ক্ষোভ-ঋতুপৰ্ণা দত্ত

সকলো সম্পৰ্ক মানুহৰ হৃদয়ত বাহ সাজিবলৈ নাহে। কিছুমান আহে নিজে সাজি লোৱা বাহটো ভাঙি চিঙি চূড়মাৰ কৰিবলৈও। উমান পালে তেনে সম্পৰ্কবোৰক জোৰকৈ ধৰি বান্ধি ৰাখিব নালাগে। তেওঁলোকক এৰি দিব লাগে হৃদয়ৰ পৰা। নিৰ্ভাৰ হ’বলৈ কত কচৰৎ কৰিব লাগে। কিমান মগজুৰ তৰ্কা তৰ্কিবোৰ নেওচা দি নিৰ্ভাৰ কৰিব পাৰি নিজৰ মনক! কিমান অতীতৰ স্নেপশ্বতবোৰক মগজুৰ গভীৰতাৰপৰা তুলি আনি তাক পʼষ্ট মৰ্টেম কৰিব লাগে! কোনে বুজে? বাহিৰৰ অৱয়বটো বুজিবলৈওতো তেনেই সহজ। যেনেকৈ সহজ ভাতৰ লগত এঢোক পানী খোৱাত। তেনেকৈ জানো সহজ কাৰোবাৰ ভিতৰত

Read more

দুখীয়াৰ দুখ-প্ৰদীপ বৰা

অফিচৰ পৰা আহিয়েই হৰেণ কলিতাই দ্ৰেছ জোৰ সলাই গাধোৱা তিয়নীখন পিন্ধি মিতালীক ক’লে, “শুনিছানে হেৰা চাহ এটোপা দিয়াচোন , মই সাউতকৈ গাটো তিয়াই নামঘৰৰ পৰা আহোগৈ ৷” খং আৰু মৰম মিশ্ৰিত মাতেৰে মিতালীয়ে ক’লে’ “হয়নে?দিনৰ দিনটো অফিচত পৰিশ্ৰম কৰাৰ উপৰিও ইমানখিনি বজাৰ-সমাৰ কৰি আহি এইমাত্ৰ ঘৰ সোমাইছেহিহে  আকৌনো নামঘৰত কি লেথাটো ওলাল?” “কেলেই সেইদিনা যে দেহিৰাম দাইটিয়ে মোক মাতি যোৱা নাছিল ! ন বোৱাৰীয়েকে যে পুতেকক অপঘাত কৰিছিল তাৰে আজি বিচাৰ আছে। মিতালীঃ কিয়নো যাব লাগে অশৌচ পদ্ধতিৰ মতে কৰ্ম

Read more

যাত্ৰা-কমলা দাস

আজিকালি  সৰুবিধ চুবলৈ আইতাই প্ৰায়েই ৰাতি উঠিব লগা হয়। ভাত ঘুমুটি মাৰি শেষ হয় কি নহয়, যি হে পীড়া দিবলৈ ধৰে নহয়, টোপনিৰ ভৰত  চকু মেল নাখালেও উঠিব লগা হয়েই।  আইতাৰ বাবে কথাটো বৰ বিৰক্তিকৰ হৈ পৰিছে।  ডেকা কালতেই ভাল আছিল।  নিশা ভাত-পানী খাই শুৱাৰ পাছত একেবাৰে ৰাতিপুৱা হে সাৰ পাইছিল। ৰাতি সেই ভৰ ঘুমতিৰপৰা উঠি সৰুপানী চুৱাতো দূৰৰে কথা, আনকি চোৰে ডাঙি লৈ গ’লেও সাৰ নোপোৱা গভীৰ টোপনি আছিল। পিছে বয়স বাঢ়ি অহাৰ পাছত কি জানো হ’ল! এঘুমতি মৰাৰ

Read more

সময়ৰ নিচুকণি-প্ৰণীতা গোস্বামী বৰঠাকুৰ

“সময়ে মানুহক পৰিপক্ক কৰি তোলে। সময়ৰ মেৰপেচত মানুহ অভিজ্ঞ হয়।”  — আৰামী চকীখনত হেলান দি খুৰাই বৰ গম্ভীৰভাৱে ক’লে।‌ ডিচেম্বৰ মাহৰ এটি পুৱা। আগফালৰ বাৰাণ্ডাখনত পুৱাৰ ৰ’দকণৰ আমেজ লৈ খুৰা আৰু মই বহি আছোঁ। হাতত দুকাপ গৰম চাহ আৰু বিস্কুট। পুৱাৰ কুঁৱলী ফালি সূৰুজৰ হেঙুলী কিৰণে আমাৰ শৰীৰ আৰু মনৰ জঠৰতা আঁতৰাই পেলাইছে। পাতল এৰী চাদৰখনেৰে গাটো ভালকৈ মেৰিয়াই ল’লে খুৰাই, মূৰত এটি হিমাচলী টুপী। ৰ’দ ওলাইছে যদিও ঠাণ্ডা ভাবটো আছেই। এইকেইদিন পুৱাৰ চাহকাপ এইদৰেই আমেজ লৈ খাইছোঁ খুৰাৰ লগত।

Read more

নিশাৰ ফুল-হৰিচন্দ্ৰ ডেকা

“পলাশী………. !” ছোৱালীজনীয়ে বিদিশাৰফালে ঘূৰি চালে।অচিনাকি মানুহ এগৰাকীয়ে আচম্বিতে এইদৰে তাইৰ বাহুত খামুচি ধৰি দুৰ্বোধ্য ভাষাত কিবাকিবি কৈ থকা দেখি আচৰিত হ’ল।কথা কোৱাৰ ধৰণ চাই মানুহগৰাকী মানসিকভাৱে অসুস্থ বুলিও পতিয়ন নিয়াব নোৱাৰি ৷ কিবা এটা  যে ভুল হৈছে কথাটো বুজিব পাৰি ছোৱালীজনীয়ে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই কেৱল আতুৰ মাতৃগৰাকীৰ চকুলৈ একেথৰে চাই থাকিল ৷ কাষতে থকা  ছোৱালীজনীৰ মাক উধাতু খাই দৌৰি আহিল ; কন্যাক মানুহগৰাকীৰ কবলৰপৰা উদ্ধাৰ কৰাৰ মানসেৰে তাইক আঁতৰাই নিবলৈ চেষ্টা কৰিলে।ইতিমধ্যে এজন আদবয়সীয়া লোক, বোধকৰো মানুহগৰাকীৰ স্বামী, বেগাবেগিকৈ

Read more

বে-হিচাপ-কৰবী দাস

দাইলখন ফোৰণ দি গেছটোৰ এফালে প্ৰেচাৰ কুকাৰটোত ভাতখিনি উঠাই দি দৌৰা-দৌৰিকৈ কাম খিনি কৰি শেষ কৰি ডাক্তৰৰ ওচৰলৈ যাবৰ বাবে সাজু হ’ল বাসৱীয়ে। যোৱা তিনি-চাৰি মাহৰপৰা হৈ থকা বুকুৰ বিষটোৱে অসহ্য কৰি দিছে বাসৱীক।ল’ৰা-ছোৱালী দুয়োটাকে স্কুললৈ পঠিয়াই তাই চিটি বাছত উঠিল হস্পিতাললৈ বুলি।দুঘণ্টা অপেক্ষাৰ অন্তত ডাক্তৰক দেখুৱালে।এসোপামান পৰীক্ষা কৰিব দিলে। কাউণ্টাৰত প্ৰেচক্ৰিপচনখন দেখুওৱাত ল’ৰাজনে পৰীক্ষাবিলাক কৰিবনে নকৰে বাসৱীক সুধিলে। একেলগে পৰীক্ষা বোৰ কৰিবৰ  মন আছিল যদিও সমস্যা হ’ল টকাৰ হিচাপটো শুনি। চিটিস্কেন, এক্সৰে, তেজৰ পৰীক্ষা সকলো মিলাই আঠ হেজাৰ টকা

Read more

প্ৰমূৰ্ত-অংকিতা বৰুৱা

: তুমি সুখী নে ৰাগিনী ? : সুখী প্ৰিয়ম।অন্ততঃ সুখী হোৱাৰ কৌশলবোৰ আয়ত্ব কৰি লবলৈ শিকিছোঁ। : কিমান বছৰৰ পাছত আমি লগ হৈছোঁ বাৰু আজি মনত আছেনে তোমাৰ? : পঁচিশ বছৰ।সেই যে দৰং কলেজত হায়াৰ ছেকেণ্ডেৰী শেষৰ পৰীক্ষাৰ দিনা তুমি মোৰ লগত তোমাৰ ৰঙা ৰেঞ্জাৰ চাইকেলখন হাফ পেডেল মাৰি মাৰি মোৰ হোষ্টেলৰ পদূলিলৈকে আহিছিলা!সেয়াই শেষ দেখা হৈছিল আমাৰ! জীৱনৰ সকলো সমীকৰণ সলনি হ’ব পৰাকৈ এক দীৰ্ঘ সময়ৰ ব্যৱধান আছিল এই পঁচিশটা বছৰ।অপলক নেত্ৰে চাই ৰ’ল প্ৰিয়মে তাইলৈ।ইমান সূক্ষ্মতাৰে তাই কথাখিনি

Read more

এনেকৈয়ে আগুৱাই জীৱন-দুলুমণি শইকীয়া

: অনুৰাগ,তুমি কিয় এনেকুৱা কৰিছানো,কোৱাচোন কি হৈছে তোমাৰ?মই একো ধৰিব পৰা নাই দেই!!কি দেখিনো মৌন হৈ গ’লা তুমি!মোৰ উপস্থিতিয়ে তোমাক আনন্দ দিব পৰা নাই নেকি বাৰু?মই বৰ অশান্তি পাইছোঁ দেই এনেদৰে থাকি। ঠিক আছে তেন্তে। আজিলৈ যাওঁগৈ ব’লা।এনেদৰে থাকিব নোৱাৰি আৰু। অনুৰাগে তাইৰ হাতখনত থাপ মাৰি ধৰি ক’লে…. : অনামিকা,মোক ক্ষমা কৰিবা।তোমাক বহুত কথা ক’বলৈ আছে।এদিন সকলো ক’ম তোমাক ।কিন্তু আজি জোৰ নকৰিবা প্লিজ ।মোৰ মনটো কিবা এটা ভাল লগা নাই। : তোমাৰ মনটো বেয়া লগা বাবেই কৈছোঁ অনু,আজি যাওঁগৈ

Read more

চুনামী-নমী ফুকন বৰা

: হেল্ল’ বাইদেউ , হেল্ল’ —শুনিছেনে ? : শুনি আছো কোৱা গীতি। : বাইদেউ আজি ইমনক লৈ আমি এফালে যাবলগা আছে।অনুগ্ৰহ কৰি আপুনি বাৰু অলপ সোনকালে আহি মাঁহতৰ লগত থাকিব পাৰিবনে? : অঁ,ঠিক আছে।মই এয়া যাবলে লৈছিলোৱেই ।তুমি নিশ্চিন্ত মনেৰে যাব পাৰা। : বাইদেউ আপোনাক যে কি বুলি ধন্যবাদ দিম ——–। : নালাগে ধন্যবাদ,মাত্ৰ তুমি তোমালোকৰ কাম কৰি যোৱা।  ফোনটো কাটিয়েই মোৰ কামবোৰ সামৰি ছাৰক কৈ  লৰালৰিকৈ ই-ৰিক্সা এখন লৈ ঘৰ পালোহি।দেখিলো গীতুহঁতৰ গাড়ীখন সিহঁতৰ গাড়ী ৰখা জেগাতেই আছে। তাৰমানে

Read more

জুনুকা-পল্লৱী কৌশিক শৰ্মা

নাই,  এটা চৰম সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তাক জুনুকাই আৰু নুই কৰিব নোৱাৰে। বিশ্বাসৰ চিলাখন ভূলুণ্ঠিত হোৱাৰ পিছত, ভ্ৰম এটাকে সত্য বিবেচনা কৰি হাত সাবটি বহি ৰোৱাটো কোনোমতে যুক্তিসংগত নহয়।  প্ৰচণ্ড আক্ৰোশত যোৱা কেইবাদিনো ধৰি অৱহেলিতভাৱে পৰি ৰোৱা চাউল সিজোৱা চিলভাৰৰ চৰুটো দমকলৰ পাৰলৈ উলিয়াই নিলে তাই।চৰুটোৰ তলিৰ অৱশিষ্ট ভাতকেইটাৰ ওপৰত ইতিমধ্যে ভেঁকুৰে তৰপ বান্ধিছিল। ফলত অকটা গোন্ধ এটা বাহিৰ হৈ পেটটো পকাই ধৰিলে।এনেয়ো আজিকালি অদ্ভুত গোন্ধ কিছুমানে অহৰহ খেদি ফুৰা হৈছে মানুহজনীক। যেন পানীটোপাও ডিঙিৰে নসৰকিব! চাদৰৰ আঁচলেৰে নাকটো সোপা মাৰি

Read more
1 3 4 5 6 7 10