অসমৰ “জাৰোৱাৰ”সকল-হৰিচন্দ্ৰ ডেকা
“অ’ ডেকা! কিনো হচংহচংকৈ পোনেপোনে চাই গৈ আছেহে? অলপ ইফালে-সিফালে চাবচোন, আপুনি অহালৈকে বাট চাই আছোঁ৷ ময়ো আপোনাৰ লগত গৈ আছোঁ ৰ’ব৷” ঘূৰি চাই দেখোঁ দাস খৰধৰকৈ তেখেতৰ ঘৰৰপৰা ওলাই আহিছে৷ আমি দুয়ো বন্ধু একেলগে প্ৰাতঃভ্ৰমণলৈ যোৱা এটা পুৰণি অভ্যাস৷ পিছে তেখেতৰ আন্দামান ভ্ৰমণৰ কাৰণে আমাৰ এই প্ৰাতঃ ভ্ৰমণৰ যুটীত এটা সাময়িক যতি পৰিল; সেয়েহে মই নিজেই এইকেইদিন নিজৰ বন্ধু হৈ প্ৰাতঃভ্ৰমণৰ মজা অনুভৱ কৰি আছোঁ৷ “পিছে দাস, কওকচোন কেনেকুৱা হ’ল আপোনাৰ কলীয়াপানী ভ্ৰমণ?” “থওকহে কলীয়াপানী, তাৰ জাৰোৱাৰসকলৰ কথা সোধক
Read more