তুমি-কুশল মহন্ত

তোমাৰ কাজল সনা দুচকুত বিলীন হোৱা সময়ত অলপ – অচৰপ যৌৱনৰ ধেমালি ! মৌনতাইতো শেষ নহয়; শব্দৰ মায়া জালত ৰাগ মেঘমল্লাৰ… যেন, অসীম সাগৰৰ নীলিম জোৱাৰ  স্নিগ্ধ জোনাকৰ দিগন্ত প্ৰসাৰ । আঙুলিৰ পৰশত জাগি  উঠে এটি সপোন, হৃদয়ৰ নিভাঁজ একোণত। *******

Read more

মে-ডাম-মে-ফী: এক চমু অৱলোকন (নিবন্ধ-বৰষা ডেকা

ত্ৰয়োদশ শতিকাৰ তৃতীয় দশকৰপৰা ঊনবিংশ শতিকাৰ তৃতীয় দশকলৈকে নিৰৱছিন্নভাৱে আহোম স্বর্গদেউ সকলে অসমত ৰাজত্ব কৰি অসম বুৰঞ্জীত এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰি থৈ গৈছে।প্ৰায় ছশ বছৰৰ (১২২৮-১৮২৬ খ্ৰীঃ) এই দীঘলীয়া কালছোৱাত অনেক জয়-পৰাজয়,ঘাত-প্ৰতিঘাত,সন্ধি-বিগ্ৰহ, মিত্ৰতা-শত্ৰুতা,বিনিময়-সংগ্ৰহ আদিৰ যোগেদি তেওঁলোকে গঢ়ি তুলিছিল বৰ অসম আৰু বৃহত্‍ অসমীয়া জাতি।আহোম যুগৰ এই ইতিহাস বিস্ময় আৰু ৰোমাঞ্চেৰে ভৰা। আহোম যুগৰ এক ধর্মীয় সামাজিক উত্‍সৱ মে-ডাম-মে-ফী।এই উত্‍সৱ টাই আহোমসকলে উদযাপন কৰা পূর্ব পুৰুষৰ পূজা।মে-ডাম-মে-ফী ৰ অর্থ হ’ল-মে মানে প্ৰার্থনা বা পূজা কৰা,ডাম মানে পূর্বপুৰুষ বা মৃতক আৰু

Read more

জীৱন: স্বপ্নৰেই সমাহাৰ-বিৰিঞ্চি মহন্ত

মানুহৰ জীৱন চক্ৰ এখন নদীৰ দৰেই। নদীৰ উৎস আছে, আৰম্ভণি হৈ মধ্যস্থলৰপৰা ক্ৰমে সাগৰত মিলিত হয়। মানুহৰ জীৱনো একেই,ক্ৰমশঃ বাঢ়ি আহে পল-অনুপলকৈ। নদীৰ দৰেই মানুহৰ জীৱনৰো উৎস আছে। আৰম্ভণিও আছে, মধ্য আৰু শেষো আছে। উৎপত্তিস্থলত নদীখন তেনেই ঠেক আৰু সৰু হৈ থাকিলেও উৎসৰ কিছু আঁতৰত বহল হৈ পৰে। জীৱনো তেনেই। জন্মতে দুখন হাতেৰে সাৱটি ল’বলৈও ভয় লগা কণমানি দেহাটো ক্ষণে ক্ষণে বাঢ়ি আহে। লগতে মন আৰু জ্ঞানো। ক্ষুদ্ৰ দেহাৰ ভিতৰত থকা ক্ষুদ্ৰ মন আৰু ক্ষুদ্ৰ জ্ঞান। জন্মতে এটি শিশুৰ জ্ঞানৰ

Read more

কিতাপ, কিতাপৰ বছৰ আৰু কিছু প্ৰাসংগিক কথা….

সম্পাদকীয়ৰ বাটচ’ৰাতে ‘শব্দচিত্ৰ…জীৱনজিজ্ঞাসা’ ই আলোচনীৰ শ্ৰদ্ধাৰ লেখক, পাঠক তথা সকলো কৰ্মকৰ্তাকে সশ্ৰদ্ধ  প্ৰণাম জনোৱাৰ লগতে পলমকৈ হ’লেও ইংৰাজী নৱবৰ্ষ আৰু  ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। কিতাপৰ প্ৰতি সজাগতা অসমীয়া মানুহৰ মুঠেই সন্তোষজনক নহয়।সেয়েহে অসমত কিতাপৰ ব্যৱসায়ো আশানুৰূপ নহয়।অসমত এতিয়ালৈকে এটা উল্লেখযোগ্য গ্ৰন্থবিপ্লৱৰে সূচনা হোৱা নাই।এইবোৰ কাৰণতে হয়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে ২০২৫ বৰ্ষটি ‘কিতাপৰ বছৰ’ ৰূপে পালনৰ কথা ঘোষণা কৰিছে।যোৱাটো বছৰৰ ডিচেম্বৰ মাহৰ ২৩ তাৰিখে ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।জনসাধাৰণৰ বিশেষকৈ নতুন প্ৰজন্মৰ মাজত

Read more

সুখবোৰ কেনেকৈ বিচাৰি পাওঁ-উপাসা ভাগৱতী

“মাঘৰ ষষ্ঠী তিথিটো এইবাৰ আগুৱাইছে,চাবাচোন”…. বাণী বৌৱে ফোনতে কৈ উঠিল।মনটো ষষ্ঠী তিথিটোত সোমাই পৰিল।কেৰাহীত এটা ছন্দত লৰি থকা হাতখনে যেন ছন্দ হেৰুৱালে।লাহেকৈ ঘূৰি পাকঘৰত বিভিন্ন হিচাপ-নিকাচ কৰিবলৈ থোৱা ডাঙৰ ডাঙৰকৈ তাৰিখবোৰ লিখা কেলেণ্ডাৰখনলৈ চকু দিলে।এৰা মাঘৰ ষষ্ঠী এইবাৰ জানুৱাৰীত।সৰস্বতী পূজা তাৰমানে ফেব্ৰুৱাৰীত পৰিছে।এই তাৰিখত পূজা বুলি লিখি থোৱা নাই দেখোন।পাতটো লুটিয়াই ফেব্ৰুৱাৰীত চকু পৰিল… ১৪ফেব্ৰুৱাৰী।লগতে বুধবাৰ আৰু ফাগুন মাহ পৰা দেখিয়েই মনলৈ আহিল–আলি-আই-লৃগাং উৎসৱো এই একেটা দিনতে–যেন ত্ৰিবেণী সংগম।ভাল লাগি গ’ল মনটো।গুণগুণাই গান এটি গাই উঠিল মানসীয়ে।মনটো যেন পাতল হৈ

Read more

প্ৰাচীন ভাৰতৰ সেই মহান জ্যোতিৰ্বিজ্ঞানী তথা গণিতজ্ঞ জন-পংকজ বৰুৱা 

প্ৰাচীন ভাৰতবৰ্ষত অনেক এনে মহান বৈজ্ঞানিক, গণিতজ্ঞ তথা চিন্তাবিদৰ জন্ম হৈছিল যি জ্ঞানৰ নতুন নতুন দ্বাৰ মুকলি কৰিছিল।প্ৰাচীন ভাৰতৰ এনে এজন মহান চিন্তবিদ, প্ৰখৰ বুদ্ধিসম্পন্ন তথা মেধাবী গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আছিল আৰ্যভট্ট। ৪৭৬ চনতে তেওঁ প্ৰমাণিত কৰিছিল যে পৃথিৱীহে গতিশীল সূৰ্য্য স্থিৰ। পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ঘূৰে,সূৰ্য্য পৃথিৱীৰ নহয়। তেওঁৰ জন্মৰ প্ৰায় ১০০০ বছৰৰ পিছত এই কথাকে জ্যোতিৰ্বিজ্ঞানী ক’পাৰনিকাছেও কয়। আৰ্যভট্টৰ জন্ম আজিৰ পৰা প্ৰায় ১৬০০ বছৰৰ আগতে  ৪৭৬চনত বৰ্তমানৰ পাটনা,পুৰণি ভাৰতৰ মগধ ৰাজ্যৰ ৰাজধানী পাটলিপুত্ৰৰ দাতিকাষৰীয়া কুসুমপুৰ নামৰ গাঁৱত হৈছিল।মগধ

Read more

আইচফিল্ড পাৰ্কৱে আৰু জেচপাৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সপোন যেন যাত্ৰা-ৰঞ্জনা দত্ত

কেনাডাৰ ব্ৰিটিছ কলম্বিয়া আৰু আলবাৰ্টা প্ৰদেশৰ উপৰিও আমেৰিকাৰ পশ্চিম দিশৰ ইডাহো,মন্টানা, কলৰাডো হৈ একেবাৰে নিউ মেক্সিকোলৈকে ৪৮০০ কিলোমিটাৰ জুৰি বিস্তৃত হৈ থকা ৰকি পৰ্বতমালা ভ্ৰমণকাৰীসকলৰ বাবে স্বৰ্গ বুলি অভিহিত কৰা হয়।এই পৰ্বতমালাতেই আছে ১২,০০০ ফুটতকৈও ওখ প্ৰায় ষাঠিতা বৰফাবৃত পৰ্বত শৃঙ্গ আৰু ইয়াৰ চাৰিওকাষে ঠায়ে ঠায়ে সৃষ্টি হোৱা অপূৰ্ব সুন্দৰ টাৰকুইছ নীলা পানীৰ সৰোবৰ আৰু নদী,ঘন সেউজীয়া অৰণ্য আৰু বিভিন্ন আকৃতিৰ সৰু ডাঙৰ অসংখ্য পাহাৰ চূড়াৰ শেষ নোহোৱা শাৰীবোৰ।এইবোৰৰ মাজে মাজে বহল নিমজ হাইৱে আৰু ইয়াৰ দুয়োকাষৰ অৰণ্য আৰু শিলৰ

Read more

সংখ্যাটোৰ আঁৰৰ কথা

যোৱা নবেম্বৰ মাহৰ কথা।নৱোদয় নেতৃত্ব সংস্থা,ৰঙিয়াত বিভাগীয় প্ৰশিক্ষণ এটাত ব্যস্ত আছিলোঁ।প্ৰশিক্ষণৰ মাজতে এদিন সন্ধিয়া সময়ত জৱাহৰ নৱোদয় বিদ্যালয়ৰ অসমীয়া শিক্ষকসকলৰ সমস্যা কিছুমানৰ বিষয়ে সকলোৱে বহি আলোচনা কৰি আছিলোঁ।হঠাতে মোৰ ফোনটো বাজি উঠাত লৰালৰিকৈ হাতত তুলি  ল’লোঁ । স্ক্ৰীনত ভাঁহি উঠিল ‘শব্দচিত্ৰ’।ফেচবুকৰ এক অন্যতম সাহিত্য চৰ্চাৰ গোট ‘শব্দচিত্ৰ…জীৱনৰ কলাজ’ৰ এগৰাকী মুখ্য ব্যৱস্থাপক শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামীৰ নম্বৰটো মই এই নামেৰেই চেভ কৰি ৰাখিছোঁ । ফোনটো হাতত‌ লৈ  লৰালৰিকৈ বাহিৰলৈ ওলাই আহি ৰিচিভ কৰিলোঁ।সন্ধিয়াৰ সম্ভাষণ জনাই সিমূৰৰপৰা গোস্বামীদেৱে দুই এষাৰ কথা পাতি মোক

Read more

বাৰ মাহ-কুমকুম শৰ্মাবৰুৱা

ব’হাগ যে আমাৰ          প্ৰথম মাহ             জাতিয়ে স্নান কৰে, কপৌফুল পিন্ধি        বিহু নাচনীয়ে          বিহুতলীত এপাক নাচে। জেঠ মাহত                 বৰ গৰম                বাৰ খৰ মাৰে, আহাৰ মাহত             আম,কঁঠাল             বগৰী,জামু পকে। শাওন মাহত           খেতিৰ ভৰপক               পথাৰত কঠিয়া ৰোৱে, ভাদ মাহত           গুৰুদুজনাৰ তিথি              নামঘৰত ভাগৱত পঢ়ে। আহিন মাহত            

Read more

ভক্ষক-মানসী শৰ্মা

“যা, কিয় থেৰোগেঁৰো কৰিছ? তেওঁ আমাৰ ভগৱান। ভগৱানলৈ ভয় নকৰে নহয়।” লেকেচিয়াই লেকেচিয়াই খোজকাঢ়ি অহা ছোৱালীজনীৰ অৱস্থাটো দেখি তাই কিংকৰ্তব্যবিমূঢ় হৈ ঠাইতেই বহি পৰিল। ভগৱান যেতিয়া ৰাক্ষসলৈ পৰিৱৰ্তন হ’ল, তাই কাক ভাৰসা কৰিব। *******

Read more
1 4 5 6 7 8 62