টুচু পৰৱ-ড° মৃদুস্মিতা ফুকন

চাহ শ্ৰমিকসকলৰ মাজত বহু প্ৰচলিত এক পৰৱ হৈছে টুচু পৰৱ বা টুচু পূজা।অসম ভূমিত মাঘ বিহু নামে জনাজাত এই পৰৱ প্ৰধানত: নাৰীকেন্দ্ৰিক যদিও পুৰুষসমাজেও ইয়াৰ ৰং-ৰহইচত ভাগ লয়।মাঘ বিহুৰ লগত সামঞ্জস্য থকা এই পৰৱৰ সুন্দৰ বুৰঞ্জীমূলক আখ্যান আছে।ভাৰতবৰ্ষৰ খিলজি বংশৰ প্ৰতাপী ৰজা আলাউদ্দিন খিলজিয়ে সুন্দৰী ৰাণী পদ্মিণীৰ লোভত চিতোৰ আক্ৰমণ কৰে।সাহসী পদ্মিণীয়ে শত-সহস্ৰ ৰমণীৰ লগলাগি ‘জহৰব্ৰত’ গ্ৰহণ কৰে।আলাউদ্দিন খিলজিয়ে তেনে সময়তে পঞ্জাৱৰ ৰজা বীৰবলৰ কন্যা ৰুক্মিণীৰ ৰূপ-গুণৰ কথা শুনি তেওঁৰ সৈতে বিয়াৰ প্ৰস্তাৱ আগবঢ়ায়।মুছলমান ৰজাক নিজ কন্যাক বিয়া দিব লাগিব

Read more

শীতনিদ্ৰা-কুমকুম শৰ্মাবৰুৱা

শীতনিদ্ৰা হ’ল প্ৰাকৃতিকভাৱে সুপ্ত হৈ থাকি শীতকালত জীয়াই থকা এটা অৱস্থা।শীতকালত বহুতো জন্তুৱে বৰ ঠাণ্ডা অনুভৱ কৰে আৰু খোৱাবস্তুৰো অভাৱ অনুভৱ কৰে।সৰু স্তন্যপায়ী জন্তু আৰু সৰীসৃপে শিল বৰষুণ পৰিলে অথবা বৰকৈ ঠাণ্ডা পৰিলে শৰীৰৰ তাপমাত্ৰা ঠিকে ৰাখিবলৈ বিভিন্ন উপায় ল’বলগা হয়।তাৰ লগে লগে ঠাণ্ডা দিনত সিহঁতৰ খাদ্যৰো অভাৱে দেখা দিয়ে।তাৰ এটাই উপায় আছে যে হয় শীতৰ দিনলৈ খাদ্যবস্তু জমা কৰি ৰাখিব লাগিব,নহয় শৰীৰৰ তাপমাত্ৰা কমাই শুই থাকিব লাগিব।কিছুমান জন্তুৱে গোটেই ঠাণ্ডাকালটো জিৰণিয়েই লৈ থাকে।তাকেই শীতনিদ্ৰাত থকা বুলি কোৱা হয়। শীতনিদ্ৰাত

Read more

আঘোণৰ মালিতা-মানসী শৰ্মা

গুণগুণ এটি হেঁপাহে কৰে আমনি কুঁৱলীৰ ওৰণি টানি আঘোণ যে পালেহি আহি,  সোণোৱালী ধাননিৰ অপৰূপ জ্যোতিয়ে মন মুহিলে কঙালীয়ে শুকান কৰা ওঁঠত বিৰিঙিল  এধানি হেঁপাহ আৰু প্ৰাপ্তিৰ হাঁহি।   আঘোণ মানে হেমন্তৰ হালধীয়াৰ সৈতে  পথাৰৰ সোণগুটিয়ে পতা যেন ৰঙৰ মেলা,  মূৰৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত কৃষকে সিচা সপোনবোৰ  ফুলি উঠাৰ দিয়ে বতৰা।   নিয়ৰত তিতি জুৰুলি-জুপুৰি হয় পথাৰৰ সোণগুটি  ৰিবৰিব মলয়াৰ স্পৰ্শত   সোণগুটিৰ সুগন্ধত চৌদিশ  হয় সুবাসিত,  পকা ধানৰ সুগন্ধত আনমনা হৈ নামি আহে জাকপাতি শৰালি।   কপালত ঘাম,

Read more

মিনু মাহী-সঙ্গীতা পাচনি 

মিনু মদাৰগুৰি গাঁৱলৈ বিয়া হৈ আহোঁতে ২১বছৰ।বিয়া মানে এজন আধা পুৰণি মানুহলৈ বিয়া হ’ব লগা হ’ল।মানুহজন মিনুৰ বায়েকৰ মানুহজনহে।অৰ্থাৎ আগতে তেওঁ তাইৰ ভিনিহিয়েক আছিল।বায়েক এক অচিন ৰোগত ঢুকোৱাত তাই ভাগিনীয়েকক চোৱা-চিতা কৰাৰ বাবে প্ৰায়েই তাত থাকিব লগাত পৰিছিল।ভিনিয়েক বৃকোদৰে চাকৰিৰ তাগিদাত প্ৰায়ে ইফালে সিফালে গৈ থাকিব লগাত পৰিছিল।মিনুহঁতৰ ছোৱালী পাঁচজনী,ল’ৰা এটা,সিও একেবাৰে সৰু….পাঁচজনী বায়েকৰ তলৰ।মিনুৰ বায়েক অণু তাইতকৈ চাৰিবছৰৰ ডাঙৰ।মিনুৰ তলত জুনু,ৰাণু,আৰু ভানু।ভানুতকৈ ভায়েক বেণু আকৌ পাঁচবছৰৰ সৰু।বেণু আৰু অণুৰ পুত্ৰ বেদান্ত বিকাশ প্ৰায় সমনীয়াৰ দৰেই।অণুক বিয়া দিওঁতে বেণু মুঠেই

Read more

সহোদৰা-চিত্ৰলেখা দেৱী

“এহ, ইহঁত দুজনীৰ কোনোবা এজনীয়ে অহা হলেও….” বহুত দিনৰ মূৰত অলকাই এনেকুৱা এটা কথা ভাবিলে। ভাবিলে মানে…ভাবিবলৈ বাধ্য হ’ল।এনেকৈ শেষৰবাৰ ভবাও বাইশ বছৰ পাৰ হৈ গ’ল,মুঠেই কম সময় নহয়। ল’ৰা-ছোৱালীহালৰ জন্মৰ সময়তে ইহঁত দুজনীক মানে দীপিকা আৰু লিপিকাক বৰ দৰকাৰ হৈছিল অলকাৰ। তাই হস্পিতালত এডমিট হওঁতে লগত থকাৰেপৰা ঘৰ চম্ভলালৈকে সকলোখিনি জঞ্জাল মাৰিবলৈ নিজৰ সহোদৰা ভনীয়েকতকৈ কোন উপযুক্ত হব?ৰাজা জন্ম হওঁতে দীপিকাক তাই অকলে মাতি আনিছিল।তিনি বছৰৰ পাছত ৰাণী জন্ম হওঁতে আকৌ ৰাজাকো বেলেগে চোৱা-চিতা কৰিবলগা হোৱাত দুয়োজনীয়েই আহিব লগা

Read more

মনৰ কথা-দুলুমণি শইকীয়া

চকুবোৰ লাহে লাহে নিস্তেজ হৈ পৰিছে ৰোগে গৰ্ভত স্থিতি লৈছে অন্তৰ্ভাগত  অহৰহ তুঁহজুই  উমি-উমি জ্বলি থাকে   দেহ-মনৰ কষ্টবোৰ দুগুণে বাঢ়িছে অসহ্য  যাতনা এয়া অভিশাপ পৰাধীনতাৰ   আমি সঁচাকৈয়ে স্বাধীন নে? ইয়ো এক অন‍্যতম প্ৰশ্ন।   চকুৰ আগতে দেহবোৰ পণ্য-সামগ্ৰী হৈছে, উলংগ হৈছে। অদ্ভুত,অদমনীয় দৃশ্যবোৰত অসুস্থ মন, নিশাৰ কোনো অসহায় নাৰীৰ চিঞৰত  ৰাজপথ পিচল তেজৰ চকুলোত।   ইমানৰ পাছতো কিয় কঁপি নুঠে  নামঘৰৰ আসন??   তুমিও দেখিছা সেই বিভৎস ৰূপ শুনিছা অসহায়ৰ চিঞৰ, অথচ চকু মুদি কাষৰে পাৰ হৈ গৈছা।

Read more

মাটিৰ মানুহ-অচ্যুত কৃষ্ণ বৰদলৈ

অৱক্ষয়ৰ অন্তহীন ক্ষুধাৰ দোমোজাত উকা হৈ পৰি ৰ’ল শাওন সেমেকা ভাগৰৰ পাহোৱাল উদং বুকুৰ ঘাম, মোৰ ককাহঁতৰ মলিয়ন চুৰিয়াত আজিও লিপিবদ্ধ হৈ জিলিকি আছে বোকাতেই সপোন সিঁচা তান।   মাটিৰ সেই মানুহবোৰে মাটিতেই সৰগ ৰচি গাইছিল হেলাৰঙে সেইজীয়া গান, মেঘৰ মিতিৰ সেই শাওণৰ প্ৰতিধ্বনি সীৰলুত আঁকিছিল সোনসেৰীয়া সপোনৰ প্ৰাণ।   আজিচোন অঁকৰা হৈ পৰিল পলস গাভৰু হোৱা উদং পথাৰৰ চিঞৰ নিমজ মিহি কোৰৰ নালত পৰি ৰ’ল মাথো  এজাক হিমচেঁচা নিয়ৰ। *******

Read more

হাতো নেমেলিবি ফুলো নিছিঙিবি-চিত্ৰলেখা দেৱী

(প্ৰথম খণ্ড) চলৌপ-চলৌপ-চলৌপ,চলৌপ-চলৌপ-চলৌপ….ভৰ দুপৰীয়া কেউফালে নিজান,আন শব্দৰ পয়োভৰ নাই। ৰংমনে ব’ঠাপাত আৰু জোৰেৰে মাৰিবলৈ চেষ্টা কৰিছে…সোনকালে ঘৰ পাবগৈ লাগে।আজি এবছৰ দিন ধৰি আই-পিতাই,ককাই-ভাই কাকো দেখা নাই।কিমান হেঁপাহেৰে চাগৈ ৰংমন আহিব আহিব বুলি তেওঁলোকে বাটলৈ চাই আছে!তাতোকৈ…তাৰ কলিজাৰ এফাল তেজীজনীকো যে কিমান দিন লগ পোৱা নাই!আজি এবছৰে তাই চাগৈ ৰঙে-ৰূপে  পাটগাভৰুজনী হৈ পৰিছে।তাইৰ মুখখন এবাৰ প্ৰাণ ভৰি চাবলৈ ৰংমনৰ মনটো ব্যাকুল হৈ পৰিল।ইতিমধ্যে সাউদৰ বৰনাও বুকুত মেটমৰা বোজা লৈ লুইতৰপৰা দিখৌৰ মোহনাৰে সোমাই পৰিল।উজাই নাও বাবলৈ কিছু কষ্ট হয় যদিও কষ্টৰ

Read more

গ্ৰন্থ:মিত‍্যবয়িতা- কুঞ্জ খাউণ্ড

(ছেমুৱেল স্মাইলছৰ গ্ৰন্থ Thrift ক ‘মিতব্যয়িতা’ শিৰোনামেৰে অসমীয়ালৈ অনুবাদ কৰিছে ড°প্ৰফুল্ল কটকীয়ে)   ছেমুৱেল স্মাইলছৰ গ্ৰন্থ Thrift ৰ এক অভিনৱ অনুবাদ গ্ৰন্থ হ’ল ‘মিত‍্যবয়িতা’।অনুবাদক ৰূপে  ড°প্ৰফুল্ল কটকী দেৱে প্ৰায় বিশখনৰো অধিক বিশ্ববিখ্যাত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি গৈছে।তাৰ ভিতৰতে মিত‍্যবয়িতা গ্ৰন্থখনো এখন লেখত ল’বলগীয়া।মাত্ৰ ১২৪পৃষ্ঠাৰ গ্ৰন্থখনত আমি শিকিবলগীয়া বহু কথাই আছে।এতিয়া লেখকৰ চিন্তাৰে যদি আমি মিত‍্যবয়িতাৰ মূল কথাখিনি ফঁহিয়াই চাওঁ তেতিয়া জীৱন-নিৰ্বাহৰ কলা-কৌশলৰ কিছু আভাস পাম,যিটো আমি মিত‍্যবয়িতা গুণেৰে সজাব পাৰোঁ। মিত‍্যবয়ী অভ‍্যাসটোৰ উত্তৰণ হয় সভ‍্যতাৰ লগে লগেই।যেতিয়াৰপৰাই মানুহে মৌলিক প্ৰয়োজনখিনিৰ প্ৰয়োজন

Read more

গুৰুজনাৰ সাহিত্যত উপমা অলংকাৰ-ববিতা শৰ্মা

“কাব্যভোজকৰাণ ধৰ্মান অলংকাৰান প্ৰচকতে”                                           –আচাৰ্য দণ্ডী অলংকাৰ হ’ল কাব্যৰ সৌন্দৰ্য বৃদ্ধিৰ এক কৌশল। অলংকাৰ শব্দৰ মূল হ’ল ‘অলম’ আৰু এই ‘অলম’ শব্দৰ অৰ্থ হ’ল ‘ভূষণ’।গতিকে কাব্যসাহিত্য যাৰ দ্বাৰা ভূষিত হয় সেয়ে অলংকাৰ।বৰ্ণনীয় বিষয়বস্তুক পাঠকৰ অন্তৰ পৰশাকৈ উপস্থাপন কৰাই সাহিত্যৰ মূল উদ্দেশ্য।কাব্য সাহিত্যত অলংকাৰে এই উদ্দেশ্য পূৰণত কবিক বিশেষভাৱে সহায় কৰে।আলোচকসকলে কাব্যৰ দুটা প্ৰধান দিশ নিৰ্ণয় কৰিছে।এটা হ’ল ভাৱ আৰু আনটো কলা।কাব্যত অলংকাৰ প্ৰয়োগৰ প্ৰধান লক্ষ্য হ’ল ভাৱক তীব্ৰতৰ কৰি তোলা।এয়া কাব্যৰ এক কৌশল আৰু এই কৌশলে ভাৱৰ সমান্তৰালকৈ কলাপক্ষৰো সৌন্দৰ্য

Read more
1 6 7 8 9 10 62