স্মৃতি-নৱনীতা চৌধুৰী

তোমাৰ স্মৃতিবোৰেই  মোৰ এতিয়া অক্সিজেন চিলিণ্ডাৰ। তোমাৰ প্ৰাণে বিদায় মগাৰ দিনাই মই পণ কৰিছিলোঁ তোমাৰ পৰশত প্ৰাণ পাই উঠা প্ৰতিটো জীৱ, জড় বস্তুতেই মই মোৰ অক্সিজেন গোটাম। সেয়ে কওঁ……  মই পিতৃহাৰা নহওঁ, পিতৃ মোৰ নহয় স্মৃতি  পিতৃ মোৰ জীৱনৰ সৰ্বশক্তি।। *******

Read more

বসন্ত-নিবেদিতা শৰ্মা 

বাসনাৰ ফুল মোৰ সৃষ্টিৰ অমল উৎস কিদৰে বৈ আহে ফেনে ফোটোকাৰে আশাবোৰ তোমাৰ বুকুত…… হঠাৎ ওফন্দি উঠে মোৰ দেহ প্ৰতি পলে পলে ঘন উশাহবোৰত মই দেখোঁ তোমাৰ বহল বুকু  কি যে এক সুন্দৰ সতেজ বসন্ত  হোৱা…….. তুমি আৰু তোমাৰ সুবাস বিয়পি যায় মনে মনে ঘনে ঘনে!! হঠাৎ তুমি পাহোৱাল হোৱা……. চকুৰ পলকত তুমি দূৰৰপৰা দূৰলৈ যোৱা……. ঘূৰি ঘূৰি চাওঁ, মোৰ চকুৰ পলক নপৰে এই যে চাওঁ আৰু দেখোঁ দেহত ঢৌ তুলি মোক আহ্বান জনোৱা  যেন চকুৰ আগতে গলি গ’ল, বৈ

Read more

পৰিক্ৰমা-কবিতা কৃষ্ণা বৰা

এটি পৰিক্ৰমা, পাৰ হৈ গুচি যাব খুজিছে..! উভটিও আহিব খোজা নাই। সপোনৰ অগোচৰে অগোচৰে। দিঠকে দিঠকে মনৰ মাজত দুলি ৰয়… ভাৱনাৰ ভৱিষ্যত। নিথৰ দেহত, বিৰিঙিব খোজে অনুৰণ। যেতিয়া আন্ধাৰ নামে সূৰ্যৰ চৌদিশে,  তেতিয়াইতো বয় ধূলিৰ ধুমুহাবোৰ হৃদয়ৰ মাজত…! আৰু স্থিৰ হৈ পৰে জীৱনৰ এটি পৰিক্ৰমা। *******

Read more

দাম্পত্য::আবেলিৰ সুৰ::চকামকা সুখৰ গান-মৃণাল নাথ

সৌৱা, কুহুমীয়া বেলিৰ মিচিকি হাঁহি আহা একেলগে ৰ’দাও বিয়লি বেলাৰ দুখৰ আঁচল, সুখৰ ভৰা কলহ সামৰি থওঁ দুখৰ আখলতেই ব্যঞ্জন সজাওঁ। কন্যাই বিদায় ল’লে সমাজক মানি পুত্ৰইও কৰিলে ৰগৰ, সব একেই কাহিনী। কিনো থাকিল বাকী মিছা এই সংসাৰ, দুয়ো দুয়োকো এৰি দিলেই যেন  আমাৰ সকলো অসাৰ।  সকলো গ’লেও য’ক মোৰ বাবে তুমি আছা তোমাৰ বাবে মই,  তাৰ বাবেই চাগে আনিছিলোঁ আদৰি তোমাক,  অনাহাৰে, উজাগৰে সম্পূৰ্ণ এৰাতি হোমৰ জুই পুৱাই। জীৱনৰ বিয়লিত তুমিয়েই মূল বাকীবোৰ নামতহে জানা নামতহে তেজ, নামতহে কুল। 

Read more

তুমি বেয়া পোৱা যদিও ফাগুন  মোৰ প্ৰিয়-মৌচুমী হাজৰিকা 

ৰুক্ষ শীতৰ শূন্যতা শেষ কৰি বতাহে বতাহে বিয়পে উন্মনা ফাগুনৰ সুৱাস। পলাশ  মদাৰ শিমলুৱে ৰিক্ত আকাশত জুই সিঁচে । ফাগুন আহে , শৈশৱৰ চিলা হৈ । ফাগুন আহে , ষোড়শীৰ আচঁল উৰুৱাই গোপনে নিজানে। লঠঙা ডালত ওলমি থকা জোনবাইৰ স্নিগ্ধ জোনাকে বৃদ্ধাৰ চকুতো সপোন সিঁচে, উলতী আহে সোঁৱৰণী সময়বোৰ হৈ পৰে বাংময়। আকৌ আহিছে সেই হেঁপাহৰ  ফাগুন.. শুষ্কতা ধূলিয়ে আমনি কৰিলেও ফাগুন মোৰ প্ৰিয়। নিজানত বহি  মদাৰৰ ডালৰ ফাঁকেৰে বৈ অহা কুলিৰ মাত শুনিবাচোন তুমিও পৰিবা ফাগুনৰ প্ৰেমত। *******

Read more

বিভীষিকা সময়-অনামিকা (সংগীতা) কলিতা

ল’ৰা-ছোৱালীহালক স্কুলত থৈ গিৰিয়েকৰ কাৰণে টিফিনটো লৈ গৈছিল তাই।আধাবাটত দেখিলে চৌদিশে কেৱল ধোঁৱা, চাৰিওফালে আন্ধাৰ, পোৰা পোৰা গোন্ধ, তেজেৰে লুতুৰি-পুতুৰি শৰীৰ,জীৱৰ আৰ্তনাদ, আলাই-আথানি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল।মানুহৰ দৌৰা-ঢপৰাত ভৰিৰ জোতা-চেণ্ডেল, বেগ ৰাষ্টাত সিঁচৰতি হৈ পৰি থাকিল। সন্ধিয়া পৰত এনেকৈ বহি থাকিলে আজিও মনত পৰে জেউতিৰ ৩১ অক্টোবৰৰ বোমা বিস্ফোৰণৰ সেই বিভীষিকাময় দিনটোৰ কথা।হস্পিটালৰ বাৰাণ্ডাত পৰি আছিল তাই, গিৰিয়েক আই. চি. ইউ. ৰূমত, কি কৰিব একো উৱাদিহ পোৱা নাছিল।দুৰ্ঘটনাত আহত আৰু নিহতসকলৰ আত্মীয়সকলৰ হৃদয়বিদাৰক কান্দোনে আকাশ বতাহ কঁপাই তুলিছিল।জেউতিয়ে নিজৰ

Read more

আমি চৰকাৰী লোক,মূল লেখক: অজ্ঞাত,অনুবাদ-মামণি কলিতা। 

(বাংলা ভাষাৰ অনুবাদ গল্প) এবাৰ এজন গাঁৱলীয়া লোক খৰস্ৰোতা নদীত পৰিল।তেওঁ সাঁতুৰিব জানে,পিছে নদীৰ তীব্ৰ সোঁতৰ লগত যুঁজিও নদীৰ পাৰৰফালে আহিব পৰা নাই। শৰীৰৰ সমস্ত শক্তিৰে তেওঁ যদি এহাত আগুৱাই যায়, পানীৰ প্ৰবল সোঁতে তেওঁক তিনিহাত পিছুৱাই নিয়ে। এই বিপদৰ মাজতে তেওঁ নদীৰ চাকনৈয়াত সোমাই  নাকনি-কাণনি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল।প্ৰবল সোঁত, পানীৰ চাকনৈয়া, মেঘাছন্ন বতৰৰ তীব্ৰ বতাহৰ লগত যুঁজি পানীৰ পৰা ওলাই আহিব নোৱাৰি তেওঁ ‘বচোৱা বচোৱা’ বুলি চিঞৰিবলৈ ধৰিলে।কোনো সঁহাৰি নাপাই তেওঁ দ্বিতীয়বাৰ…..”ম‌ই চৰকাৰী মানুহ,পানীত ডুবিবলৈ লৈছোঁ; তোমালোকে মোক

Read more

সাময়িকীঃ সময়ৰ প্ৰসঙ্গৰে পৰিবৰ্তনবোৰ-জয়ন্ত গগৈ

আঘোণৰ সোণসেৰীয়া পৰিৱেশটো প্ৰায়ে শেষ হ’ল। এতিয়া গাঁৱৰ চহাজীৱি সকলো ব্যস্ত সোণোৱালী শইচ সোণগুটিবোৰ মৰণা মাৰি ভঁৰালত সাঁচি ৰখাৰ ব্যৱস্থা কৰাত। কিছুলোকে পৰিকল্পনাৰ আঁচনি অনুসৰি অৰ্থৰ জোৰা মাৰিবলৈ ধান দোকানত দিয়াৰ যো-জা চলাইছে বা কোনোৱে ইতিমধ্যেই দোকানীৰ গুদাম ঘৰত মজুত কৰি আহিলগৈয়ে। এইকেইদিনত গাঁৱৰ যি ফালেই যোৱা যায় সেইফালেই ধান মৰা মেচিনৰদ্বাৰা ধান মৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। সেই আগৰ দিনৰ দৰে গৰু বা ম’হেৰে মৰণা মৰাৰ দৃশ্য আজি খুব কমেইহে দেখা পোৱা যায় আৰু  ই অতি ৰ্দূলভো। ধান মৰা

Read more

“ইয়াৰুইঙ্গম” উপন্যাসত ৰাজনৈতিক পটভূমি-মাতু কুকুৰাচোৱা

বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যদেৱৰ ” ইয়াৰুইঙ্গম” অসমীয়া সাহিত্যত নিঃসন্দেহে এখন অন্যতম শ্ৰেষ্ঠ উপন্যাস। উপন্যাসখনত মণিপুৰৰ টাংখুল নগা সমাজৰ জীৱন চিত্ৰ চিত্ৰায়িত কৰা হৈছে। দ্বিতীয় মহাসমৰৰ বিভীষিকা, নগাসকলৰ আত্মসচেতনতা, স্বাধীন নগা ৰাজ্য আৰু এক শ্ৰেণী নগা লোকৰ ভাৰতীয় জাতীয় সংস্কৃতিৰ জাহ যাবলৈ ওলোৱা ঘটনাক কেন্দ্ৰ কৰিয়েই উপন্যাসখন ৰচনা কৰা হৈছে। উপন্যাসখনৰ মূল ঘটনাসমূহ দ্বিতীয় মহাসমৰৰ সময়ত হোৱা ডিভেশ্যেলী আৰু ৰিশ্বাংৰ মতাদৰ্শৰ সংঘাত। উপন্যাসখনৰ কাহিনীভাগ ভালকৈ চালি-জাৰি চালে উপন্যাসখনক বহুল অৰ্থত এখন সামাজিক উপন্যাস হিচাপে চিহ্নিত কৰিব পাৰি। কাৰণ ইয়াত প্ৰতিফলিত হৈছে টাংখুল নগাসকলৰ

Read more

তথাপিও হোৱা নাই ক্লান্ত-গীতামনি দত্ত

মাৰ ঘৰৰ কাষৰ বাৰীখন উদং হৈ বহু দিন পৰি আছিল।প্ৰায় তিনি কঠামান মাটি হ’ব!আমাৰো ভাল লাগে ঘৰৰ কাষতে খালী বাৰীখন থকাৰ বাবে কাৰণ গৰমৰ দিনত ৰিব্ ৰিব্ কৈ বৰ সুন্দৰ মলয়া বতাহ এজাক গাত লাগে,মনটো শাত পৰি যায়।ঠিক তেনেকৈ শীতৰ দিনতো আগফালৰ বাৰাণ্ডাখনত গোটেই দিনটো ৰ’দ জাক পৰি থকাত গোটেই পৰিবেশটোৱেই ফৰকাল হৈ থাকে।কেতিয়াবা মনতে ভয়ো লাগে জানোচা বাৰীখনত মস্ত ওখ পকী বেৰ এখন দিলে কি হ’ব!আনৰ বাৰী,ক’বতো নোৱাৰি কেতিয়া কি কৰে।বাৰীখন আন কাৰো নহয়, আমাৰ সকলোৰে হিয়াৰ আমঠু জ্যোতিপ্ৰসাদ

Read more
1 3 4 5 6 7 62