মুগা দ্য -গ’ল্ডেন থ্ৰেড” : সংকট আৰু সম্ভাৱনা:  (এক অৱলোকণ)-উপাসা ভাগৱতী

‘মুগা’ শব্দটোৱে অসমখনক প্ৰতিনিধিত্ব কৰে।সেই মুগাৰ  সোণোৱালী সূতাৰ অতীতৰ ইতিহাসৰপৰা ভৱিষ্যতলৈ সংকট আৰু সম্ভাৱনাৰ দৃষ্টিৰে অসমৰ গাঁৱৰ ৰাইজে কৰি থকা মুগা শিল্পৰ পুঙ্খানুপুঙ্খ এক তথ্যসম্বলিত দস্তাবেজ হৈছে ‘মুগা দ্য গোল্ডেন থ্ৰেড অফ আসাম’। লেখিকা ডঃ তুলিকা বৰুৱা খেৰাজখাত মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা।এইখন তেওঁৰ চতুৰ্থ গ্ৰন্থ। অসমীয়াৰ জীৱনৰ লগত অংগাংগীৰূপে সাঙোৰ খাই থকা মুগাক মূল উপজীব্যৰূপে লৈ ইয়াৰ গৌৰৱোজ্জ্বল ইতিহাসৰপৰা বৰ্তমানলৈকে, বিশ্ব বাণিজ্যত ইয়াৰ গুৰুত্ব আৰু প্ৰসাৰৰ  সকলো দিশ সামৰি লিখা ই এখন উল্লেখযোগ্য গ্ৰন্থ।লেখিকাই জন্মলগ্নৰেপৰা ঢকুৱাখানাৰ নিজ গৃহৰ লগতে সমগ্ৰ

Read more

লেখক–আহসান হাবীব,এগৰাকী নাৰীবাদীৰ গল্প: ভাবানুবাদ–অঞ্জু মহন্ত

চোলেমান চাহাবে সাধাৰণতে অফিচৰপৰা উভতি আহে চাৰে পাঁচটাত। আজি পাঁচটা পঞ্চল্লিচত ঘৰৰ দুৱাৰ-ডলিত ভৰি থোৱাৰ লগে লগেই চিঞৰি উঠিল তেওঁৰ প্ৰিয়তমা ইস্ত্ৰি (আচলতে স্ত্ৰী, কিন্তু তেওঁ ইমানেই  কঠোৰ, ইমানেই কঠোৰ… যে স্ত্ৰী বুলি নকৈ ইস্ত্ৰি বুলি ক’লেহে ঠিক হ’ব) “ইমান পলম কিয় হ’ল? আজি যে মোৰ মিটিং আছে নাজানা নেকি?” “মানে অট’ৰিক্সা পোৱা নাছিলোঁ”…..মিনমিনকৈ ক’লে চোলেমান চাহাবে। “অট’ৰিক্সা পোৱা নাই, বাছত আহিব নোৱাৰা… বাছবোৰ নোহোৱা হ’ল নেকি?… যোৱা তৎক্ষণাৎ মোক চাহ একাপ দি,মণ্টুক কোচিঙৰপৰা আনিবলৈ যোৱা।” চোলেমান চাহাবে অফিচৰ ফাইল-পত্ৰ

Read more

প্ৰাপ্তি -জয়ন্ত গগৈ

নিজৰা বৌৱে প্ৰায়ে… “ঐ মৌচুমী, তোমাক আমাৰ ঘৰৰ বোৱাৰী হিচাপে পাবলৈ বৰ মন যায় অ’ “….. বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত ময়ো….”সময়ত হে দেখিম দেই বৌ”…. বুলি কৈ দুয়োজনীয়ে হাঁহি ধেমালিবোৰ কৰি থাকোঁ । ভালো লাগে মনে-মিলা কাৰোবাৰ সতে হাঁহি ধেমালিৰ মাজেৰে দিনৰ সময়কণত কথা বতৰাত বিলীন হৈ থাকিবলৈ । মনটো ফৰকাল লাগে।সেইদিনা ক্লাছটো শেষ কৰি নিজৰা বৌ কমনৰূমত সোমায়েই মোক কিবা অফ্ মুডত বহি থকা দেখি মোৰ কাষতে বহি….”ঐ ছোৱালী কি হ’ল?আজি মুড অফ্ নেকি?”… বুলি ক’বলৈহে পালে মোৰ মনৰ

Read more

ত্ৰিৰুপতিত মহাপ্ৰভুৰ দৰ্শণ কৰা নহ’ল-গীতামণি দত্ত

২০১২ চনত ডিচেম্বৰ মাহত চেন্নাই এপ’ল হস্পিতালত চিকিৎসাৰ বাবে সপৰিয়ালে গৈছিলোঁ লগত মোৰ ডাঙৰ বৌ আৰু ভতিজা দুটাও গৈছিল । আমি ত্ৰিৰুপতিলৈ যাম বুলি আগতিয়াকৈ  ভবা নাছিলোঁ।হঠাতে ত্ৰিৰুপতিলৈ যাবলৈ সাজু হ’লো।মনটো ভাল লাগিল। বাছেৰে যাত্ৰা আৰম্ভ কৰিলোঁ।আমি যোৱা বাছখন  ৰাতিপুৱা সাত বজাত সদায় ত্ৰিৰুপতিলৈ যোৱা দৰ্শনাথীসকলক লৈ যায় আৰু ৰাতি সেই একেখন বাছেৰে সকলোকে চেন্নাইলৈ ওভতাই আনে। কেইজনমান যাত্ৰী সময়মতে আহি নোপোৱাত বাছখন সাত বজাৰ ঠাইত ন বজাতহে এৰিলে।ত্ৰিৰুপতিৰ মহাপ্ৰভুৰ বিষ্ণুৰ দৰ্শণৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিলোঁ। ভাৰতৰ বিভিন্ন ঠাইৰ লোকে

Read more

শুভাকাংক্ষী-হৰগোবিন্দ দাস

প্ৰশান্ত ফুকনৰ সৰু ল’ৰা অজয়ে পূৰ্বতে অৱতীৰ্ণ হোৱা  ‘ইণ্টাৰভিউ’ৰ সুফলস্বৰূপে একেদিনাই তিনিটা বিভাগত তিনিখন চৰকাৰী নিয়োগ পত্ৰ লাভ কৰিলে।খবৰটো শুনি ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজন, শুভাকাংক্ষী সকলোৱে খা-খবৰ ল’লে আৰু নিজ নিজ ধ্যান-ধাৰণাৰে পৰামৰ্শ আগবঢ়াই শুভেচ্ছা জনালে। অজয়ৰ সম্পৰ্কীয় মোমায়েক এজনে অজয়লৈ চাই প্ৰশ্ন কৰিলে – “তুমি কোনটো বিভাগত যোগদান কৰিম বুলি ভাবিছালা?মোৰ বোধেৰে তুমি প্ৰথম নিয়োগ পত্ৰ পোৱা বিভাগটোতে যোগদান কৰা ভাল হব ৷ মই জানো নহয়, সেই বিভাগটোত সোমালে তুমি দৰমহাৰ টকা হাতেৰে চুবই নালাগে।বাহিৰা টকাৰেই তুমি অতি সুন্দৰকৈ মাহটো চলি

Read more

অসমৰ ঈগল চৰাইবোৰ-প্ৰান্তৰ ভাগৱতী

“সেইটো কি চৰাই পাপা?সেই আকাশত যে ঘূৰি ঘূৰি  উৰি আছে।” কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী ৰেঞ্জত জীপচীৰে বনৰীয়া জীৱ-জন্তু আৰু চৰাইবোৰ চাই থাকোঁতে দূৰৰ আকাশত উৰি থকা ডাঙৰ চৰাই এটা লৈ আঙুলিয়াই দি মোৰ ছোৱালী জনীয়ে সুধিলে। “ৰ’বা মাজনী। এনেকৈ ইমান দুৰৰপৰা চাই ক’বলৈ অসুবিধা।মই ফটো এখন তুলি চাওঁচোন দেই।” এইবুলি কেমেৰাৰে উৰি থকা চৰাইটোৰ ফটো কেইখনমান তুলিলোঁ। তাৰ পিছত ফটো কেইখন চাই নিশ্চিত হৈ ছোৱালীজনীক কলো—- “এইটো এটা ‘Short Toed Snake Eagle’ ।  অসমীয়া নাম ” চুটি আঙুলিয়া ঈগল “।

Read more

নৱপ্ৰভাত-মৃণাল নাথ

ৰাতি মানেই হাতী ৰাতিটো মানেই হাতীটো মানুহ মানেইতো মনটো, এনে এটা দিন আছিল– তেজে তেজক চিনিছিল মৰমেৰে মৰমক জিনিছিল বতাহত বলিছিল —বান্ধোনৰ বা ; এতিয়াচোন কিনো হ’ল বিজ্ঞানো আগুৱাই গ’ল মাহী-পেহী, বাই-ভণী কাকোৱেই নিচিনি মাতৃসম দুখুনীকো দিয়ে তলপেটত ঘা।। ধন ওপৰলৈ গ’ল জ্ঞান নীচ্চ হ’ল, হেৰুৱাই বিবেক লক্ষ্য মাথো অস্থিৰ আবেগ চিন্তা চৰ্চা সকলোবোৰ কৃত্ৰিমতাত লীন, হৰি নাম হ’ল সাধু কথা ককা আইতাৰ হুমুনিয়াহ আৰু বেথা সৰু বৰ নমনাবোৰেই বজাব ল’লে– শাসনৰ বেসুৰা বীণ।। লিখাজনে লিখি গ’ল গোৱাজনেও গালে, অনুচিতক

Read more

গৰম বন্ধৰ কিছু কথা, কিছু স্মৃতি-বন্দিতা জৈন

এতিয়া স্কুলবোৰৰ গৰম বন্ধৰ সময়।গৰম বন্ধ বুলি কʼলেই মনত এটা বেলেগ ধৰণৰ ফূৰ্তিৰ ভাবে আগুৰি ধৰে। আমি মাকবোৰেও ভাবোঁ বহুত ডাঙৰ কাম এটাৰ পৰা ছুটি পাইছোঁ কেইদিনমানৰ বাবে। কিন্তু হয় জানো __আমি ছুটি পাইছো নে কামবোৰ বাঢ়িলেহে। আচলতে অফিচ বা স্কুল বুলি ক’লে ঘৰৰ গৃহিণসকলে একোটা দায়িত্বৰ মাজত আৱদ্ধ হৈ পৰে। সেই সময়খিনি তেওঁলোকৰ বাবে জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় আৰু ব্যস্ত সময়। নিজৰ বাবে নহয় পৰিয়ালৰ বাবে, সন্তানৰ ভবিষ্যত গঢ় দিবৰ বাবে। ঘৰখনৰ মাকৰ ভূমিকা হৈছে এক অৱশ্যকীয় ভূমিকা ,যাৰ তুলনা

Read more

টোকোৰা আৰু বান্দৰ-শ্ৰীৰাজু কুমাৰ নাথ

তামোল গছৰ    পাতৰ আগত টোকোৰাৰ ধুনীয়া ঘৰ, বান্দৰে সদায়ে     হিংসাতে মৰে সিহঁত যে হিংসুক বৰ। সুবিধা পালেই   ঘৰবোৰ সিহঁতে ছিঙি – ভাঙি কৰে নষ্ট, টোকোৰাই চিঞঁৰি-বাখৰি কান্দি মৰিছে মনত পালে বহু কষ্ট। এদিন সকলো   টোকোৰাই মিলি বান্দৰৰ ৰজাক ক’লে, আমাৰ দৰে একোটা  ঘৰ সাজি লওঁক আৰাম পাবৰ হ’লে। টোকোৰাৰ কথা   মানি বান্দৰে এদিন ঘৰ সাজিবলৈ ল’লে, আনন্দতে টোকোৰাই সিহঁতলৈ বুলি কল,বুটৰ যোগান ধৰিলে। কামৰ ভাগৰত   লেবেজান বান্দৰ কল,বুট দেখি কাষ চাপিল, ই বেছিকৈ ল’লে   সি বেছিকৈ খালে বুলি তাতে দূৰ্বাদল

Read more
1 30 31 32 33 34 62