আউল জীৱনৰ-ৰিমঝিম বৰঠাকুৰ

খবৰটো পাই অনামিকা কথমপি নপৰাকৈ থাকিল। কি শুনিছে এয়া তাই! কোনোপধ্যেই তাই নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে। হুকহুকাই কান্দি উঠা অনামিকাৰ কান্দোন পিছলৈ উচুপনিলৈ ৰূপান্তৰিত হ’ল। তেনেদৰে তাই কিমান সময় কান্দি থাকিল গম নাপায়। বাহিৰত কোনোবাই কলিং বেল টিপাৰ শব্দতহে অনামিকাৰ সম্বিত ঘূৰি আহিল। হাততে থকা ম’বাইলটোত সময় চাই দেখিলে মানস আৰু ৰিহা ঘূৰি অহাৰ সময় এয়া। অনামিকাই লৰালৰিকৈ বাথৰূমটোলৈ দৌৰি গৈ বেচিনত নিজৰ মুখখন ধুই বেচিনৰ কাষতে আঁৰি থোৱা টাৱেলখনৰেই মুখখন মুচি বাথৰূমৰপৰা ওলাই আহিবৰ সময়তে আকৌ কলিং বেলটো

Read more

ডিজিটেল পৃথিৱীত সাহিত্য চৰ্চা…ই-আলোচনীৰ কথাৰে-ড০ মৃদুস্মিতা ফুকন

সৃষ্টিশীল সাহিত্যৰ চৰ্চা কৰোঁতাসকলে তেওঁলোকৰ সৃষ্টি উপযুক্ত বুলি ভাবিলে সাধাৰণতে তাক আন দহজনৰ জ্ঞাতাৰ্থে প্ৰকাশৰ ইচ্ছা কৰে৷ এই সৃষ্টিশীল সাহিত্যবোৰ প্ৰকাশৰ প্ৰথম মাধ্যম হ’ল ছপা মাধ্যম৷ সেয়া সংবাদপত্ৰ বা আলোচনীও হ’ব পাৰে বা কিতাপো হ’ব পাৰে৷ সাধাৰণতে এনে অধিক সংখ্যকে সংবাদপত্ৰ বা আলোচনীকে সাৰথি কৰি লয়৷ অৱশ্যে এটা সময়ত সংবাদপত্ৰ বা আলোচনীৰ সংখ্যা তাকৰ হোৱা বাবে, স্বাভাৱিকতে সৃষ্টিশীল লেখকসকলৰ বাবে ছপা কিতাপেই আছিল তেওঁলোকৰ সৃষ্টি প্ৰকাশৰ প্ৰধান বিকল্প৷ অসম আৰু অসমীয়া ভাষাৰ প্ৰেক্ষাপটত দেখা যায়, ‘অসম আন্দোলন’ৰ সময়ৰেপৰা অসমত সংবাদপত্ৰৰ

Read more

ককা দেউতা নাতি আৰু হাতী-অৰবিন্দ গোস্বামী

ল’ৰালিৰ দিনবোৰত অসমীয়া ছবিৰ প্ৰতি অত্যন্ত দুৰ্বলতা আছিল।সেই সময়ত দেউতাৰ স্কুলৰ হোষ্টেলৰ ল’ৰাবোৰৰ সৈতে,দেউতা আৰু মাৰ স্কুলত কাম কৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দুজনৰ সৈতে হলত নতুন অসমীয়া বোলছবি আহিলেই দেউতাৰপৰা অনুমতি লৈ চোৱাটো আমাৰ অন্যতম চখ আছিল।তেনে কোনোবা এটা দিনতেই লক্ষীমপুৰত তেতিয়াৰ সূৰ্য চিনেমা হলত—– “ককা দেউতা নাতি আৰু হাতী”——নামৰ অসমীয়া চিনেমাখন চাইছিলোগৈ।প্ৰথম এইখন বোলছবি চাই তেতিয়া  কি বুজি পাইছিলো নাজানো।কিন্তু হাইস্কুলত পঢ়াৰ দিনত টেলিভিশ্যনত যেতিয়া এই বোলছবিখন চাওঁ, তেতিয়াহে এই বোলছবিখন মোৰ প্ৰিয় বোলছবিসমূহৰ শাৰীলৈ উন্নীত হয়। ককা  দেউতা

Read more

দানৰ ইটো সিটো বহুতো কথা-উপাসা ভাগৱতী

‘দান” শব্দৰ আভিধানিক অর্থ হ‘ল নিজৰ স্বত্ব ত্যাগ কৰি আনক দিয়া কাৰ্য্য ৷ একে আষাৰে কবলৈ গলে সহায় কৰা৷ দানত  দাতব্য মানবিক সার্হায্য অৰ্থ্যাৎ দিব লগা,দিবৰ যোগ্য,বিনামূল্যে দান বা কোনো কাৰণে কাৰোবাৰ উপকাৰৰ বাবে দিয়া উপহাৰো এই দানৰ অন্তর্গত হব পাৰে ৷ দানৰ ভিতৰত অর্থ সার্হায্য,ভাত্তা ,সেৱা বা পোছাক ,খেলনা, খাদ্য বা যানবাহন ইত্যাদি পণ্যসহ বিভিন্ন বিষয় যুক্ত হৈ থাকিব পাৰে।দানৰ মাধ্যমেৰে চিকিৎসাৰ চাহিদা পূৰণ হ’ব পাৰে ,তেনেদৰেই ৰক্তদান বা অঙ্গদান কৰাও এটা মহৎ দান হৈ পৰিব পাৰে ৷ দান

Read more

হুঁচৰি-মানসী শৰ্মা

“কোনেনো মেল বহুৱালে হয়নে নামঘৰীয়া? তুমি যে বিশেষ দবাৰ চেওটো মাৰিব লগা হল।” “ৰাইজ, এই অধমক ক্ষমা কৰিব।  গাঁওখনৰ এজন এঘৰলৈ নাযায়, সিজন সিঘৰলৈ নাযায় এইবোৰ খামখেয়ালিতে গাৱঁৰ হুঁচৰি ভাগ বহুবছৰ গোৱাই হোৱা নাই। এইবাৰ নামঘৰৰ আগতে বা খেলপথাৰতে হওক  আকৌ গোৱা হওক।” “কথাটো তই বেয়া কোৱা নাই। কিন্তু দুদিন থাকোঁতে তোৰ ঘপককৈ মনত পৰিল যে?” “দাইটি, মোৰ বাহিৰত থকা ছোৱালীজনীৰ নাতিহাল গাৱঁৰ বিহু চাবলৈ আহিব হেনো। মইনো গাৱঁত বিহু নহয় বুলি কেনেকৈ কওঁ। কিবা আপত্তি আছে নেকি ৰাইজ?” “তেন্তে

Read more

মন্দিৰ পেগোডাৰে ভৰা বেঙ্ককত তিনি ৰাতি-ৰঞ্জনা দত্ত

কেতিয়াবা কিছুমান ঠাইলৈ নভবাকৈয়ে যোৱা হয়, আকৌ কিছুমান ঠাইলৈ যাম যাম বুলি ভাবি থাকিলেও যোৱা নহয়গৈ। ওচৰৰে হাফলং, অৰুণাচলৰ দুখনমান ঠাই, মণিপুৰ , মিজোৰাম আদিলৈ যাম যাম বুলি ভাবি থাকোঁতেই গৈছে। সকলো ঠিক কৰি শেষত কিবা কিবি কাৰণে যোৱাটো নহয়গৈ। বেঙ্ককলৈ যোৱাৰ কথা আকৌ আগতে বিশেষ ভবাই নাছিলোঁ।ছোৱালী তেতিয়া ভেঙ্কুভাৰত থাকে। তায়েই একেলগে ফুৰিবলৈ যোৱাৰ প্ৰস্তাৱটো দিলে। দুয়োখন ঠাইৰে মাজৰ ঠাই এখন হ’লে আমাৰ লগতে তাইৰো সুবিধা হ’ব। সময়টো আছিল জুলাই মাহ। মাজৰ ঠাই হিচাপে থাইলেণ্ড, ভিয়েটনাম আদি বেছিভাগ ঠাইতে

Read more

কৰ্মৰ যোগেদি সমাজত সাম্যবাদৰ পৰিচয় দিয়া মানুহজন-ৰিম্পী ৰয়, ৰাইজিং ষ্টাৰ স্কুল,গুৱাহাটী,অষ্টম শ্ৰেণী

শব্দবোৰৰ মাজত মানুহে কোৱা কথাবোৰ উজলি উঠে আৰু সেই কথাবোৰেই কণ্ঠ নিগৰিত হৈ এজনৰপৰা আন দহজনলৈ বিয়পি পৰে। বিয়পি অহা কথা আৰু কামৰ মাজত যেতিয়া সামঞ্জস্য থাকে কথাবোৰ চিৰকাললৈ মানুহৰ মুখে মুখে চলি থাকে। কাৰণ আমি সকলোৱে জানো যে, উপদেশতকৈ আৰ্হি ভাল। কেৱল উপদেশেৰে নহয়, আৰ্হিৰে কৰ্ম প্ৰেৰণা যোগোৱা লোকজনেই হ’ল বিপ্লৱী সত্তা বিষ্ণু ৰাভাদেৱ। পিতৃ গোপাল ৰাভাৰ ঔৰসত আৰু মাতৃ গেঠীৱালা ৰাভাৰ গৰ্ভত এইগৰাকী মহান ব্যক্তিৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ অন্তৰ্গত ঢাকা চহৰত। তেখেতে ঢাকা

Read more

প্ৰদূষণৰ  প্ৰত্যাহ্বান আৰু ইয়াৰ বিকল্প-চন্দামিতা শৰ্মা

প্ৰকৃতি হৈছে মানুহৰ প্ৰাণস্পন্দন – যি সঞ্জীৱনী  সুধা হৈ জীৱনক গতিশীল কৰি ৰাখিছে। ধৰিত্ৰীয়ে শিকাই  মানুহক জীয়াই থকাৰ   অমোঘ মন্ত্ৰ।পাহাৰ-পৰ্বত, নৈ-জান-বিল -নিজৰা আদিয়ে যি অনুপম নৈসৰ্গিক পৰিৱেশ ৰচনা কৰে তাৰ মাজতে আচলতে আমি   বিচাৰি পাব লাগিছিল জীৱনৰ অৰ্থ, জীয়াই থকাৰ মন্ত্ৰ। কিন্তু বাস্তৱক্ষেত্ৰত  এই মাতৃস্বৰূপা ধৰিত্ৰীৰ  ওপৰত  পদে পদে কৰি আহিছে অমানুষিক অত্যাচাৰ, সততে জীৱশ্ৰেষ্ঠ(?) বুলি  অহংকাৰ কৰা মানুহ নামৰ  প্ৰজাতিটোৱে ।অবৰ্ণনীয় ক্ষতিসাধনৰ ফলত বিনষ্ট হৈছে পৰিবেশ,  বিনষ্ট হৈছে প্ৰকৃতি। মানৱজাতিয়ে যান্ত্ৰিকতাৰ যি প্ৰতিযোগিতা পাতিছে, সেই প্ৰতিযোগিতাৰ ধামখুমীয়াত সেউজী ধৰণী

Read more

ভোমোৰা আৰু মৌমাখি-মানসী শৰ্মা

এটি দুটি কলিবোৰ  মেলিলে পাহি, মোৰো মন আনন্দতে উঠিলে নাচি। ফুল দেখি ভোমোৰাটি আহিল কাষ চাপি, মৌ অকণ পিউ বুলি থাপতে  আজি। তাকে দেখি পখিলাটিও আহিল কাষ  চাপি, মোলৈও অকন থবা দেই ককাইটি। চিন্তা তুমি নকৰিবা পখিলা ভনীটি, দুয়ো মিলি ভগাই খাম মৌ অকণি। ভগাই খালে আটি যায় জানানে কথাটি , বিজ্ঞজনে তাকে কয় নাপাহৰিবা তুমি। খং-ৰাগ এইবোৰ মানুহৰহে কাম, আমি অতি শান্তি প্ৰিয় নাই  জঞ্জাল। ভাইটি মৌমাখিটিক দেখিছিলানে তুমি, মৌ অকণ বিচাৰিয়েই বহুদূৰ যায় সি। আজিলৈ ইমানতে  বিদায় মাগিলোঁ

Read more
1 29 30 31 32 33 62