উপল ধৰা-চন্দামিতা শৰ্মা

“Raped and murder”- শব্দ দুটাৰে পোষ্টমৰ্টেমৰ কাগজখন দাঙিব নোৱাৰাকৈ গধূৰ হৈ পৰিছে।নিস্তব্ধ- নিতাল সময়।যেন মৃত্যুমুখী মানুহ এজনৰ শেষ হ’বলৈ উপক্ৰম হোৱাৰ উশাহ। চুমকীৰ অন্ত্যেষ্টিক্ৰিয়া সমাপনৰ পিচত ঘৰ সোমাই দেখিলোঁ- সকলো যেন কিবা উদং।অনুভৱ কৰিলোঁ নিস্তব্ধতাৰ একধৰণৰ তীক্ষ্ণ দংশনৰ দৰে প্ৰভাৱ আছে। চুমকীৰ অনুপস্থিতিয়ে  এক দৃঢ় উপস্থিতিৰ সঞ্চাৰ কৰিছে। শেষ হৈও শেষ নোহোৱাৰ স্থিতি। -চুমুকী বা ক’ত দেতা? ঋতুৰ প্ৰশ্ন।  চুমকী বা ঋতুৰ কথা পতা আৰু খেল-ধেমালিৰ একান্ত সংগী।ঋতুৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মই ৰৈ দিলোঁ- সময়ে উত্তৰ দিব।সময়ত নিজৰ উত্তৰ

Read more

স্নেহ বন্ধন -জয়ন্ত গগৈ

গাড়ীখন বেক কৰি গেৰেজত সুমুৱাইছোঁহে,মাইনাজনীয়ে ওচৰলৈ আহি – ” পাপা আহিলা? আজি আইতা আহিছিল দেই। আইতা কোনোবা স্কুল এখনলৈ যাব হেনো।”…..বুলি মোক কৈ গ’ল। বাহিৰৰ টেপটোতে হাত-মুখ ধুই ভিতৰত সোমালোঁগৈ। শ্ৰীমতীয়ে আগবঢ়াই দিয়া পানী গিলাছ খোৱাৰ লগে লগেই দেহাটো শাঁত লাগিল । গাড়ীৰ ভিতৰত এনেয়ে গুপগুপীয়া গৰমভাৱ এটি থাকেই। গাড়ীত এ চি থাকিলেও অনবৰতে এ চি চলাবলৈ মন নাযায়। ভাড়াত যোৱা যাত্ৰীসকলে এ চি বিচাৰিলে চলোৱা হয়। দেউতাই অৱসৰ গ্ৰহণ কৰাৰ পিচতে নতুনকৈ এ চি থকা গাড়ী এখন লোৱা হ’ল।

Read more

এনাজৰী-কমলা দাস

নিৰজা দেৱীয়ে গৰম টাৱাখনত ৰুটিখন দুই ফালে লুটিয়াই সেকি লৈ চেপেনা ডালেৰে চেপি ধৰি টাৱাখনৰ পৰা উঠাই গেছৰ চুলাটোৰ ওপৰত লাহেকৈ পেলাই দি ধৰি থাকিল। আধা সেকা শুকান ৰুটিখনে জুইৰ তাপ পাই ফুটবলটোৰ দৰে ফুলি উঠিলত জুইৰ পৰা উঠাই আনিলে। তেওঁৰ ভাগৰ ৰুটি দুখন তেনেদৰে বনাই হটকেচটোত সাঁফৰ মাৰি থলে। শুকান ৰুটি হটকেচত গৰমে গৰমে তেনেদৰে কিছু সময় ভৰাই থলে কোমল হয়। ৰুটি দুখন বনাই থৈ তেওঁ পাকঘৰৰপৰা ওলাই আহিল। ৰাতিৰ আহাৰ খোৱা সময়ত সকলোৰে লগত একেলগে খাব।  বোৱাৰীয়েকে ভাত

Read more

অবিনাশী প্ৰেম-কুমকুম দেৱী শৰ্মাবৰুৱা

“প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল।”                            -ৰসৰাজ বেজবৰুৱা।     বতৰটো বৰ ঠাণ্ডা।এনেয়েও মাঘৰ ঠাণ্ডা যোৱাই নাই,তাতে আকৌ চিপচিপীয়া বৰষুণ।আজি বাগ্ দেৱী বীণাপাণি সৰস্বতী দেৱীৰ পূজা।সৰুৰপৰা ডাঙৰলৈ ছোৱালীবিলাক সাজি-কাচি বিদ্যালয়লৈ যোৱা দৃশ্যটো বৰ মনোৰম।কিমান দিনৰ পৰা যে জল্পনা-কল্পনা কৰে কোনে কি পিন্ধিব।চুলি মেলি পুষ্পাঞ্জলি দিব।পুৰোহিতৰ লগে লগে উচ্চাৰণ কৰে পুষ্পাঞ্জলিৰ মন্ত্ৰ। ” ওম সৰস্বত্যৈ নম: নিত্যং ভদ্ৰকালৈ নমো নম:। বেদ বেদাঙ্গ বেদান্ত বিদ্যাস্থানেভ্য এবচ: এশ পুষ্পাঞ্জলি ওম সৰস্বত্যৈ দেব্যৈ নম:।”  তাৰ পিছত ওচৰৰ স্কুল-কলেজতো এপাক মাৰি নিজৰখনত খাবলৈ অহা হয়।কেতিয়াবা লগৰ ছোৱালীৰ

Read more

তেজীমলাৰ সৈতে অলপ বাঙ্ময় সময়-জ্যোতিমণি দেৱী

 (১) অলপ স্বগতোক্তিৰে—হাতো নেমেলিবি ফুলো নিচিঙিবি ক’ৰে বাটৰুৱা তইঃ গোটেই ৰাস্তাটোৱেই ভীৰ, বহুত ভীৰ৷ ভীৰ ঠেলি ঠেলি এক যান্ত্ৰিক অৱয়ব গোটেই শ্ৰী-চেহেৰাত সানি গৈ থাকোঁ। গোলকীকৰণৰ বাবে আজিকালি একো বস্তুৰেই অভাৱ নোহোৱাকৈ দোকানেই দোকান , যেন নানান বৰণৰ সমাহাৰেৰে সজা একো একোখন দলিচাহে আৰি থোৱা থাকে সমস্ত পথৰ দাঁতিত ৷ পথৰ দাঁতিয়ে দাঁতিয়ে বহা পাচলি বেপাৰীবোৰে আকৌ ৰাস্তাৰ কাষবোৰ একৰকম নানাৰঙী পাচলিৰে উদ্যানহেনকৈ  ফুল ফুলাই থয় ৷ মোৰ কৰ্মথলীৰ পৰা মাত্ৰ পঞ্চাশ মিটাৰমান দূৰৈৰপৰাই আৰম্ভ হয় এই পাচলি বজাৰখন৷ বজাৰখনৰ

Read more

মন্দাগ্নি-নন্দিতা ভাণ্ডাৰ কায়স্থ

পাতল গুলপীয়া ৰঙৰ আশী সূতাৰ চাদৰখনেৰে কপালৰ ঘাম মচি ক’লা ৰঙৰ ডাঙৰ গেটৰ ওচৰতে থকা নামটো পঢ়ি চালে তৰাই,            “জয়ন্ত ফুকন           প্ৰেৰণা ফুকন” অ’হ! ঠিকেই চিনি উলিয়াইছে তাই। এয়াই তৰাৰ চেনেহৰ ভাতৃৰ আলয়। ঘৰ লোৱা নিমন্ত্ৰণ তাইলৈ পঠিয়াইছিল যদিও স্বামীহাৰা মানুহগৰাকীয়ে সময়ত উপস্থিত থাকিব নোৱাৰিলে। মনতে গণি চালে প্ৰায় এবছৰ হৈ গ’ল, সময় অৱশ্যে কাৰো বাবেই ৰৈ নাথাকে । চালে চকু ৰোৱা ঘৰ বনাইছে দেই জয়ন্তই। সি যি কি নহওক আজি তাই ভায়েকৰ ঘৰলৈ আহিছে। মানে তাই আহিবলগীয়া হ’ল। ল’ৰা

Read more

সুহৃদ-ড° মৃদুস্মিতা ফুকন    

গুৱাহাটী কোনোবা এটা সময়ত ভোগপুৰৰ গোলাপ পণ্ডিতে গাঁৱৰ আলি-কেঁকুৰিটোৰ আঁহতজোপাৰ তলতে ল’ৰা-ছোৱালী চাৰিটামান গোটাই আখৰ দুটামান শিকাবলৈকে বুলি সূচনা কৰিছিল এখন বিদ্যালয়ৰ৷ বুঢ়া আঁহতজোপাৰ তলত পতা এই বিদ্যালয়খন এসময়ত আঁহতৰ তলৰপৰা গৈ খেৰৰ চালি এখনৰ তল পালেগৈ আৰু তাৰ পাছত টিনপাতৰ তললৈ গৈ গপগপীয়া হ’ল যদিও সি আঁহতগুৰি বিদ্যালয় নামেৰেই পৰিচিত হৈ থাকিল৷ বছৰে বছৰে তাত শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িবলৈ ধৰিলে।তাতে এদিন যোগেশ্বৰ গাঁওবুঢ়াই পুতেক অশোকৰ নাম লগালে৷ গাঁওবুঢ়াই বিদ্যালয়ৰ পিৰালিত পুতেকৰ হতুৱাই সেৱা এটা কৰাই, তাৰ হাতত চিলট-কিতাপ আৰু কঠখন

Read more

বিলম্বিত লয়- সুভাষ শৰ্মা

মদন চৌধুৰীৰ মনটো আজি অস্থিৰ। অফিচৰ কামত একেবাৰেই মন বহুৱাব পৰা নাই । ফাইল দুটামান খুলি চাই পুনৰ জপাই থৈছে। এনেতে পিয়নটোৱে  আহি  চাহ একাপ দি গ’লহি। এৰা, এই সময়ত চৌধুৰীৰ চাহ একাপৰ বৰ প্ৰয়োজন হৈছিল। চকু দুটা জ্বলি আছে। মূৰটোও কামুৰি আছে। যোৱা নিশা চকুৰে টিপ এটা নমৰাকৈ পাৰ হৈ গ’ল। দৰা পক্ষৰ মানুহখিনিৰ সেৱা শুশ্ৰূষাত যাতে কোনো বেমেজালি নঘটে ,তাৰ তদাৰক কৰি থাকোঁতে ৰাতি পুৱাবৰেই হ’ল। ভাবিলে আচৰিত লাগে– সৌ সিদিনাখনলৈ কোলাই-বোকোচাই উঠি ডাঙৰ হোৱা চৌধুৰীৰ ককায়েকৰ ছোৱালী

Read more

এটা সপ্তাহৰ চিঠি-মিনাৰা হুছেইন

ইয়াত জীৱন বৰ সহজ। বহুত শান্ত। বহুত স্থিৰ। ক’লা-বগা ছবিৰ দৰে।কোনো ধামাকা নাই। ধীৰগতিত জীৱনটো চলি যায়। এটা শান্তিৰ গতি আছে।  সূৰ্যৰ পোহৰৰ সন্ধানত থকাসকলে বিচাৰি পায় ক’ৰবাত ক’ৰবাত এচেৰেঙা বগা পোহৰ। জীৱনৰ ঘিটমিটীয়া আন্ধাৰখিনি সামৰি  লৈ আগবাঢ়ি যাওঁ প্ৰতিদিনেই এছাটি পোহৰৰ সন্ধানত।  এয়াই হৈছে জীৱনৰ মোহ! মায়াজাল! তথাপিও জীৱন বৰ সুন্দৰ। ম’বাইলটো বাজি উঠিল। টেবুলত চালোঁ নাই, বিছনাতো নাই। ক’ত  থলোঁ বাৰু? আকৌ বাজি উঠিল। ৰাতিপুৱা বজাৰলৈ যাওঁতে বেগতে ৰাখিছিলোঁ। বেগৰ পৰা উলিয়াই ফোনটো চালোঁ। চাৰিটা মিচড কল ।

Read more

জীৱন তৃষ্ণা-সংহিতা ভট্টাচাৰ্য্য

আইমানু, কাইলৈ আইতা আহিব। হয় নেকি মা। আইতা বুলি ক’লেই ধকধকীয়া বগা কাপোৰ এজোৰেৰে ওৰণি এখন লৈ থকা সাদৰী মানুহ এগৰাকীৰ কথা মনলৈ আহে তাইৰ। মনত থকা দিনৰেপৰা আইতাকক তাই এইদৰেই দেখি আহিছে। ৰঙা সেন্দূৰৰ ফোঁটটিৰে সৈতে আইতাজনীনো কেনেকুৱা আছিল জানিবলৈ বৰ মন যায় তাইৰ। কিন্তু ফটো একপিওতো নাই চাবলৈ। তেতিয়াৰ দিনতনো ক’ত ইমান ফটো উঠিছিল মানুহে। ভাবিলে মনটো কেনেবাখন লাগি যায় তাইৰ। কাৰ লগত আহিব মা? মাকক সুধিলে তাই। খুড়াৰে ৰাতিপুৱাই থৈ যাবহি। আইতা খুড়াৰ লগত গাঁৱৰ ঘৰখনত থাকে।

Read more
1 6 7 8 9 10