পাপুৰ কথাৰে -সমুজ্জ্বল কাশ্যপ 

আকাশখন গোমা। সন্ধিয়াৰ আগতেই চৌদিশ অন্ধকাৰ হৈ আহিছে। হয়তো এজাক বৰষুণ  ডাঙৰকৈয়ে আহিব। গৌৰী মাষ্টৰ এতিয়াও স্কুলৰ পৰা অহা নাই৷ কণমানিটোক বুকুত বান্ধি মঞ্জুৰ মনত চিন্তা। পথাৰৰ মাজৰ অকলশৰীয়া টিঙৰ চালিৰ ঘৰটোত তেওঁৰ অকলে বৰ ভয় লাগে। তাতে আজি বতৰটো যেনেকৈহে আহিছে! : মাষ্টৰ বোপা এতিয়াও অহা নেকি আই?  : অ’…… আমৈ আহিছ! তেওঁচোন আহিয়েই পোৱা নাই৷ পাঁচ বাজিবৰ হ’ল। ইফালে পাপু স্কুলৰপৰা আহিয়েই ওলাই গ’ল, এতিয়াও ঘৰ সোমোৱা নাই। মোৰ বৰ চিন্তা হৈছে। : তহঁতৰ গৰুদুটা আনি পিচফালে বান্ধি

Read more

মহাকাব্যৰ ওপৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস ত্ৰৈলোক্য ভট্টাচাৰ্য্য ৰ ‘উত্তৰাকাণ্ড’ত নাৰীবাদী বৈশিষ্ট্য: এক আলোকপাত-সংহিতা ভট্টাচাৰ্য

মহাকাব্যৰ ওপৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস ত্ৰৈলোক্য ভট্টাচাৰ্য্য ৰ ‘উত্তৰাকাণ্ড’ত নাৰীবাদী বৈশিষ্ট্য: এক আলোকপাত সমগ্ৰ জীৱন নিৰৱচ্ছিন্ন ভাবে অসমীয়া ভাষা সাহিত্যৰ সেৱাত আত্মনিয়োগ কৰা সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্য হ’ল এক অসাধাৰণ সৃষ্টিশীল ব্যক্তিত্বৰ অধিকাৰী। ‘দুই বন্ধু’ গল্পটোৰে সাহিত্য জীৱন আৰম্ভ কৰা ভট্টাচাৰ্য্য দেৱৰ প্ৰথম উপন্যাস হ’ল চীনাযুদ্ধৰ পটভূমিত লিখা ‘বুদ্ধদেৱৰ মৃত্যু’। ইয়াৰ পিছত ঊনবিংশ শতিকাৰ অসমীয়া ভাষা সাহিত্যৰ এক সংকটপূৰ্ণ সময়ক লৈ ৰচনা কৰা উপন্যাস ‘সাঁচিপাতৰ পুথি’, আহোমৰ ছশ বছৰীয়া ৰাজত্বকালৰ মৰ্মস্পৰ্শী সত্যকাহিনীৰ আধাৰত ৰচিত ‘চৰাইদেও’, মহাকাব্যৰ আধাৰত ৰচিত প্ৰথম অসমীয়া

Read more

সম্পাদকীয়-ইলি তালুকদাৰ

চিৰ চেনেহী মোৰ ভাষা জননী।  বিদ্যালয়ত পঢ়ি থাকোঁতে ইংৰাজী সাহিত্যত ফ্ৰান্সৰ প্ৰখ্যাত সাহিত্যিক আলফন্স ডাউডেডে  (Alphonse Dauded) লিখা ‘The last lesson’ নামৰ পাঠ এটা পঢ়াৰ সুযোগ মিলিছিল। সেই বয়সতে পাঠটো পঢ়ি মাতৃভাষা কিমান আপোন হ’ব পাৰে আৰু আপোন ভাষাটো হেৰুওৱাৰ বেদনা কিমান গভীৰ হ’ব পাৰে সেই কথা অনুধাৱন কৰি বুকুখন শোকে খুন্দা মাৰি ধৰিছিল। প্ৰুছিয়াৰ হাতত ফ্ৰান্সৰ পৰাজয়ৰ পাচত আলচেছ (Alsace) আৰু লোৰেইন(Lorraine)ৰ শিক্ষানুষ্ঠান সমূহত ফৰাচী ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষা প্ৰচলনৰ বাবে বাৰ্লিনৰ পৰা নিৰ্দেশ আহিছিল। তাৰেই পটভূমিত ৰচিত এই

Read more

মই কাপুৰুষ নহয়-প্ৰদীপ বৰা

২০১০ চনতে ভাগ্যপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  পৰা অৱসৰ গ্ৰহণ কৰা ৰাজ্যিক কৃতী শিক্ষকৰ  সন্মান  পোৱা  অধ্যক্ষ  ভৱানী বল্লভ গোস্বামীয়ে  বোৱাৰী পুৱাতে  বিছনা ত্যাগ কৰি  জুহালত অলপ পানী গৰম কৰি মুখ ধুই  এগিলাচ গৰম পানী খাই  শাকনিবাৰীত সোমাই  কেইটামান পাচলি ছিঙি আনিলে। হেণ্ডালিত থকা লতাজাতীয় পাচলিৰ গছবিলাকৰ বুঢ়া পাতবিলাক কাটি পেলালে ৷  তাৰ পিছত কিছুসময় বাৰাণ্ডাৰ আৰামী চকীখনত গাটো এৰি দি কিছুমান বেবেৰিবাং চিন্তাৰ জগতখনৰ মাজত কুৰুকি কুৰুকি সোমাই পৰিল। মোবাইলটোত তেতিয়া সময়  ৭ বাজি ৩৫ মিনিট । বহুত দিনৰ মূৰত 

Read more

মাধৱদেৱৰ গুৰু সেৱা-কুঞ্জ খাউণ্ড

গুৰু শিষ্যৰ কথা ক’লেই প্ৰথমে শংকৰদেৱ আৰু মাধৱদেৱৰ কথাই মনলৈ আহে। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱৰ গুৰুৰ প্ৰতি থকা অগাধ ভক্তিৰ কথা গুৰুভটিমা ভাগিৰপৰাই অনুমান কৰিব পাৰি। মাধৱদেৱৰ গুৰুসেৱা আছিল নিভাঁজ। তেওঁ সদায় পুৱা শুই উঠি নিজৰ প্ৰাতঃকৰ্ম কৰি  লৰালৰিকৈ শংকৰদেৱৰ ঘৰলৈ আহি গুৰুজনৰ নিমিত্তে দাঁতোন, খৰিকা, তেল পীৰা আদি স্নানৰ বাবে যোগাৰ কৰি দিয়ে। সেইখিনিৰ পিছতে গুৰুজনে ঈশ্বৰৰ কথা চৰ্চা কৰিবৰ বাবে কঠ পাৰি দিয়ে। তাৰ পিছতে কীৰ্তন ঘৰত দুয়ো নাম প্ৰসঙ্গ কৰে। প্ৰসঙ্গৰ অন্তত গুৰু কীৰ্ত্তন ঘৰৰপৰা ওলোৱাৰ পিছত

Read more

স্বৰ্ণ নগৰী আৰু সোনালী বালিৰ দেশত এভুমুকি-ৰঞ্জনা দত্ত

(১) নীলা সাগৰ , বৰফেৰে ঢকা পাহাৰ আৰু  ঘন সেউজীয়া প্ৰকৃতিৰ মাজত বহুত ফুৰা হ’ল। কৰোণা কালৰ মাজতে এইবাৰ ডিচেম্বৰ মাহৰ শেহৰফালে আমি যাবলৈ ওলালো ভাৰতৰ একেবাৰে পশ্চিম সীমান্তৰ থৰ মৰুভূমিৰ চাম বালিৰ পাহাৰ আৰু স্বৰ্ণ নগৰী জয়সালমেৰ চাবলৈ। দুবছৰ ঘৰত সোমাই থাকি থাকি আমনি লাগিছিল যদিও ওলাই যাবলৈ সাহস কৰা নাছিলো। তাতে মোৰ অৱস্থা পাখি কটা পাৰৰ দৰে। ভেক্সিনৰ মাত্ৰ এটা পালিহে লোৱা হৈছে। তাৰ পাৰ্শ্ব ক্ৰিয়াৰ ফলত এতিয়াও ভালদৰে খোজ কাঢ়িব নোৱাৰা অৱস্থা। ল’ৰা-ছোৱালী, জোঁৱাই সকলোৰে সাহসতে ওলালো।

Read more

ঋতুকালীন বিলাপ-মূৰ্ছনা বেজবৰুৱা

(১) কি আনিছা? ৰঙা !! এয়া কি তুলি দিলা  প্ৰেম নে বিষাদ? বিষাদ ৰঙা,ৰঙা প্ৰেমো তেন্তে নীলা? এয়া কোনো ৰুগ্ন হৃদয়ক  নিঃশেষ কৰাৰ ষড়যন্ত্ৰ নহয়তো? (২) নৈৰ পাৰেই যদি প্ৰেমৰ ঘাট, ধুঁৱলিকুঁৱলী কিয় সেই অকোৱা-পকোৱা বাট? গোলাপেই যদি সূচনাৰ আলাপ দীঘলীয়া কিয় সেই কাঁইটৰ  বিলাপ ? মদাৰেই যদি প্ৰেমৰ ৰং নিসংগ কিয় সেই লঠঙা ডাল? (৩) পচোৱাত নীলা,ডালত ৰঙা  গোলাপে কয়, “মই কাঁইটীয়া নহয়।”  ফাগুনে কয় “মই বিষাদ নহয়।”  অভ্যস্ত পথত বহাগ, শাওণ,আহিন.. কেতিয়াবা ফাগুণ..!! খোজত সলনি ৰঙৰ সলনি বহুতো 

Read more

স্নেহ বন্ধন -জয়ন্ত গগৈ

গাড়ীখন বেক কৰি গেৰেজত সুমুৱাইছোঁহে,মাইনাজনীয়ে ওচৰলৈ আহি – ” পাপা আহিলা? আজি আইতা আহিছিল দেই। আইতা কোনোবা স্কুল এখনলৈ যাব হেনো।”…..বুলি মোক কৈ গ’ল। বাহিৰৰ টেপটোতে হাত-মুখ ধুই ভিতৰত সোমালোঁগৈ। শ্ৰীমতীয়ে আগবঢ়াই দিয়া পানী গিলাছ খোৱাৰ লগে লগেই দেহাটো শাঁত লাগিল । গাড়ীৰ ভিতৰত এনেয়ে গুপগুপীয়া গৰমভাৱ এটি থাকেই। গাড়ীত এ চি থাকিলেও অনবৰতে এ চি চলাবলৈ মন নাযায়। ভাড়াত যোৱা যাত্ৰীসকলে এ চি বিচাৰিলে চলোৱা হয়। দেউতাই অৱসৰ গ্ৰহণ কৰাৰ পিচতে নতুনকৈ এ চি থকা গাড়ী এখন লোৱা হ’ল।

Read more

আজিৰ চিন্তাঃ প্ৰকৃতি ,সমাজ আৰু মানুহ -জ্যোতিমণি দেৱী

‘প্ৰকৃতি’ শব্দৰ আভিধানিক অৰ্থ হৈছে বহিৰ্জগত বা নিসৰ্গ; সৃষ্টিৰ মূল বা আদি কাৰণ ৷ গতিকে প্ৰকৃতি বুলিলে আমি আমাৰ সমগ্ৰ বিশ্ব চৰাচৰকে বুজি পাওঁ৷ আনহাতে মানুহ হ’ল এই বিশ্ব-প্ৰকৃতিৰে ক্ষুদ্ৰ অথচ গুৰুত্বপূৰ্ণ অংশ৷ গুৰুত্বপূৰ্ণ এই বাবেই যে প্ৰকৃতিৰ সৃষ্টিবোৰৰ ভিতৰত একমাত্ৰ মানুহেই হ’ল একক, অনন্য সৃষ্টি; যিয়ে চিন্তা কৰিব পাৰে, সেই চিন্তা ভাষাৰে ব্যক্ত কৰিব পাৰে, উচিত-অনুচিত বিচাৰ কৰি কৰ্ম কৰিব পাৰে,নিজৰ সা-সুবিধা বিবেচনা কৰি সেইমতে জীৱন ধাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ সেয়েহে মানুহে এই বিশ্ব চৰাচৰত নিজকে ‘জীৱশ্ৰেষ্ঠ’ বুলিও

Read more
1 47 48 49 50 51 62