আশার্পূণা দেবীৰ গল্প: ‘ৰংবদল’,অনুবাদ-উপাসা ভাগৱতী

ইচ্ছা কৰিলেও কোনোপধ্যেই বহু বেলিলৈ বিছনাত পৰি থকিবপৰা নাযায় ,ৰাতিপুৱাতেই টোপনি ভাঙি যায় ৷ টোপনি ভঙাৰ পিচত বিচনাখন কাঁইটৰ দৰে হৈ পৰে ৷  টোপনি ভাঙোতেই ঘড়ীৰ ফালে চালে শুভেন্দুৱে , তাৰপিচত দেৱালত ওলোমাই থোৱা কেলেণ্ডাৰৰ ফালে ৷  আজিৰ তাৰিখটোৰ ৰং ৰঙা ৷ এই ৰংটো হেনো উজ্জ্বলতা আৰু আনন্দৰ প্ৰতীক ৷ কিন্তু তাতে শুভেন্দুৰ কি? শুভেন্দুৰ ওচৰত ৰবি ,সোম, বুধ, শণি সকলোবোৰ বাৰৰেই একেই ৰং।সেই ৰংটোৰ নাম ধূসৰ ৷ সপ্তাহৰ সকলোবোৰ দিনৰেই স্বাদ একেই ৷ সেই স্বাদৰ নাম বিস্বাদ৷  অকালতে এজন

Read more

লেখকৰ প্ৰথম গ্ৰন্থঃলভ এন এডভেঞ্চাৰ অৱ ফিলিংছ্,মোৰ অনুভৱ-খজেন ডেকা

–বুকুখন ভৰি থাকিলেও কোতিয়াবা কথাবোৰে আঁত হেৰুৱাই পেলায়। ক’ব খুজিও ক’ব নোৱাৰা কথাবোৰে আকৌ বুকুলৈকে বাট পোনায়, গধুৰ হৈ পৰে বুকুৰ ভিতৰখন।  –তাই অকলে আছে ঘৰত। অকলশৰীয়া সময়বোৰে পাৰ হৈ যোৱা স্মৃতিৰ কোলাত সপোন ৰচে। হেঁপাহবোৰ জাগি উঠে। …  –মৌনতাৰো ভাষা থাকে। নিজস্ব ভাষা। কিন্তু কেতিয়াবা মৌনতায়ো বৰ অস্থিৰ কৰি তোলে মনক।…. বৰ অপূৰ্ব মৌনতা ভাষাৰ মূৰ্ছনা । অনূভৱী হৃদয়ে ঠিকেই পঢ়ি পেলাব পাৰে এই ভাষাৰ লালিত্য আৰু ব্যঞ্জনা।  —হেঁপাহৰ পিঠিতে আঁউজি আশাবোৰ ঢপলিয়াই আৰু এই আশাবোৰেই মানুহক জীয়াই থাকিবলৈ

Read more

এজনী পিতৃহাৰা কন্যাৰ কথাৰে-মোহাইমিনুৰ ৰহমান

প্ৰচেষ্টাৰ নাছিল অন্ত দুখ যন্ত্ৰনাৰ মাজতো আশাবোৰ এন্ধাৰ হৈ অহাৰ পিছতো সপোন দেখিছিল তাই ঘৰখনক মৰমৰ বান্ধোনেৰে আৱৰি ৰখা দেউতাকৰ হাঁহিটোক ন উদ্যমৰে উভতাই আনিম বুলি।  সৰ্বোচ্চ ত্যাগ কৰিও মাথো ভগৱানৰ চৰণত ভিক্ষা মাগিছিল ম্লান হবলৈ ধৰা দেউতাকৰ হাঁহিটোক উভতাই আনি মৃত্যু জয় কৰিম বুলি।  সপোনবোৰ বন্ধকত দিছিল নতুনকৈ শিৰত সেন্দুৰ লগোৱা সুখবোৰো মোহাৰি পেলাইছিল হাস্পাতালৰ বিছনাত কাতৰ যন্ত্ৰণাত  চটফটাই থকা দেউতাকৰ হাঁহিটোক জীপাল কৰি ৰাখিব বুলি।  কেনেকৈ পাহৰে তাই সেই সময়বোৰ মাতৃহাৰা হোৱাৰ পিচত ঘৰখনত যেতিয়া ক’লা ডাৱৰে বজ্ৰপাত

Read more

পৰিৱেশ ৰক্ষাত জলাশয়ৰ ভূমিকা আৰু আমাৰ কৰণীয়-চন্দামিতা শৰ্মা

বিল তথা জলাশয়সমূহ হ’ল জৈৱবৈচিত্ৰতাৰ এক প্ৰধান আধাৰ । বিভিন্ন পৰিভ্ৰমী চৰাই, জলজ উদ্ভিদ আৰু প্ৰাণীৰে ভৰা এই জলাশয়সমূহ  সবাতোকৈ চহকী, উৎপাদনক্ষম আৰু দীৰ্ঘম্যাদী পুনৰ্ব্যৱহাৰযোগ্য প্ৰাকৃতিক ভাণ্ডাৰ। অন্য অৰ্থত এইবোৰ আমাৰ ৰক্ষা কৱচ কাৰণ এই জলায়শসমূহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত অপৰিসীম ভূমিকা পালন কৰে ।জৈৱবৈচিত্ৰতা সংৰক্ষণকে ধৰি বানপানী প্ৰতিৰোধ তথা  বিভিন্ন জলজ উদ্ভিদেৰে পানীৰ সোঁত প্ৰতিৰোধ কৰাৰ লগতে  প্ৰদূষণ ৰোধ কৰাত জলাশয়ৰ  ভূমিকা  অপৰিসীম।এইবোৰ হ’ল প্ৰকৃতিৰ শ্ৰেষ্ঠ উপহাৰ । এই বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যবোৰ সম্পাদন কৰে বাবে জলাশয়ক প্ৰকৃতিৰ বৃক্ক বা 

Read more

অন্য এক দুৰ্গা-ইলি তালুকদাৰ

মোৰ বিয়াৰ আজি পাঁচ দিন। সময় যেন বহুত দীঘলীয়া হৈ গৈ আছে। কি কৰিম, কি কৰিলে ভাল হ’ব সেয়াও ভাবি উলিয়াব পৰা নাই। মনত পেলালোঁ কইনা হৈ স্বামীৰ ঘৰলৈ বুলি অহা দিনটো।বিয়াৰ দিনা নিশাই মোৰ ঘৰখনে মোক বিদায় দিছিল। চাউল চটিয়াই পিছলৈ ঘূৰি নাচাই বাছ এখনত  উঠিছিলোঁ। সৰু গাড়ী থকা স্বত্বেও মোক দৰাঘৰৰপৰা যোৱা বাছত উঠাই আনিছিল। অচিনাকি ডেকা গাভৰুৰ হাঁহি মাতত নিদ্ৰাহীন দেহাটো এৰি দি  নিচেই পুৱাতে শহুৰৰ পদূলি পাইছিলোঁহি। শাহু আয়ে মিঠাতেলৰ চাকি এটি জ্বলাই পাণ এখনেৰে বা

Read more

পৰিবৰ্তন-মামণি কলিতা

সৰুৰেপৰা গাৰ বৰণটোৰ বাবে পৰিয়ালৰ সকলোৱে অৱজ্ঞা কৰিছিল চুমীক। আইতাকে মাকক সদায় কয় “এইজনীক এসোপা পাউদাৰ লগালেও কোনেও পছন্দ নকৰে বুজিছ; ক’ৰনো সঁচ আহিল আমাৰ ঘৰলৈ!” তাইৰ আজলী মাকে একো নকৈ খালী তাইক সাবটি চকুলো টুকিছিল। লাহে লাহে বুজিবপৰা বয়সত চুমীয়ে দেখিছিল যে আইতাকে খুৰাকৰ ল’ৰা-ছোৱালী দুটাক তাইক দেখুৱাই বেছিকৈ মৰম চেনেহ কৰিছিল।খাবৰ সময়ত সিহঁতৰ সকলো আবদাৰ মানিছিল মাক খুৰীয়েকে; কিন্তু সামান্য অজুহাততে চুমীক আইতাকে মাকৰ গোষ্ঠী উদ্ধাৰি গালি পাৰিছিল। মাকে তাইক সদায় সাহস দিছিল আৰু কৈছিল…. “মাজনী তুমি খুব

Read more

ৰং-বৰষা ডেকা

বহু ৰং দেখিছে সি। সৰুৰেপৰা উমলিছে সেউজীয়াৰ মাজত। পথাৰৰ সোণোৱলী ৰং উপভোগ কৰিছে। নদীৰ নীলা মিহলাই উমলিছে। জনা হ’বৰেপৰা ৰঙেৰে ধেমালী কৰিছে। কেতিয়াবা হয়তো অভিমান কৰিছে – যেতিয়া নীলা আকাশখনি ডাৱৰে বগা কৰি পেলাইছে; যেতিয়া মাটি মিহলি হৈ পানীখিনি মটীয়া হৈ পৰিছে;যেতিয়া বানে পথাৰৰ সেউজীয়া নোহোৱা কৰি পেলাইছে। ৰঙেৰেই মানুহে সপোন দেখে। সিও দেখিছিল। অলেখ সপোন। ৰঙীণ সপোন। ৰংচঙীয়া পখিলা ঘূৰি ফুৰিছিল সপোনত। সেই সপোন পূৰণ কৰাৰ তাড়নাতেই ভৰি দিছিল সি বাস্তৱৰ পৃথিৱীত। এফালে সপোন পূৰোৱাৰ তাড়না,এফালে পেট পূৰোৱাৰ। হাতত

Read more

একতাই পৰম বল-কুমকুম দেৱী শৰ্মাবৰুৱা

মাকজনীয়ে পঢ়াই  উঠি যাবলৈহে পালে ৰন্টু আৰু মন্টু দুয়োটাৰে খেল  আৰম্ভ হৈ গ’ল। স্কেলপাতেৰে পেন্সিলৰ সৰু সৰু টুকুৰা, ৰবৰ ইত্যাদি মাৰি পঠিয়ায় আৰু এইবিলাক ভেণ্টিলেচনৰ তলৰ পকাখনত জমা হৈ থাকেগৈ। এবাৰ ৰন্টুৱে মন্টুৰ ৰবৰটুকুৰা মাৰি পঠিয়ালে । মন্টুৱে তাৰ  পিঠিত দিলে এঢকা। উভতি আকৌ ৰন্টুৱেও এঢকা দিলে। মাকে দৌৰি আহি  দুয়োজনকে কাজিয়া কৰা দেখা পাই ধমকি দিলে। ৰন্টুৱে বোলে সিহে আগতে মাৰিছে, মন্টুৱে বোলে সিহে আগতে মাৰিছে । মাকে বোলে মই ভাতৰ কামখিনি কৰি সোনকালে আহি আছোঁ। দুয়োটাই নিজৰ নিজৰ 

Read more

বাজী (The Bet),মূলঃ এণ্টন চেখভ (Anton Chekhov):অনুবাদ-জ্যোৎস্না ৰাণী দাস

(১) সেয়া আছিল এক শৰতকালৰ অন্ধকাৰ নিশা৷ বৃদ্ধ বেংকাৰজনে ইকোণৰ পৰা সিকোণলৈ অস্থিৰভাৱে পায়চাৰি কৰি আছিল তেওঁৰ অধ্যয়নকক্ষত, মনটো তেওঁৰ উৰা মাৰিছিল পোন্ধৰ বছৰ আগতে এনেকুৱা এটা শৰতকালত তেওঁ দিয়া সেই পাৰ্টীটোলৈ৷ তাত আছিল ভালেসংখ্যক বুদ্ধিমান লোক আৰু আমোদজনক কথোপকথনেৰে মুখৰিত হৈ আছিল পাৰ্টীটো৷ তেওঁলোকে আন আন কথাৰ লগতে চৰম শাস্তিৰ (মৃত্যুদণ্ড) বিষয়ে কথা পাতি আছিল৷ অতিথিসকলৰ ভিতৰত বেছ কিছুসংখ্যক পণ্ডিত আৰু সাংবাদিকেই নহয়, উপস্থিত বেছি অংশই মৃত্যুদণ্ডক অপছন্দ কৰিছিল৷ তেওঁলোকে ইয়াক শাস্তি হিচাপে কাল-বিৰুদ্ধ বুলি গণ্য কৰিছিল, যি খ্ৰীষ্টিয়ান

Read more

দুঃসময়-ৰাজু কুমাৰ নাথ

খলুৱাৰ খলকনিত চোৱা ভাই চৌদিশে লাগিছে জুই, কোদো বৰলেও সাৰ পালে সিহঁতো আছিল শুই। দেশ ৰক্ষা,স্বাভিমানৰ নামত  কুটুমৰ তেজৰ বৈছে এখনি নৈ, চৌদিশে মাথো ধোঁৱা আৰু ছাই মৃত্যুৱে হাত বাউলে তাতে ৰৈ। ওলংগৰ দেশত ‘ধোবা ৰজা’ নামত আছে ৰাজপাট খাই, নিজ বিপদৰ লেশ দেখিলেই মিছাতেই কান্দে ইনাই বিনাই। ভুৱা ছল চাতুৰীৰে নিজকে বোলাই বৰ, দুৰ্বলী হৈ জীয়াই থকাতকৈ তহঁতে  নিঃশেষ হৈ মৰ। প্ৰদৰ্শনকামী এই শক্তিৰ যুঁজত ধৰিত্ৰী হ’ব ছাৰখাৰ, আগতেই মহাপুৰুষে গৈছে কৈ, “…ম্লেছক কৰিব বুন্দামাৰ।” ************

Read more
1 53 54 55 56 57 62