ভ্ৰমণৰ অভিজ্ঞতা-কুঞ্জ খাউণ্ড

আমাৰ গৃহস্থই চাকৰি সূত্ৰে এল টি চি  পাইছিল প্ৰতি চাৰি বছৰৰ মূৰত।সেইবাবে আমি দুটা পৰিয়াল লগ হৈ উত্তৰ ভাৰত ভ্ৰমণলৈ যোৱাটোকে ঠিক কৰিলোঁ  কিয়নো দক্ষিণ ভাৰতলৈ এবাৰ গৈছোঁ । আমাৰ তিনিজনীয়া পৰিয়াল আৰু তেখেতসকলৰো ল’ৰা এটাৰে সৈতে তিনিজন।দুয়োটা পৰিয়ালৰ মত সাপেক্ষে আমি যাওঁতে ৰাজধানী এক্সপ্ৰেছ আৰু ঘূৰি আহোঁতে বিমানত অহাটোকে ঠিক কৰি সেই মতে টিকেট কৰিলোঁ । চনটো আছিল ২০০৮ চনৰ ডিচেম্বৰ মাহ।কাৰণ ল’ৰা ছোৱালী দুয়োটাৰে বছৰেকীয়া পৰীক্ষা হৈ গৈছে । গতিকে ফুৰাৰ উপযুক্ত সময়।তাৰিখটো বোধহয় ডিচেম্বৰৰ ৮ তাৰিখ আছিল।আমি

Read more

নাৰী স্বাধীনতা, মৰ্যদা ইত্যাদি-বৰষা ডেকা

মহাত্মা গান্ধীয়ে কৈছিল,  “মই যদি নাৰী হৈ জন্ম গ্রহণ কৰিলোঁহেঁতেন, তেন্তে পুৰুষে নাৰীক খেলাৰ সামগ্রী হিচাপে গণ্য কৰি অহা ভ্রান্ত ধাৰণাৰ বিপক্ষে বিপ্লৱ কৰিলোঁহেঁতেন৷” এই কথাষাৰ মনলৈ আহিল এই কাৰণেই যে আজিকালি বৈদ্যুতিন মাধ্যম আৰু ছপা মাধ্যমৰ যোগেদি সহজতে আৰু সঘনাই দেখি-পঢ়ি থকা খবৰটো হ’ল নাৰী বলাৎকাৰৰ নির্লজ্জ ঘটনা৷ বর্তমানৰ স্বাধীন দেশখনত পৰাধীনতাৰ শিকলিৰে মেৰ খাই থকা নাৰীৰ বিষয়ে বহু কথাই মনলৈ আহে৷ পদ্মশ্রী নলিনীবালা দেৱীয়ে ‘নাৰী’ নামৰ এটা কবিতাত এনেদৰে নাৰীক উপস্থাপন কৰিছে যে কবিতাটোৰ প্রতিটো শব্দ, প্রতিটো স্তৱকে

Read more

দুৱাৰৰ ইতিবৃত্ত-উপাসা ভাগৱতী

দুৱাৰ,দৰ্জা,কপাট আদি ভিন্ন শব্দৰে পৰিচিত ঘৰৰ দুৱাৰৰ চৌকাঠত ধৰি থিয় হৈ  পদূলিলৈ চাই থাকোঁতেই হঠাতে মনত পৰিল সৰুতে  আইতাই এইদৰে দুৱাৰৰ সোঁমাজত থিয় হৈ থাকিবলৈ মানা কৰিছিল। কেতিয়াবা কথা নুশুনি পোলা ডালত বহি পৰোঁতেই দবিয়াই নৰসিংহৰূপী নাৰায়ণে  হিৰণ্যাকশিপুক  বধ কৰা ক্ষণ আৰু ঠাইৰ কথা উল্লেখ কৰি বুজাইছিল। এৰা সেই অৱতাৰ যি জন্তুও নহয় মানুহো নহয় , সেয়া দিন আৰু ৰাতিৰ সন্ধিক্ষণ অৰ্থাৎ সন্ধিয়া আৰু ঘৰৰ ভিতৰতো নহয় বাহিৰতো নহয়,অৰ্থাৎ সি  আছিল দুৱাৰদলি— যি অমৰ হলোঁ বুলি ভবা অসুৰটোৰ মৃত্যুৰ কাৰক

Read more

চোৰটোৰ কাহিনী,ৰাস্কিন ব’ণ্ড :অনুবাদ-চিত্ৰলেখা দেৱী

(ভাৰতীয় লেখক ৰাস্কিন ব’ণ্ডৰ  THE THIEF’S STORY নামৰ ইংৰাজী গল্পৰ অসমীয়ালৈ ভাবানুবাদ )  মই  অনিলক যেতিয়া প্ৰথম লগ পাওঁ মই  এটা চোৰেই আছিলো। যদিও মই  মাত্ৰ পোন্ধৰ বছৰীয়াহে আছিলো  মই  সম্পূৰ্ণ অভিজ্ঞ আৰু দুখন পাকৈত  হাতৰ গৰাকী আছিলো। এখন মালযুঁজ খেল উপভোগ কৰি থাকোঁতে মই প্ৰথম অনিলৰ মুখামুখি হওঁ। তেওঁ প্ৰায় পঁচিশ বছৰীয়া — এজন ওখ-পাখ,  ক্ষীণ-মিন লোক। মোৰ  উদ্দেশ্য  সিদ্ধিৰ বাবে তেওঁক বৰ  সহজ – সৰল  আৰু  দয়ালু  যেন লাগিছিল। মই  বেছি  পলম কৰি সৌভাগ্য হেৰুৱাব নুখুজিলোঁ আৰু  ভাবিলো

Read more

“দ্যা ব্লু ষ্টাৰ—-বুলেট টু ইন্দিৰা” গ্ৰন্থৰ স্ৰষ্টা ৰামানুজ গোস্বামীৰ সৈতে অন্তৰঙ্গ আলাপ

ফেচবুক মাধ্যমৰ জৰিয়তে বৰ্ত্তমান অসমীয়া ভাষাৰ যি প্ৰচাৰ আৰু প্ৰসাৰ আৰম্ভ হৈছে,সেয়া অসমীয়া ভাষা সাহিত্যৰ বাবে অত্যন্ত আশাপ্ৰদ এক খবৰ বুলিব পাৰি। নতুন গ্ৰন্থ একোখন ৰচনাৰ প্ৰতি যুৱচামৰ ধাউতি দেখি আমি অভিভূত হৈছোঁ। “লায়ণ্স আৰ্মি” গ্ৰন্থৰ সৃষ্টিৰে সাহিত্যজগতত প্ৰথম খোজ পেলাই পাঠকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা ৰামানুজ গোস্বামী ফেচবুক জগতত Ramanuj G নামেৰে পৰিচিত আৰু ব্যক্তিগত জীৱনত তেওঁ এজন অভিযন্তা। “দ্যা ব্লু ষ্টাৰ—বুলেট টু ইন্দিৰা” নামৰ ৰামানুজ গোস্বামীৰ দ্বিতীয় গ্ৰন্থখন প্ৰকাশ হোৱাৰ লগে লগে সাহিত্য অঁকাডেমী বঁটা বিজয়ী ৰীতা চৌধুৰী

Read more

উজান বজাৰ ঘাট আৰু তাৰ কথাৰে-অৰ্চন শৰ্মা

:কেনেকুৱা? : ইটছ আমেজিং (its amazing) শব্দকেইটা আপোনা-আপুনি ওলাই আহিল। বেলিভিউৰ সৌন্দর্যই এনেকুৱা, ব্ৰহ্মপুত্ৰৰ মাজত পাহাৰৰ ভাঁজে ভাঁজে হেঙুলীয়া আভাবোৰ বিয়পি পৰিছে, বেলি লহিয়াবলৈ বেছি পৰ নাই। :ফটো মাৰি দিব লাগে যদি কোৱা। সি ক’লে। :নালাগে ব্র, মই ফটো উঠা টাইপৰ নহয় ইমান। মোবাইলৰ কেমেৰাটো অন কৰি ফটো দুখনমান তুলি থলোঁ, ভাল অহা নাই, তথাপি! : আৰু আগলৈ যাব পাৰি নে? সি বেলিভিউৰ সৌন্দর্যত আপোন পাহৰা হৈ আছিল, মোৰ কথাত ঘূৰি চালে। :নোৱাৰি ভাই, আগত এলাও নহ’ব। :তেন্তে ৰিটাৰ্ন যাওঁ

Read more

চাহেব পুৰাৰ বৰষুণ-বৰষা ডেকা

‘চাহেব পুৰাৰ বৰষুণ’ শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৱে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৩ চনত। ‘চাহেবপুৰাৰ বৰষুণ’ কাহিনীটো আৰম্ভ হৈছে বৰ্ষা আৰু প্ৰান্তিকৰ ৰেল যাত্ৰাৰে। প্ৰান্তিক হৈছে বৰ্ষাৰ প্ৰেমিক যাৰ লগত কিছুদিন পাছতেই বৰ্ষাৰ বিয়া হোৱা কথা আছিল। প্ৰান্তিক আৰু বৰ্ষাই ৰেল যাত্ৰা কৰি থাকোঁতেই তেওঁলোকৰ ৰেলখন দুৰ্ঘটনাত পতিত হোৱাৰ বাবে বিহাৰৰ চাহেবপুৰা নামৰ ঠাইত ৰ’ব লগা হয় আৰু সেই মুহূৰ্ততেই বৰ্ষাই লগ

Read more

সম্পাদকীয়-নয়নমণি হালৈ

যোৱা বছৰৰ গ্ৰীষ্মৰ কোনো এটা অলস আৰু বিমৰ্ষ দুপৰীয়া| মোৰ মন গ’ল কোনোবা এখন শান্ত নিৰিবিলি ঠাইত বহি ‘বীয়েৰ’ (পানী আৰু চাহৰ পিচতেই ই হেনো সৰ্বাধিক জনপ্ৰিয় পানীয়!) এটা হাতত লৈ দুপৰীয়াটো কটাই দিবলৈ| প্ৰকৃতিগতভাৱে মানুহ বান্ধোন মনা জীৱ নহয়| পৰিৱেশ আৰু পৰিয়ালৰ প্ৰতি থকা কৰ্তব্যই মানুহক বান্ধোনমুখী কৰি তুলিছে| এই দায়িত্ব আৰু কৰ্তব্যই সীমিত কৰি অনা পৰিসীমাৰ ভিতৰতে বহু মানুহৰ আদিম আকাংক্ষা আৰু হেঁপাহৰ ফল্গুধাৰা শুকাই কৰকৰীয়া হৈ গৈছে| অসংখ্য ইচ্ছা, আকাংক্ষা মনত ঢৌ তুলি সি বুৰবুৰণি হৈ এদিন

Read more

ডেজা ভূ (déjà vu)-যোগেশ ভট্টাচাৰ্য

(প্ৰথম খণ্ড) খপজপকৈ সাৰ পাই উঠিল সি। প্ৰায়েই সেই সপোনটো দেখে সি। মংগল গ্ৰহৰ আকাশত এয়াৰবাইক খন লৈ সি ঘূৰি ফুৰে। পলমকৈ অফিচত সোমায়েই সি বছৰ সন্মুখীন হ’ল। “আজিও দেৰিকৈ সাৰ পালা নেকি স্বপ্নীল?” তাৰ লগত বছৰ খুবেই ভাল সম্পৰ্ক। দায়িত্বৰ কামখিনি নিয়াৰিকৈ কৰে বাবে পলম হলে বা কেতিয়াবা ছুটী ল’লেও বছে বেয়া নাপায় তাক। অফিচটোত সিয়েই একমাত্ৰ ব্যক্তি যাৰ লগত বছে ব্যক্তিগত কথাও পাতে মাজে সময়ে। “আজি আকৌ সেই সপোনটো দেখিছিলোঁ, চাৰ।” “মংগল গ্ৰহৰ সপোনটো? হেঃহেঃ।” “হমম… মংগল গ্ৰহত

Read more

তুমি থকাহেঁতেন-ৰিমঝিম বৰঠাকুৰ

‘পাপা তুমি মোক ড্ৰপ কৰিবানে?’ ‘য়েছ বেবী।’ ‘তেন্তে ওলোৱা আকৌ। সদায় তুমি লেট মানে।’  দেউতাকলৈ চাই ভোৰভোৰাই প্ৰিয়ম ওলাই গ’ল। কাইলৈ সৰস্বতী পূজা, সেয়ে আজি তাই অকণমান বজাৰলৈ যায় বোলে। ঘূৰি আহোঁতে পাৰ্লাৰত সোমাই কিবা হেয়াৰ চেটিংছো কৰি আহিব বোলে। আজিকালিৰ ল’ৰা-ছোৱালী। স্কুলত পঢ়ি থাকোঁতেই সিহঁতৰ ফেশ্বনৰ ওপৰত যি জ্ঞান, সেয়া অসীমৰ দৰে মানুহে বুজিব নোৱাৰে। এইবাৰ স্কুলৰ শেষ বছৰ বুলি অকণমান ষ্টাইল কৰোঁ বুলি জীয়েকে টেনলৈ পোৱাৰ পৰাই লাগি আছিল। অসীমৰো বেছি না ক’বলৈ মন যোৱা নাই। মানে জীয়েকক

Read more
1 56 57 58 59 60 62