দেহাকণী-অশোক কুমাৰ নাথ

দেওবাৰ।পুৱাই পুৱাই শ্ৰীমতী দাং খাই উঠিল…… “তুমি সবতে কণীটো কিয় লগাই লগাই দিয়া?” “ক’ত লগাইছোঁ?কেতিয়া লগাইছোঁ?” “লগাইছা তুমি! কণীকংকনা, কণীমালা, কণীপ্ৰিয়া, কণীমা….এইবোৰ কি তেন্তে?এইবোৰ কি নাম হ’ল? মোক ভাল পোৱা হ’লেহে ভাল নাম এটা তোমাৰ মনলৈ আহিলহেঁতেন!মোক জানো তুমি ভাল পোৱা?” ময়ো উঠিলোঁ দাং খাই….. “নাম এটা বিচাৰি দিব পৰা নাই বাবেই ‘ভাল নাপাওঁ’ বুলি ছাৰ্টিফিকেটখন দিয়েই দিলা! আৰু শুনা…..দুটাকৈ ভাল নাম থাকোতেই তৃতীয় নাম এটা তোমাকনো কিয় লাগিছে?” উচাট মাৰি কান্দি-কাটি শ্ৰীমতী শোৱনি কোঠাৰ ফালে দৌৰ মাৰিলে।দৌৰ মৰা বুলিয়েই

Read more

অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা ‘সৌমাৰ নন্দিনী’, ‘ৰাধিকা’ৰ লেখিকা জুৰি শইকীয়াৰ সৈতে এটি সাক্ষাৎকাৰ

(সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ববিতা শৰ্মাই) ববিতা শৰ্মাঃ নমস্কাৰ।পোনপ্ৰথমতে আপোনাৰ বহুমূলীয়া সময় ‘শব্দচিত্ৰ -জীৱন-জিজ্ঞাসা’ক দিয়াৰ বাবে আপোনালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। প্ৰথমে আপোনাৰ শৈশৱ আৰু শিক্ষাৰ বিষয়ে জানিব বিচাৰোঁ।সোণসেৰুৱা শৈশৱৰ স্মৃতিৰ বৰপেৰাত সাঁচি থোৱা আপোনাক প্ৰায়ে নষ্টালজিক কৰি তোলা কিবা ঘটনাৰ বিষয়ে আমাকো জনাব নেকি? জুৰি শইকীয়াঃ নমস্কাৰ।আপোনালোককো অশেষ ধন্যবাদ।সৰুতে পথাৰত লেছেৰি বোটলি সেই ধান বেচি পোৱা পইচাৰ আনন্দই সুকীয়া।কঠ বা থৈলা লৈ স্কুললৈ গৈ আমলখি,শিলিখা বিনিময় কৰি খোৱা কথাবোৰে আজিও আনন্দ দিয়ে।অৱশ্যে কলেজত পঢ়ি থকা সময়ত আলফা সংগঠনৰ নামত দুটামান

Read more

অসমীয়া শিশু-সাহিত্যৰ মহাৰথী মৌচাক মামা শান্তনু তামুূলী-গোবিন কুমাৰ খাউণ্ড

মুখ আৰু মূৰত উ-কাৰ হয়নে ঊ-কাৰ হয় সেই কথাটোত মোৰ  কেতিয়াবা খেলিমেলি লাগিছিল।সেই খেলিমেলি এক নিমিষতে দূৰ হৈছিল ‘যাদু সম্ৰাট’ এম হুছেইনৰ পৰম বন্ধু  ‘মৌচাক মামা’ শান্তনু তামূলী ছাৰে কোৱা এক  যাদুকৰী কথাত।ছাৰে কৈছিল, “মানুহে মুখখন পৰাপক্ষত বন্ধ কৰি থʼব লাগে বাবে  ‘মুখ’ত উ-কাৰ আৰু মূৰটো সদায় খুলি থʼব লাগে কাৰণেই ‘মূৰ’ত ঊ-কাৰ দিব লাগে।”  কথাষাৰে মোৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল। শব্দৰ ব্যৱহাৰত অতিকৈ কৃপণ ডক্টৰ প্ৰমোদ চন্দ্ৰ তামূলী নামৰ শিশু মনৰ বিজ্ঞানীজনে শিশু-কিশোৰক শব্দ, চিন্তা আৰু অনন্ত কৌতূহলৰ এখন

Read more

চকু বিষয়ক-মৌচুমী হাতীবৰুৱা

মোৰ দুটা  চকু আপোনাৰো দুটা চকুৰে আপুনি এখন পৃথিৱী দেখে বাওঁ চকুৰে আপুনি যি দেখে সোঁ চকুৱে তাকেই সত্য বুলি সমৰ্থন কৰে মোৰহে সমস্যাটো সুকীয়া মুঠেও মিল নাই দুই চকুৰ বাওঁ চকু ৰঙা সোঁ চকু নীলা বাওঁ চকু বিদ্ৰোহী জেদী আৰু অভিমানী সোঁ চকু শান্ত সমাহিত সপোন-বিলাসী বাওঁ চকুৰ আছে ৰক্ত ৰঞ্জিত  এক সুদীৰ্ঘ ইতিহাস  সোঁ চকুত ভালপোৱাৰ এসাগৰ নীলা দুই চকুৱে মোক দুফালে টানে দেখুৱায় দুখন বেলেগ পৃথিৱী দুচকুৰ টনা আঁজোৰাত বিভ্ৰান্ত হৈ পৰোঁ মই বিভ্ৰান্ত হৈ পৰে মোৰ

Read more

জোনৰ আগমন-নন্দিতা ভাণ্ডাৰ কায়স্থ

শিয়ালীয়ে এ নাহিবি ৰাতি            তোৰে কাণে কাটি লগামে বাতি                 এ শিয়ালী নাহিবি ৰাতি।।     তিনিবাৰ নিচুকণি গীতটি গোৱাৰ অন্তত ভনিতাৰ সোণে টোপনিত ঢলি পৰে।ডেৰ বছৰীয়া সোণক টোপনি নিয়াবলৈ ভনিতাই সদায়ে তিনি-চাৰিটা নিচুকণি গীত গাবলগীয়া হয়। কিন্তু শেষত “শিয়ালীয়ে এ নাহিবি ৰাতি” গীতটো গালেহে সোণৰ চকু জাপ খায়।সোণৰ দুয়োকাষে গাৰু দি ভনিতা লাহেকৈ বিচনাৰপৰা নামি আহে। ৰাতিপুৱা জলপান অকণ খাই সোণে সদায়ে টোপনি যায়। কণমানিজনী শুলে ভনিতাইও অলপ সকাহ পায়।নহ’লে তাইক একেবাৰে থৰকাছুটি হেৰুৱাই পেলাবলগীয়া অৱস্থা কৰে। ঘৰুৱা কাম কেইটা অন্ততঃ

Read more

মকৰ সংক্ৰান্তিৰ মহত্ত্ব আৰু অসমৰ মাঘ বিহু-উপাসনা ভাগৱতী

সাধাৰণতে সূৰ্যই এটা ৰাশিৰপৰা আন এটা ৰাশিলৈ গমন কৰা দিনটিক ‘সংক্রান্তি’ বোলা হয়।সংক্ৰান্তিক দোমাহী বুলিও কোৱা হয়।আমাৰ অতিকৈ চেনেহৰ তিনিটি বিহু সূৰ্যৰ তিনিটি বিশেষ অৱস্থান কালৰ সংক্ৰান্তিত উদযাপিত হয়।ব’হাগত ‘মহাবিষুৱ সংক্ৰান্তি’, কাতিত ‘জলবিষুৱ সংক্ৰান্তি’ আৰু মাঘত ‘মকৰ উত্তৰায়ণ বা বিষ্ণুপদী সংক্ৰান্তি’ বোলা এই প্ৰতিটো বিহুৱেই কৃষিৰ লগত সংপৃক্ত।ব’হাগত শস্য ৰোৱা, কাতিত সোণগুটি লগা আৰু মাঘত সেই সোণগুটি চপাই ভঁৰালত ভৰোৱা সময়।এই তিনিওটি বিহুৱেই আমাৰ প্ৰাণৰো আপোন ।  বিশেষকৈ সূৰ্যই মকৰ ৰাশিত অৱস্থান কৰি উত্তৰলৈ গতি কৰা পুহৰ সংক্ৰান্তি; যাক মকৰ

Read more

অণুগল্প-সমীৰণ শৰ্মা

 (১) সুখ ধনী মানুহবোৰৰেই ভাল।সুখী তেওঁলোক।অন্ততঃ খাবলৈ, শুবলৈ কোনো চিন্তা কৰিব নালাগে।দিন হাজিৰা কৰিবলৈ যাওঁতে বাটতে সদায় দেখি থকা ৰাজ অট্টালিকাটোলৈ চাই অৰূপে সদায় এনেদৰে ভাবে। পাছদিনা ৰাতিপুৱা ৰাজ অট্টালিকাটোৰ সন্মুখত মানুহবোৰ গোট খোৱা দেখি চাইকেলখনৰপৰা নামি অৰূপো আগবাঢ়ি যায়। আন সকলোকে আচৰিত কৰাৰ দৰে অৰূপকো ঘটনাটোৱে আচৰিত কৰি তুলিলে।বাৰে বাৰে তাৰ মনত এষাৰ কথাই খুন্দিয়াই থাকিল।আচলতে ঘৰবোৰে সুখৰ সংজ্ঞা নিৰূপণ নকৰে।নহ’লেনো সম্পত্তিৰ বাবে পুতেকে পিতাকক হত্যা কৰেনে!                          (২) মৰমৰ ৰং জন্ম হোৱাৰেপৰা প্ৰত্যেটো সময়তে ছোৱালী সন্তান তিনিগৰাকীক দুখ কষ্ট

Read more

নাৰী-পুৰুষৰ সমমৰ্যাদা-ইলি তালুকদাৰ

ভাৰতীয় সংবিধানে নাৰী-পুৰুষৰ সম অধিকাৰৰ কথা ক’লেও কথাষাৰ কিমানদূৰ সঁচা ক’বলৈ টান। শুনিবলৈ বেয়া লাগিলেও এইখন দেশতেই  প্ৰতিদিনে নাৰী ধৰ্ষিতা হয়, নাৰী অপহৃতা হয়, যৌতুকজনিত কাৰণত নাৰীৰ মৃত্যু হয়, নাৰী লাঞ্ছিতা হয়, নাৰী অপমানিতা হয়। নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৱে অলপতে ২০২২ বৰ্ষৰ খতিয়ান দাঙি ধৰি কৈছে যে – দেশত চাৰি লাখ পঞ্চল্লিশ হাজাৰৰো অধিক অপৰাধমূলক ঘটনা সংঘটিত হৈছে কেৱল নাৰীৰ বিৰুদ্ধে। সংস্থাটোৰ মতে প্ৰতি ঘণ্টাত বাৰ গৰাকীকৈ নাৰী অপহৃতা হৈছে। ৰাতিপুৱা কাকতখন মেলিলেই নাৰী নিৰ্যাতনৰ ঘটনা প্ৰতিদিনে পঢ়িবলৈ পোৱাটো একেবাৰে

Read more

পৱিত্ৰ পাপী-ড°জুমি বৰুৱা গগৈ 

মুনুৰ বিছনাৰপৰা উঠিবলৈকে শক্তি নাইকিয়া যেন লাগিছে। ভাগৰ ভাগৰ লাগি আছে কেইবাদিনৰেপৰা। কিন্তু বাহিৰত চৰাইজাকে অথনিৰেপৰা হুলস্থুল কৰি আছে। উঠিবই লাগিব।নহ’লে সিহঁত নোখোৱাকৈয়ে গুচি যাব।উঠি গৈ মুনুয়ে  চাউল এবাতি চোতালত ছটিয়াই দিলে।চাউলখিনিৰ ওপৰত গোটেইজাক উবুৰি খাই পৰিল।সিহঁতৰ উলাহ দেখি মুনুৰ মুখত হাঁহি বিৰিঙিল, দেহ আৰু মনলৈও শক্তি অহা যেন লাগিল। আজি সদায় কৰা কামৰ উপৰিও এটা বিশেষ কাম আছে। সি দিনটোৰ কামবোৰ  মনতে জুকিয়াই ল’লে। মুনু খাম্ফাৰ ঘৰলৈ গ’ল। খাম্ফা মহিলাৰী।সি তাৰ ঘৰৰ চৌহদটোলৈ চালে।গোটেইখন হাবি-জংঘলেৰে ছানি ধৰিছে।আজি চাৰি মাহৰ

Read more
1 5 6 7 8 9 62