বিলম্বিত লয়- সুভাষ শৰ্মা

মদন চৌধুৰীৰ মনটো আজি অস্থিৰ। অফিচৰ কামত একেবাৰেই মন বহুৱাব পৰা নাই । ফাইল দুটামান খুলি চাই পুনৰ জপাই থৈছে। এনেতে পিয়নটোৱে  আহি  চাহ একাপ দি গ’লহি। এৰা, এই সময়ত চৌধুৰীৰ চাহ একাপৰ বৰ প্ৰয়োজন হৈছিল। চকু দুটা জ্বলি আছে। মূৰটোও কামুৰি আছে। যোৱা নিশা চকুৰে টিপ এটা নমৰাকৈ পাৰ হৈ গ’ল। দৰা পক্ষৰ মানুহখিনিৰ সেৱা শুশ্ৰূষাত যাতে কোনো বেমেজালি নঘটে ,তাৰ তদাৰক কৰি থাকোঁতে ৰাতি পুৱাবৰেই হ’ল। ভাবিলে আচৰিত লাগে– সৌ সিদিনাখনলৈ কোলাই-বোকোচাই উঠি ডাঙৰ হোৱা চৌধুৰীৰ ককায়েকৰ ছোৱালী

Read more

এটা সপ্তাহৰ চিঠি-মিনাৰা হুছেইন

ইয়াত জীৱন বৰ সহজ। বহুত শান্ত। বহুত স্থিৰ। ক’লা-বগা ছবিৰ দৰে।কোনো ধামাকা নাই। ধীৰগতিত জীৱনটো চলি যায়। এটা শান্তিৰ গতি আছে।  সূৰ্যৰ পোহৰৰ সন্ধানত থকাসকলে বিচাৰি পায় ক’ৰবাত ক’ৰবাত এচেৰেঙা বগা পোহৰ। জীৱনৰ ঘিটমিটীয়া আন্ধাৰখিনি সামৰি  লৈ আগবাঢ়ি যাওঁ প্ৰতিদিনেই এছাটি পোহৰৰ সন্ধানত।  এয়াই হৈছে জীৱনৰ মোহ! মায়াজাল! তথাপিও জীৱন বৰ সুন্দৰ। ম’বাইলটো বাজি উঠিল। টেবুলত চালোঁ নাই, বিছনাতো নাই। ক’ত  থলোঁ বাৰু? আকৌ বাজি উঠিল। ৰাতিপুৱা বজাৰলৈ যাওঁতে বেগতে ৰাখিছিলোঁ। বেগৰ পৰা উলিয়াই ফোনটো চালোঁ। চাৰিটা মিচড কল ।

Read more

জীৱন তৃষ্ণা-সংহিতা ভট্টাচাৰ্য্য

আইমানু, কাইলৈ আইতা আহিব। হয় নেকি মা। আইতা বুলি ক’লেই ধকধকীয়া বগা কাপোৰ এজোৰেৰে ওৰণি এখন লৈ থকা সাদৰী মানুহ এগৰাকীৰ কথা মনলৈ আহে তাইৰ। মনত থকা দিনৰেপৰা আইতাকক তাই এইদৰেই দেখি আহিছে। ৰঙা সেন্দূৰৰ ফোঁটটিৰে সৈতে আইতাজনীনো কেনেকুৱা আছিল জানিবলৈ বৰ মন যায় তাইৰ। কিন্তু ফটো একপিওতো নাই চাবলৈ। তেতিয়াৰ দিনতনো ক’ত ইমান ফটো উঠিছিল মানুহে। ভাবিলে মনটো কেনেবাখন লাগি যায় তাইৰ। কাৰ লগত আহিব মা? মাকক সুধিলে তাই। খুড়াৰে ৰাতিপুৱাই থৈ যাবহি। আইতা খুড়াৰ লগত গাঁৱৰ ঘৰখনত থাকে।

Read more

শিশু সকলৰ সাধু শুনাৰ প্ৰয়োজনীয়তা -কমলা দাস

বৰ্তমান যুগত শিশুসকলৰ উপযোগী বহুতো কিতাপ-পত্ৰ, দেশ, বিদেশৰ কাহিনীৰ কাৰ্টুন ছবি আদি সামাজিক মাধ্যমত সুলভ যদিও সাধুকথা শুনাৰ প্ৰয়োজনীয়তা কেতিয়াও  নুই কৰিব নোৱাৰি। কাহিনী এটা চোৱা আৰু শুনাৰ মাজত বহুতো পাৰ্থক্য আছে।  চোৱা কাহিনীত যি দেখুৱায় তাকেহে চাবলৈ পায়। কিন্তু যেতিয়া শ্ৰৱণ কৰে, তেতিয়া কাহিনীৰ লগত শিশুৰ মনো সমানে আগুৱাই গৈ কল্পনাৰ জগতখনত বিচৰণ কৰি ফুৰে।  শিশুৰ মনৰ জগতখন অতি কোমল। কোমলতে বাঁহ ভাজ লোৱাৰ নিচিনাকৈ শিশুসকলকো কুমলীয়া বয়সতে দিয়া শিক্ষা মনৰ স্মৃতি কোঠাত সঞ্চিত হৈ ৰৈ যায়।  ভাল শিক্ষা

Read more

মনপক্ষী উৰে পাখি মেলি নামদফা পাহাৰৰ শিখৰে কন্দৰে-জয়ন্ত গগৈ

“পুৱতিৰ আলোকেৰে আলোকিত দেশ” উত্তৰ-পূব ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশ যাক ‘সূৰ্য্য উঠা দেশ’ বুলিও জনা যায়। প্ৰকৃতিয়ে অকৃপণভাৱে ঐশ্বৰ্য্যশালী মনোৰম প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিছে এই পুৱতিৰ আলোকেৰে আলোকিত ঠাইখণ্ডত। সেয়ে সেউজপ্ৰিয় সকলোকে হাতবাউল দি আমন্ত্ৰণ জনাই থাকে অৰুণাচলৰ মনোৰম প্ৰকৃতিয়ে। এনে এক বৈচিত্র্যময় জৈৱিক পৰিবেশৰ সন্মুখীন হােৱাৰ সৌভাগ্য ঘটিছিল ১৯৯৫ চনৰ অক্টোবৰ মাহত। এটি তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ মহাবিদ্যালয়ৰ (তিনিচুকীয়া) স্নাতক দ্বিতীয় বার্ষিক উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল ৰাওনা হৈছিলোঁ ’নামদফা ৰাষ্ট্ৰীয় উদ্যান’ৰ এটি পৰ্য্যটক ভূমি ‘দিবান’ অভিমুখে৷ অৰুণাচললৈ যাবৰ বাবে যাৱতীয়

Read more

দুটা অণুগল্প- দেৱজিত শৰ্মা

 (১) মা                               “মা,মোৰ আজি প্ৰমোচন হ’ল৷”  কোঠাটোলৈ সোমাই আহি সি মাকলৈ চাই ক’লে,  “তুমি সদায়েই কৈছিলা নহয়, কষ্ট কৰিলে ভাল ফল পোৱা যায় বুলি৷ তুমি সুখীনে মা?” বহু কষ্ট কৰি সি এই পদোন্নতি লাভ কৰিছে৷ আন কাৰোবাক কোৱাৰ আগতেই  মাককে সি প্ৰথম খবৰটো দিলে৷  যদিও সি জানে, মাকে কাহানিও একো উত্তৰ নিদিয়ে৷ দিবনো কেনেকৈ, ফটোৱে জানো কাহানিবা উত্তৰ দিব পাৰে! ২)বোজা  “বোৱাৰী মোৰ কাণত লগোৱা মেছিনটো

Read more

সংখ্যাটোৰ আঁৰৰ কথা-অৰবিন্দ গোস্বামী

নয়নমনি হালৈৰ সম্পাদনাত ‘শব্দচিত্ৰ ই-আলোচনী’ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাটো প্ৰকাশ পোৱাৰ পিছতে এই সংখ্যাৰ সম্পাদক কোন হ’ব—বিষয়টো পেনেলত আলোচনা হৈছিল।দুই এজনে তেতিয়া মোৰ নামটো প্ৰস্তাৱ কৰিছিল যদিও সেই সময়ত মই চকু মুদা কুলিৰ ভাও ধৰিলো।কাৰণ মাৰ্চ মাহৰ শেষত আছিল স্কুলৰ বছৰেকীয়া পৰীক্ষা।গতিকে ‘এইবাৰলৈ আন কোনোবাই দায়িত্ব লওক’ ভাৱ এটা লৈ মনে মনে থাকিলো।ফেব্ৰুৱাৰীৰ শেষলৈ কথাটো পুণৰ চৰ্চালৈ আহিল আৰু আলোচনা অনুসৰি ময়েই দায়িত্বভাৰ ল’বলৈ সন্মত হ’লো।ইতিমধ্যে পৰীক্ষাৰ ৰুটিনো দিছিল আৰু মই হিচাপ-নিকাচ মিলাই ১৫-১৬ দিনমান কাম কৰিবলৈ সুবিধা পাম বুলি

Read more

আব্ৰাহাম লিংকনৰ বিশেষ চিঠিখন-পলাক্ষী লস্কৰ

শিক্ষা দুটা আখৰৰ এটি সৰু শব্দ, কিন্তু ইয়াৰ অৰ্থ ব্যাপক। ইয়াতেই নিহিত হৈ আছে জীৱশ্ৰেষ্ঠ মানুহৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু প্ৰগতি। মানুহে সমাজ পাতি বসবাস কৰিবলৈ শিকাৰপৰাই শিক্ষাৰ প্ৰয়োজন অনুভৱ কৰিবলৈ ধৰিলে। শিক্ষাৰ জয়যাত্ৰাৰ বাবে “শিক্ষানুষ্ঠান” বা বিভিন্ন “টোল” আদিৰ গঠন হ’ল। শিক্ষালাভৰদ্বাৰা শিক্ষাৰ্থী সকলৰ মন, বুদ্ধি , হৃদয়, আৰু শৰীৰৰ বিকাশ ঘটিলেহে পূৰ্ণ মানৱৰূপে স্বীকৃত হয়। স্বামী বিবেকানন্দই কৈছিল….  “শিশুৰ ভিতৰৰ গুণৰাজিক প্ৰকাশৰ বাট দেখুৱাই দিয়াটোৱেই শিক্ষাৰ উদ্দেশ্য হোৱা উচিত।” মানৱ শিশুৰ মাজতেই এজন সুস্থ নাগৰিকৰ গুণসমূহ লুকাই থাকে। এই

Read more

গ্ৰন্থ:১৯৬২,লেখক: মৃণাল তালুকদাৰ-মামণি কলিতা

মৃণাল তালুকদাৰৰ ‘১৯৬২’ পঢ়িলোঁ। এক ভ্ৰমণ কাহিনীৰ আলমত লিখিছে। বিগত ৫০ বছৰে সকলোৰে অলক্ষিতে লুকাই থকা এক অলিখিত বুৰঞ্জী। দেশ,প্ৰদেশ,গাঁও আগেয়ে নাম নুশুনা অজস্ৰ এলেকাৰ কাহিনী। নতুন নতুন ঘটনাৰ মোৰ। অনন্য বৰ্ণনা আৰু উপস্থাপনে পাঠকক টানি লৈ যায় সেই দুঃসময়লৈ। যি সময়ৰ বুৰঞ্জী আজিও মানুহে নাজানে সঁচা কি। এখন যুদ্ধ। নাম ভাৰত-চীন যুদ্ধ। সৰুৰেপৰা শিকোৱা হৈছে সেয়া চীনৰ আক্ৰমণ বুলি। কিন্তু সেয়া কিমানদূৰ সত্য বাৰু? ব’মডিলা পাৰ হৈ আহিও চীনা সৈন্য কিয় ঘূৰি গ’ল? দৰাচলতে কাৰ আৰু কিহৰ কাৰণে হৈছিল

Read more

সম্পাদকীয়

  পুৱাৰ সূৰুয যেনেদৰে পূব আকাশত উদিত হয়, একেদৰে নিৰ্দিষ্ট সময় হ’লে ই পশ্চিম আকাশত মাৰ যায়। এয়া সময় অথবা কালচক্ৰৰ অমোঘ বিধান। একেদৰে মানৱ জীৱন জন্মৰে আৰম্ভ হয় আৰু ইয়াৰ মৃত্যুত সমাপ্তি ঘটে। আজিৰেপৰা কুৰি বৰ্ষৰ আগলৈকে বাৰ্ধক্য কোনোধৰণে সংশয়ৰ কাৰণ নাছিল। এনে নহয় যে তেতিয়া ৰোগ-ব্যাধিবোৰ নাছিল। ৰোগ-ব্যাধি মানুহৰ তেতিয়াও আছিল, আজিও আছে আৰু আগলৈও থাকিব। পাৰ্থক্য ইমানেই যে আজিৰ দিনৰ ৰোগ-ব্যাধিবোৰৰ স্বৰূপ বহু পৰিমাণে সলনি হ’ল। আজিৰ দিনত বাৰ্ধক্য মানেই যেন ৰোগ হ’বই। আশী আৰু নব্বৈৰ দশক

Read more
1 50 51 52 53 54 62