শৰতৰ জোনাক নামিছে-নিবেদিতা শৰ্মা 

শৰতৰ নিশাৰ জোনাক নামিছে  মোৰ মনৰ নন্দন কাননত  হৃদয়ৰ মৰম বোৰ উঠলি উঠিছে  নিয়ৰত গা ধোৱা দুৱৰি ডৰা মুকুতা হৈ ৰ’দত জিলিকি  উলাহত নাচি হৈছে মতলীয়া  আহিনৰ কুঁৱলী ঠেলি  চুচুক চামাককৈ সোমাই আহিল শীত এবুকু চেঁচা চেঁচা শীতল মৰম কুৰুকি কুৰুকি প্ৰবাহিত দেহৰ ৰন্ধে ৰন্ধে শেৱালীৰ পাহিবোৰ ৰ’দত জিলিকে উলাহত নধৰে হিয়া  সোণালী কিৰণত মতলীয়া হৈ  সুৱাসে বিলালে ধৰা  শৰত মানেই শুকুলা মেঘ কপহুৱা আকাশ কহুৱা কোমল ৰিৱ ৰিৱ সমীৰণৰ  শুভ্ৰ চেঁচা চেঁচা মৃদু সুৱাস  শৰৎ মানেই শুকুলা কহুঁৱা বালি

Read more

দীঘলা কাই বগাই যায়- কুমকুম শৰ্মাবৰুৱা

“ৰুণিবা গুচি আহা” বুলি একেটানে পূজাই ৰুণিক আঁতৰাই লৈ আহিল।তাৰপিছতহে দেখুৱাইছে আচল বস্তুটো।ৰুণিয়ে এম.এচ.চি.ৰ শেষ পৰীক্ষা দি ঘৰলৈ আহিছে যদিও তাই নেট,গেট আৰু গৱেষণা কৰিবলৈ প্ৰয়োজনীয় লিখা পৰীক্ষাৰ কাৰণে পঢ়ি আছে। তথাপিও পেহীয়েকৰ ঘৰলৈ এপাক নাহিলে থাকিব নোৱাৰে।নতুনকৈ ফুলা এজেলিয়া ফুলজোপা ভালকৈ চাওঁ বুলি ডিঙি মেলি ওচৰলৈ গৈ চাবলৈ লওঁতেই এজেলিয়াজোপাৰ তলৰ ডাঙৰ ভেকুলীটো খাবলৈ এডাল প্ৰকাণ্ড দীঘল সাপ বগাই আহিছিল।তাই ষ্টেণ্ডডালত থকা টাবটোলৈহে চাইছিল অৰ্জুনে মাছৰ চকুটোলৈ চোৱাৰ দৰে,তললৈ চোৱাই নাছিল।দূৰলৈ আহি দেখি কিন্তু ভয় এটা খালে ভালকৈ।এই জীৱটোৱেই

Read more

কম্পাটিবল:মূল,ৰিচাৰ্ড আৰ স্মিথ (আমেৰিকা):অনুবাদ-ৰঞ্জনা দত্ত

ৰচনা কাল:আগষ্ট ১৯৫৮ চন লেখক পৰিচয়:  ১৯৩০ চনত জন্ম লাভ কৰা ৰিচাৰ্ড আৰ স্মিথে ১৯৪৯ চনৰে পৰা বিজ্ঞানভিত্তিক কল্প কাহিনী লিখা আৰম্ভ কৰে।তেওঁ ডেন এলিয়ট,ডেমন কাচল,ৰিচাৰ্ড ই স্মিথ, এন টেইলৰ আদি কেইবাটাও ছদ্মনামেৰে লিখা-মেলা কৰিছিল।তেওঁৰ কেইবাখনো গ্ৰন্থ পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। (কিছুমান সমস্যা সমাধানৰ বাবে গিৰিয়েক বোৰৰ হাততে বিভিন্ন ধৰণৰ সমাধান থাকে.. কাচিৎ হত্যাৰ দৰে ঘটনাও সংঘটিত হয়।এইটো আকৌ তাতকৈও ডাঙৰ এটা ঘটনা!) জৰ্জ ফায়াৰ প্লেছৰ কাষত বহি আছে, তেওঁৰ মুখখন বিৰক্তিৰে ভৰা। “এইখন এখন নৰক।মই তোমাক কৈছো

Read more

সংখ্যাটোৰ আঁৰৰ কথা 

পোনপ্ৰথমতে আটাইলৈ মোৰ তৰফৰপৰা আন্তৰিক নমস্কাৰ জনাইছোঁ।আশা কৰোঁ আপোনালোক সকলো নিশ্চয় কুশলে আছে।আটাইৰে সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ। আজিৰপৰা প্ৰায় ডেৰমাহ মানৰ আগৰ কথা। ছেপ্টেম্বৰ মাহৰ ঠিক মাজভাগতে গধূলি সময়ত ‘শব্দচিত্ৰ’ গোটৰ যিটো আমাৰ প্ৰশাসক মণ্ডলীৰ হোৱাটচএপ গোট আছে,তাত মই একো বুজি নোপোৱা ধৰণৰ এটি বিশেষ বাৰ্তা আহিছিল।বাৰ্তাটো দেখি মই একোৱেই ধৰিব পৰা নাছিলোঁ।লাহে লাহে বুজিবলৈ ধৰিলো যে আমাৰ গোটৰ ‘শব্দচিত্ৰ জীৱন-জিজ্ঞাসা’ ই-আলোচনীখনৰ তৃতীয় বৰ্ষৰ চতুৰ্থ (পূজা সংখ্যা)সংখ্যাটি প্ৰকাশৰ প্ৰস্তুতি চলাবলৈ সময় হৈছে।তাৰ বাবে কাম-কাজৰ দায়িত্ববোৰৰ কথাই মোৰ মনটোত কিছু

Read more

গছ আৰু মানুহ (জাপানৰ সাধু) -ড° মৃদুস্মিতা ফুকন

এজন বৰ মৰমিয়াল খৰিকটীয়া আছিল।তেওঁ সকলোকে মৰম কৰিছিল।মানুহ বা জীৱ-জন্তুৰ কথাতো বাদেই,তেওঁ যিখন হাবিত খৰি লুৰিছিল,সেই হাবিখনৰ প্ৰতিজোপা গছলৈকে তেওঁৰ বৰ মৰম। অনাহকত তেওঁ কোনোজোপা গছৰে ডাল এটাও নাভাঙে বা পাত এখিলাও নিছিঙে।এদিন হাবিত খৰি লুৰি থাকোঁতেই শুনিলে,-ক’ৰবাত কোনোবাই যেন কেঁকাই আছে।তেওঁ ইফালে-সিফালে চাই কাকো নেদেখি,কেঁকনিটো অহাৰ ফাললৈ দুখোজমান আগুৱাই গ’ল।এইবাৰ তেওঁ কেঁকনিটো ওচৰৰে সৰল গছৰ ধুনীয়া সৰু পুলি এটাৰপৰা অহা যেন পালে। পুলিটো ওচৰৰ পৰা গৈ চাওঁতে দেখিলে কোনোবাই পুলিটোৰ ডাল তিনিটা ভাঙি থৈ গৈছে।ভগা ঠাইৰপৰা ওলোৱা ৰসখিনি খৰিকটীয়াজনে

Read more

ৰম্যৰচনা-অঞ্জু মহন্ত

(সংগৃহীত) মাংসৰ আঞ্জাৰে ভাত সানি এগৰাহ মুখলৈ নিয়েই  ৰাতুলে গম পালে মাংসত নিমখ কম।মনে মনে সি খুব আনন্দিত হ’ল।অন্তত এইবাৰ স্নিগ্ধাৰ নিজকে বচোৱাৰ কোনো যুক্তি নাথাকিব।কালি ভাত ডেই পেলাইছিল। তাৰ পিছত খুব গম্ভীৰ হৈ ৰাতুলক কৈছিল, ‘এইবাৰৰ পৰা অলপ চাইচিতি চাউল আনিবা।’ সঁচাকৈয়ে তোমাক কি কম আৰু!কিযে দোকানৰ পৰা চাউল আনা নহয়! হতভম্ব হৈ ৰাতুলে সুধিছিল, ‘ভাত ডেই যোৱাৰ লগত চাউলৰ কি সম্পৰ্ক?’  স্নিগ্ধাই উত্তৰ দিছিল, ‘সেয়া তুমি নুবুজিবা।যিয়ে  ৰান্ধনীঘৰ চম্ভালে তেওঁহে বুজে।’ যেনেকৈ তোমাৰ অফিচৰ কাম মই নুবুজো, ঠিক

Read more

সম্পাদকীয়

পোনপ্ৰথমতেই মই আটাইলৈ শীতকালীন অভিবাদন জনালোঁ।’শব্দচিত্ৰ জীৱন—জিজ্ঞাসা’ৰ লেখক,পাঠক আৰু সকলো কৰ্মকৰ্তাক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।ভাষা-সাহিত্য,সংস্কৃতি হ’ল এটা জাতিৰ দাপোন।ভাষা,সাহিত্য,সংস্কৃতিৰ উন্নতিয়েই হ’ল সমাজ,জাতিৰ উন্নতিৰ মূল চালিকাশক্তি।অসমীয়া ভাষা,সাহিত্য, সংস্কৃতি জীয়াই ৰখাটো অসমী আইৰ সন্তান হিচাপে আমাৰ প্ৰধান আৰু প্ৰথম দায়িত্ব তথা কৰ্তব্যও।  ‘শব্দচিত্ৰ–জীৱন জিজ্ঞাসা’ ই-আলোচনীখনৰ প্ৰকাশৰ কাম-কাজ কৰি থকা সময়তে সমগ্ৰ দেশৰ লগতে অসমতো চলি আছিল শাৰদীয় দুৰ্গোৎসৱ।যথা ৰীতি-নীতি অনুযায়ী বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত দেৱী স্থাপন কৰি ভক্তগণে আৰম্ভ কৰিছিল শক্তিৰ অধিষ্ঠাত্ৰী মা-দুৰ্গাৰ আৰাধানা৷অসুৰ বিনাশি সমাজৰপৰা অসূয়া-অপ্ৰীতি দূৰ কৰিবলৈ দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছিল ভক্তসকল৷শেৱালী

Read more

চৰাইৰ চোঙত সন্ধ্যাতৰা-ববিতা শৰ্মা

প্ৰকাৰ:উপন্যাস  লেখক:গোবিন কুমাৰ খাউণ্ড প্ৰকাশক:গ্ৰন্থ-সংস্কৃতি এ টি ৰ’ড, তৰাজান  যোৰহাট — ১ প্ৰথম প্ৰকাশ:মাৰ্চ ২০২৪ মূল্য:১৮০ টকা    চৰাইচোং।অসমৰ প্ৰথমখন পক্ষী অৰণ্য।জানিব পৰা মতে চাওফা চ্যু-চেং-ফা বা বুঢ়া ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহই চৰাই চোঙক ৰাজকীয় পক্ষী উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰি পক্ষী সুৰক্ষা সুনিশ্চিত কৰিছিল। ‘অৰণ্য সুৰক্ষা সমিতি’ৰ দ্বাৰা প্ৰকাশিত ‘সেউজ পত্ৰিকা’ৰ আনুমানিক তথ্য অনুসৰি মাজুলীৰ ভকতি দুৱাৰ অঞ্চলত অৱস্থিত চৰাই চোং বিশ্বৰ প্ৰথমখন সংৰক্ষিত ৰাজকীয় পক্ষী উদ্যান।মাজুলীৰ বৰ্তমানৰ মানচিত্ৰত উজনি মাজুলীৰ গাভৰু মেলীয়া,কাড়ীচুক, ৰতনপুৰ আৰু লাহন গাঁৱৰ উত্তৰে; কঠমীয়াৰ

Read more

সাক্ষাৎকাৰ

(অসমৰ প্ৰখ্যাত নাট্যকাৰ,নাট সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশক,নাট পৰিচালক,অভিনেতা,শিশু সাহিত্যিক,ব্যঙ্গ লেখক শ্ৰদ্ধাৰ প্ৰভাত গোস্বামীদেৱৰ এটি সাক্ষাৎকাৰ। সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে মাতু কুকুৰাচোৱাই। প্ৰশ্নসমূহ যুগুতালে বৰষা ডেকাই।) মাতু: নমস্কাৰ ছাৰ।পোনপ্ৰথমতে আপোনাৰ বহুমূলীয়া সময় আমাক প্ৰদান কৰা বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ,প্ৰথমতে আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোঁ। লগতে আপোনাৰ শৈশৱ সজীৱ কৰি স্মৃতিৰ দলিচাত সাঁচ বহুৱাই যোৱা তেনেকুৱা ঘটনা সম্পৰ্কে আমাক জনাব নেকি? গোস্বামীদেৱ: প্ৰতি নমস্কাৰ জনাইছো। শিক্ষাজীৱন আৰম্ভ হৈছিল ডিব্ৰুগড়ত।জ্ঞানদায়িনী এল.পি. স্কুলত শিক্ষা জীৱন আৰম্ভ।তাৰ পাছত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।তাৰ পাছত

Read more

নাৰী তুমি অনন্যা-ড° মৃদুস্মিতা ফুকন

‘সমাজৰ অৰ্ধাংশক ৰান্ধনি ঘৰত আৱদ্ধ ৰাখি কোনো দেশেই প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে।’– লেনিন সৃষ্টিৰ সেই আদি যুগ,আদম আৰু ইভৰ যুগৰ পৰাই নাৰী-পুৰুষৰ সহাৱস্থান থাকিলেও দুয়ো দুটি ভিন্ন চৰিত্ৰ|প্ৰকৃতিৰ নিয়মেৰেও পুৰুষ তেওঁৰ পুৰুষত্বক লৈ আৰু নাৰীও তেওঁৰ নাৰীত্বক লৈ পৃথক।উভয়েই ভিন্ন প্ৰান্তত নিজস্বতা বজাই ৰাখিছে।সৃষ্টিৰ সেই আদিম কালৰে পৰাই পুৰুষ সম্পদৰ ৰক্ষী।এই শক্তিয়েই তেওঁৰ পুৰুষত্ব।এই শক্তিৰেই পুৰুষে ন-ন কাৰিকৰী কৌশলেৰে বিশ্বক নিয়ন্ত্ৰণ কৰিছে।কিন্তু সুন্দৰ,শান্ত নিৰিবিলি ঘৰখন সজাই তোলে নাৰীগৰাকীয়েহে।এই বিশ্বৰ সমস্ত অজান-অচিন গভীৰতাত সোমাবলৈ পুৰুষে যেতিয়া নিত্য-নতুন অভিযানত আগবাঢ়িছে,সেই সময়ত নাৰীয়ে

Read more
1 7 8 9 10 11 62