Author: xobdochitraadmin
বাংলা সাহিত্যৰ প্ৰখ্যাত গল্পকাৰ ‘বনফুল’ৰ “পাঠকৰ মৃত্যু” নামৰ চুটি গল্পৰ অসমীয়া ভাৱানুবাদ- শ্ৰী চিত্ৰলেখা দেৱী
(এক) প্ৰায় দহ বছৰ আগৰ কথা। আসানসোল ৰে’ল ষ্টেচনত ৰে’লৰ অপেক্ষাত বহি আছিলোঁ।ঠিক মোৰ কাষতেই আৰু এজন মানুহ বহি আছিল।তেওঁৰ হাতত আছিল এখন কিতাপ…যথেষ্ট ডাঠ কলেৱৰৰ এখন উপন্যাস।তেওঁৰ লগত কথা-বতৰা পাতি গম পালোঁ যে তেওঁ ৰে’লৰ বাবে গোটেই দিনটো অপেক্ষা কৰিব লাগিব। মোৰ ৰে’লৰ বাবেও তিনি ঘন্টামান ৰ’ব লাগিব। আমি দুয়োজনেই বেঙ্গলী।সেয়ে চা-চিনাকি হোৱাৰ পাঁচ মিনিট পাছতেই মই তেওঁক সহজেই সুধি পেলালোঁ, “আপোনাৰ কিতাপখন এবাৰ চাব পাৰিম নেকি?” “বাৰু, চাওক চাওক”……এনে এটা উত্তৰ পাম বুলি মই স্বাভাৱিকতে আশা কৰিছিলোঁ। অকণো
Read moreচʼত মাহৰ এটা দুপৰীয়া-দীপাংকৰ মহন্ত
সৰা পাতবোৰে কিয় মন টানে , লঠঙা ডালবোৰেদি সৰকি অহা বতাহজাকে বিষাদৰ যেন সুৰ এটা তোলে । ফাগুনৰ স্মৃতি উৰি উৰি আহি বুকুত গোঁজ পুতি বহে , পাতবোৰ গচকি আহোঁতে তোমালৈ ইমান মনত পৰিছে । পদূলিতে থমকিল ব’হাগ কুঁহিপাত এটাৰ অপেক্ষাত , কুলি চৰাই ক’তনো হেৰাল , সিৰাত শিপাই থকা মাত ! কাটি পেলোৱা গছজোপাই সপোনতো বিন্ধে , বসন্ত কেতিয়াবা যদি দেৰিকৈও নাহে (?) *******
Read moreতিন্নি আৰু বন্যা,মূল বাংলালেখক: মুহম্মদ জাফৰ ইকবাল,ভাৱানুবাদ-ৰঞ্জনা দত্ত
ৰুণু বাইদেৱে ক্লাছত কবিতা এটা বুজাই বুজাই হঠাতে ৰৈ গৈ ক’লে, “মোৰ মনটো একেবাৰে ভাল লগা নাই জানা।” ৰুণু বাইদেউ স্কুলৰ সকলোৰে আটাইতকৈ প্ৰিয় বাইদেউ।বাইদেউৰ মন ভাল নাই বুলি শুনি ক্লাছৰ আটাইৰে মনবোৰ বেয়া হৈ গ’ল। তিন্নিয়ে ভয়ে ভয়ে সুধিলে, “কিয় বাইদেউ?আপোনাৰ মনটো বেয়া কিয়?” ৰুণু বাইদেৱে হুমুনিয়াহ এটা পেলাই ক’লে, “দেখা নাই, চাৰিওফালে কি ভয়ংকৰ বানপানী হৈছে!” “অহ।” তিন্নিয়ে মুখত এটা দুশ্চিন্তাৰ ভাব ফুটাই তুলিলেও মনে মনে নিশ্চিন্ত হ’ল। যদি ৰুণু বাইদেউৱে ক’লেহেঁতেন যে তেওঁ স্কুল এৰি অন্য ক’ৰবালৈ
Read moreঈৰ্ষা-মৌচুমী হাজৰিকা
নীলা খৰধৰকৈ গাড়ীৰপৰা নামি শ্বপিং মলৰফালে যাবলৈ ওলাওঁতেই ছোৱালী এজনীয়ে কিবা এটা বিচাৰি হাতখন আগবঢ়াই দিলে।নীলা ৰৈ গ’ল।ছোৱালীজনীৰ মুখৰফালে চালে ,এজনী কৈশোৰত ভৰি দিয়া শীৰ্ণকায় ছোৱালী।তাইৰ মুখখন শীতৰ কুঁৱলিয়ে ঢকা শেঁতা নিষ্প্ৰভ। : কালিৰ পৰাই একো খোৱা নাই। কিবা এটা দিয়ক। নীলাই ছোৱালীজনীৰ ফালে চাই ৰৈ থাকিল।তাই আকৌ নীলাক কিবা এটা বিচাৰিলে।নীলাৰ মনত বহু কথাই দোলা দি গ’ল আৰু তাই ছোৱালীজনীক কৈ পেলালে : মোৰ লগত যাবা? ছোৱালী জনীয়েও কোনো প্ৰতিবাদ নকৰাকৈ তাইৰ লগত যাবালৈ ওলাল। তেনেকুৱা এখন গাড়ীত উঠাটো
Read moreবিহুৰ ইতিহাস-জয়ন্ত গগৈ
প্ৰস্তাৱনা: ‘বিহু’ শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত ‘বিষুবত’ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। আন কিছু লোকৰ মতে, বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, কোঁচসকলৰ বিচুৱা, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচুৰ দৰে উজনি অসমৰ বিহুৰ গুৰি আছে উজনি অসমৰ বড়ো মূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোণোৱালসকলৰ “বিচু”ত। চুতীয়া ভাষাত বিহুক “বিচু” বুলি কোৱা হয়। “বি” মানে অতি, “চু” মানে আনন্দময় বুজায়। গতিকে, “বিচু” শব্দটি অপভ্ৰংশ হৈ ‘বিহু’ শব্দৰ উৎপত্তি হৈছে।আনহাতে ‘টাই ভাষাৰ
Read moreলটাৰিৰ ধন-পূৰ্ণিমা শইকীয়া গগৈ
কথাটো কম সময়ৰ বনজুইৰ দৰে বিয়পি পৰিল।ফোনত শুভেচ্ছা জনোৱা মানুহৰ অন্ত নাই।ওচৰৰ কেইজনতো ঘৰেই ওলালহি। বোলে…… “শইকীয়া এইবাৰ নেৰিছো আমাক পাৰ্টি লাগিবই।” শইকীয়ানীয়েও বাহিৰত আলহী দেখি পুতেক ৰাজক পঠিয়াই গৰম চিংৰা আৰু ৰসগোল্লা আনিলে।ইমান ভাল খবৰটো পাই সকলো আহিছে আজিনো চাহ বিস্কুট কেনেকৈ খুৱায়? ভাতৰ পাতত বহি ছোৱালী লীজা আৰু ল’ৰা ৰাজে ক’লে……….. “দেউতা আমাৰ লগৰ কেইটাকো সৰুকৈ পাৰ্টি দিম। এনেইটো তুমি সদায়েই টকা নাই নাই কৰি থাকা।এইবাৰ লটাৰিত টকা পাইছা।গতিকে আমাক টকা লাগিবই।” ৰাতি শুবলৈ বিছনাত উঠি শইকীয়াই পৰিবাৰক
Read moreআকৰ্ষণ -ঋতুপৰ্ণা দত্ত
“তোক নাপালে মই মৰি যাম।” তাই মোক কাকুতি কৰি ক’লে। কিন্তু…তাই কোৱা কথাবোৰক গুৰুত্ব দিব লগা কথা বুলি মনে নকʼলে।ইমান দূৰ সম্পৰ্কটোত আগবাঢ়ি গৈয়ো মই বেলেগ এটা বাট ল’বলৈ কুন্ঠাবোধ নকৰিলোঁ। নতুন চহৰ,নতুন কলেজ আৰু নতুন আৱেগক জীৱনত প্ৰাধান্য দিয়াটোকে প্ৰয়োজনীয় যেন লাগিল।মই ন আৱেশত ডুব গʼলোঁ।সেই আৱেশৰ নাম আছিল…মৃদু। ঘৰলৈ মাত্ৰ বন্ধবোৰত যাওঁ।তাইৰ লগত মুখামুখি হোৱাৰ আশংকাত গাঁও ফুৰিবলৈ নাযাওঁ।মোৰ লগত প্ৰেম প্ৰেম খেলি সময় নষ্ট কৰি কোনোমতে চুচৰি বাগৰি মেট্ৰিক পাছ কৰা শেৱালীক মই জোৰ কৰি মন মগজুৰপৰা
Read moreদাপোন-অচ্যুত কৃষ্ণ বৰদলৈ
একাজঁলি হেঁপাহৰ ৰঙে ৰঙীয়াল দাপোনখনত হেন্দোলদোপে উজায় আহিল এক আলহী প্ৰতিমিম্বৰ জাক, সপোনৰ সুহুৰি মাৰি আৱেগৰ মোহনা খুলি সাতোৰঙে সজাইছিলো এক অচিন মেঘবুলীয়া ৰাগ।। আকাশৰ সীমনা খেদি,পৰিসৰৰ প্ৰাচীৰ ভাঙি পুৱতি সূৰুজৰ ৰং দাপোনখনত উঠিছিল ভাঁহি, ভাল লাগিছিল চাই নদীত উটা সৰাপাতৰ হিচাপ ৰাখি, ভাল লাগিছিল শুনি ফাগুণত গাভৰু হোৱা সুৱদি সুৰীয়া বাঁহী।। কিন্তু আজি কেনেকৈ জানো? হঠাতে টুকুৰা হৈ পৰিল দাপোনৰ অৰ্ধাংশ চকুলোৰে বাউলি হ’ল প্ৰতিটো প্ৰহৰ পৃষ্ঠা, আন্ধাৰ মাথো আন্ধাৰে খোদিত হ’ল এক নতুন জীৱনী, স্বপ্নক্লান্ত হৈ পৰিল বিষাদৰ
Read moreকিৰণ-নন্দিতা ঠাকুৰীয়া
শুধ বগা চেলোৱাৰ কামিজযোৰ পৰিধান কৰিলে স্বপ্নাই। মূৰটো আঁচুৰি সৰুকৈ খোপা এটাও বান্ধিলে। পাউদাৰ লাগি ধোঁৱা বৰণীয়া হৈ যোৱা ফোঁটটো সলাই নতুন ফোঁট এটা লগাই ল’লে কপালৰ সোঁমাজতে থকা মাহটোৰ ঠিক তলতে।সামান্য লিপষ্টিক অকণ ওঁঠত বুলাই তাই যাবলৈ সাজু হ’ল পঁচিশ কিলোমিটাৰ আঁতৰৰ টাউনৰ নিজৰ কৰ্মক্ষেত্ৰ চিভিল হাস্পতালখনলৈ বুলি। বৃত্তিত এগৰাকী নাৰ্চ হিচাপে সুদক্ষ তাই। এদিনতে দক্ষতা অৰ্জন নহয় সেয়া। দহ বছৰৰ অভিজ্ঞতাই বহুত শিকালে তাইক। হাত দুখন হৈ পৰিল নিপুণ। ৰুগীয়াজনৰ তাইৰ পৰশ পালেই বেমাৰ বহুখিনি উপশম হয়। স্বপ্নাৰ
Read more