰ ধুনীয়া গোন্ধাইছে।’ ‘পায়স অকণমান ৰান্ধিছোঁ অ’। হ’বই এতিয়া গোঁসানী।’ ‘মই লৰাই থাকোঁ দিয়া।তুমি বেলেগ কাম কৰা।’ ‘হোৱা যেন দেখিলে এই ইলাচি গুড়িকণ দি দিবা দেই।’ ‘বাৰু, জেঠাই নামঘৰলৈ গ’ল নহয়নে, ৰীমা বা? ‘ ‘ হয় অ’ আইজনী, কিমান নো ঘৰৰ কামকে কৰি থাকিব।’ ‘ হয়তো, মই আজি নামঘৰৰ গছকেইজোপাৰপৰা বুটলি বহুত বকুলফুল আনিলোঁ ৰীমা বা।’ ‘ অকলে

Read more

অধঃপতিত যুৱসমাজ আৰু অভিভাৱকৰ কৰ্তব্য-ইলি তালুকদাৰ

মানৱ সম্পদ সকলো সম্পদতকৈ শ্ৰেষ্ঠ সম্পদ। যুৱশক্তি এই সম্পদৰে এক গুৰুত্বপূৰ্ণ অংশীদাৰ। এখন দেশৰ সামগ্ৰিক উন্নয়নৰ মূল চালিকাশক্তিয়েই হৈছে যুৱ সমাজ। সম্প্ৰতি  যেন এই শক্তিৰ অৱক্ষয় হ’বলৈ লৈছে। যুৱ সমাজক কেন্দ্ৰ কৰি দেখা দিয়া উচ্ছৃংখলতাই সম্প্ৰতি এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইয়ে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বিপৰীতে এক অন্ধকাৰ ভৱিষ্যতৰ ছবি এখনহে দাঙি ধৰিছে। আজি কিছুবছৰ আগলৈ  অসম এখন শান্তিপূৰ্ণ অতিথিপৰায়ণ ৰাজ্য হিচাপে বিখ্যাত আছিল । অতিথিপৰায়ণতাৰ যেন সুযোগ ল’লে বিদেশী নাগৰিকে। সমস্যাৰে জৰ্জৰিত সমাজখনত এটা সমস্যাৰো  যেন সমাধান নহ’ব ।

Read more

 শান্তনু কৌশিক বৰুৱাৰ সৈতে সাক্ষাৎকাৰ

শান্তনু কৌশিক বৰুৱা অসমীয়া সাহিত্য আৰু সংবাদ তথা তথ্যৰ জগতৰ এটি পৰিচিত নাম।১৯৮৬ চনত “নতুন অসম বিলাসিনী” সংবাদপত্ৰৰ সহ-সম্পাদক হিচাপে সাংবাদিকতা জীৱন আৰম্ভ কৰা বৰুৱাদেৱ অসমৰ সৰ্বকালৰ প্ৰখ্যাত শিশু আলোচনী “মৌচাক”ৰ সৈতে ছবছৰ কাল জড়িত আছিল।কেইবাখনো মূল্যবান গ্ৰন্থৰে তেখেতে ইতিমধ্যে অসমীয়া তথ্য – সাহিত্যৰ জগতলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। “শব্দচিত্ৰ—জীৱন জিজ্ঞাসা”  ই-আলোচনীখনৰ দ্বিতীয় বৰ্ষৰ তৃতীয় সংখ্যাৰ বাবে শান্তনু কৌশিক বৰুৱাৰ এই সাক্ষাৎকাৰটি যুগুতালে ‘শব্দচিত্ৰ’ৰ গ্ৰুপ এডমিন সমীৰণ শৰ্মাই।   শৰ্মা : নমস্কাৰ দাদা।আপোনাৰ মনত পৰাত আপোনাৰ বিদ্যাৰম্ভ কেনেকৈ হৈছিল? সেইক্ষেত্ৰত পিতৃ-মাতৃ

Read more

দৃষ্টিভংগী -অনসূয়া বৰঠাকুৰ

তেওঁ ভুলবোৰক হুলৰ সৈতে ৰিজালে আৰু…….. ওৰেটো জীৱন বিষাদপান কৰি থাকিল !! মই ভুলবোৰ গচকি মোহাৰি মাটিত সিঁচি দিলোঁ, এদিন তাৰপৰাই এপাহ ফুল ফুলিল ।। আৰু…. ওৰে ৰাতি ফুলপাহে গুণগুণাই থাকিল… “হাতো নেমেলিবি মোকো নিচিঙিবি ক’ৰে অচিনাকি ঐ ?? আইদেউৰে চকুতে ব্যৰ্থতাৰ পোতাশাল, দুকোণত দুখৰে নৈ, মই আহি বাগিছাত সুখ হৈ ফুলিলোঁ, নজৰ নলগাবি তই !!” ******

Read more

যদি মই তুমি হলোহেঁতেন ! -চিত্ৰলেখা দেৱী

(প্ৰখ্যাত ইংৰাজ সাহিত্যিক তথা প্ৰশাসক Douglas James ৰ ইংৰাজী নাটক If I Were You ৰ অসমীয়ালৈ ভাবানুবাদ) মঞ্চসজ্জা : এটা সৰু কোঠাৰ ভিতৰৰ দৃশ্য — সোঁফালে প্ৰৱেশ পথ থাকিব (পৰ্দাও থাকিব পাৰে)। বাওঁফালে থকা প্ৰৱেশ পথত এখন দুৱাৰ থাকিব লাগিব। আচবাববোৰ সাধাৰণ — বাওঁফালে এখন সৰু টেবুল,এখন বা দুখন চকী আৰু সোঁফালে পিছফাললৈ এখন বিছনা। টেবুলৰ ওপৰত এটা টেলিফোন থাকিব। (মঞ্চৰ পৰ্দা আঁতৰি যোৱাত জেৰাৰ্দে টেলিফোনত কথা পাতি থকা দেখা যাব। তেওঁ এজন মধ্যমীয়া উচ্চতাৰ লোক, শিং থকা চছ্ মা

Read more

মহান বিপ্লৱী—-ফিডেল কাষ্ট্ৰো-কুঞ্জ খাউণ্ড

কিউবাৰ ৰাষ্ট্ৰনায়ক,গেৰিলা যোদ্ধা, মহান বিপ্লৱী প্ৰয়াত ফিডেল কাষ্ট্ৰোৰ জীৱনৰ ওপৰত এটি চমু আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ। ফিডেল কাষ্ট্ৰোৰ পিতৃ মাতৃ আছিল স্পেনিছ আমেৰিকান মূলৰ।১৯২৬ চনৰ ১৩আগষ্টত কিউবাৰ ব্ৰিয়ানৰ এখন কুঁহিয়াৰ ফাৰ্মৰ স্বত্বাধিকাৰী এই পৰিয়ালটোত জন্ম হৈছিল  ফিডেল কাষ্ট্ৰোৰ ।নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব বিচৰা আৰু নিজেও শিক্ষিত পিতৃ মাতৃয়ে ফিডেলক Jessuit Boarding School ত নাম লগাই দিছিল।ইয়াৰ পিছলৈ কেইবাখনো স্কুল বাগৰি তেওঁ হাভানাৰ E.L.Collegio debean নামৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰে।পঢ়া – শুনাত মধ‍্যমীয়া ফিডেলে শিক্ষানুষ্ঠানৰ কঠোৰ নীতি নিয়ম অলপো

Read more

নীৰৱ ঘাতক(ৰহস্য উপন্যাসিকা)-অৰবিন্দ গোস্বামী

                                                          (১) : তোমাৰ নাম? : আইমী….আইমী পায়েং। : মোৰ নাম বকুল…বকুল গগৈ। : জানো,অকণিয়ে কৈছে মোক। কিছু সময় নিস্তব্ধতা।মনৰ ভিতৰত যেন বহু কিবাকিবি শব্দই খুন্দা মাৰিছেহি কিন্তু মুখেৰেহে একো কথা ওলাই অহা নাই।সেই নিস্তব্ধতা ভাঙি বকুলেই মাত লগালে…. : এতিয়া আমি কিয় আহিছো গম পাইছানে? : পাইছোঁ। : তোমাৰ কিবা আপত্তি?

Read more

গ্ৰন্থৰ নাম: সূৰুযমুখীৰ স্বপ্ন,লেখক: চৈয়দ আব্দুল মালিক-মামণি কলিতা

অধ্যাপক মহেন্দ্ৰ বৰাৰ ভাষাত চৈয়দ আব্দুল মালিকৰ  ‘সূৰুযমুখীৰ স্বপ্ন’ অসমীয়া উপন্যাসৰ বুৰঞ্জীত এটা  মাইলৰ খুটি। আধুনিক অসমীয়া সাহিত্যৰ  অপ্ৰতিদ্বন্দ্বী নায়ক চৈয়দ আব্দুল মালিকে গল্প, কবিতা, নাটক, প্ৰবন্ধ, উপন্যাস আদিকে ধৰি সাহিত্যৰ আটাইবোৰ দিশলৈ বলিষ্ঠ অৱদান আগবঢ়াই থৈ গৈছে৷ অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ চৈয়দ আব্দুল মালিকৰ সাহিত্য সৃষ্টিৰ পৰিধি বহুব্যাপ্ত৷ তেওঁ ৬৮ খন উপন্যাস, ২৩ খন গল্প সংকলন, ৬ খন নাটক, ১০ খন ৰেডিঅ’ নাটক, ৫ খন সংগীতালেখ্য, ৫ খন কবিতাপুথি, ৩ খন ভ্ৰমণ কাহিনী, ১৪ খন অনুবাদ গ্ৰন্থ, ৮

Read more

বকুল জোপাৰ অপমৃত্যুত-লিলি বৰদলৈ

বহু দিন বকুলৰ মালা গঁথা নাই , বহুদিন বকুলৰ গোন্ধ পোৱা নাই…….. পুৱা ৰেডিঅ’টোত বাজি আছে শ্ৰদ্ধাৰ বীৰেন্দ্ৰ নাথ দত্তদেৱৰ বকুল জুপিক লৈ গোৱা গীতটি।ময়ো গুণগুণাই কাপোৰ এখন লৈ ধূলি মচি আছোঁ বাৰান্দাৰ চকী কেইখনৰ। ঘপ-ঘপ শব্দত ছন্দ পতন ঘটিল ৰেডিঅ’ৰ গীতৰ,লগতে মোৰ গুণ গুণনিৰো।চকু গ’ল শব্দৰ দিশে।এৰা,আজি যে গছজোপাৰ অন্তিমযাত্ৰা! বকুলজোপাক লৈ কিমান যে সপোন….! কপৌ চৰাইহালৰ,ডাউক কেইটাৰ,বুলবুলি কেইটাৰ আৰু লগতে মোৰো। পিছে সপোন সপোন হৈয়েই ৰ’ল। হয়,বকুলজোপাক লৈ সপোনে পোখা মেলিছিল আজিৰ পৰা বিশ বছৰৰ আগতেই। সেইদিনা পাঁচ

Read more
1 28 29 30 31 32 62