ময়ুৰীৰ বিয়া-কুমকুম শৰ্মাবৰুৱা 

ময়ুৰীৰ বিয়া ঠিক হৈছে।ল’ৰাজন অ’.এন.জি.চি.ৰ অভিযন্তা।স্বভাৱে-চৰিত্ৰই ল’ৰা ভাল।ঘৰখনৰ সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে।উপযুক্ত বয়সত ছোৱালী উলিয়াই দিব পাৰিলে সকলোৱে ভাল পায়।গতিকে ময়ুৰীৰ মাক-দেউতাকে ভাল পোৱাটো স্বাভাৱিক।মাকে কিছু দুখো নকৰা নহয়।ময়ুৰী পেটমোচা আদৰুৱা ছোৱালী।ঘৰখন উদং হ’ব। ময়ুৰী আনন্দত উত্ৰাৱল হৈ উঠা নাই।তাইক দেখিলে কিবা উদাসীন হৈ মনটো মাৰি থকা যেনহে দেখি।ময়ুৰী ভিতৰি ভিতৰি এক আশংকাত ভুগিছে।ল’ৰাজনক তাই মাত্ৰ দুদিন অলপ অলপ সময়ৰ কাৰণেহে লগ পাইছে।ভয়ে-সংকোচে সোধা কথা কেইষাৰৰ উত্তৰ মাথোঁ দিছে। “চাকৰি এটা পাব লাগিব,নম্বৰ পাতি কেনেকুৱা….”…..ইত্যাদি ইত্যাদি। শদিয়াৰ ফালৰ এখন বৰ

Read more

ভাগৰ-ববিতা শৰ্মা

আজি কিছুদিনৰ পৰা শঙ্কৰ বৰুৱাৰ যেন ভাগৰটো বেছি হৈছে । ভাগৰতে লৰচৰ কৰিবলৈকে মন নাযায়। এৰি অহা সময়ৰ অলেখ ভাৱে মনত জুমুৰি দি ধৰে। দিনটোৰ সৰহভাগ সময় তেওঁ আগফালৰ আৰামী চকীখনত বহি বহি বিস্মৃতিয়ে ম্লান কৰিব নোৱাৰা কিছুমান স্পষ্ট-অস্পষ্ট স্মৃতিৰ লগত খেলা কৰিয়েই সময় কটায়। তাৰ বাহিৰে ঘৰখনত বা সমাজত তেওঁৰ প্ৰয়োজনেই বা কি? স্থানীয় মহাবিদ্যালয়খনৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শঙ্কৰ বৰুৱা জীৱনাকাশৰ আজি এক অস্তমিত সূৰ্য। সময়ে নিসংগ কৰা এজন বৃদ্ধ ব্যক্তি। শঙ্কৰ বৰুৱাই মানুহৰ সংগ বৰ ভাল পাইছিল।

Read more

প্ৰশান্তি-শুভ বৰা শইকীয়া

: মা,এয়া চোৱা চোন। আজি আমাৰ দ্বিতীয়  সামূহিক পৰীক্ষাৰ বহী দিছে।তুমি চহী কৰি দিয়াৰ পিছত আকৌ চাৰৰ হাতত ঘূৰাই দিব লাগিব। : ভাল হৈছে সোণটো।আগলৈ আৰু ভাল কৰিবলৈ যত্ন কৰিবা। : মা ,আৰু বেছি ভাল ফলাফল দেখুৱাবলৈ মই কেই ঘণ্টা পঢ়িব লাগিব? : এতিয়া যদি অষ্টম শ্ৰেণীত চাৰি ঘণ্টা সময় পঢ়িছা নৱম  শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পিছত ছয়  ঘণ্টা সময় পঢ়িব লাগিব।সময় বঢ়োৱাৰ নিচিনাকৈ মোৰ কথাবোৰত আগতকৈ বেছি গুৰুত্ব দিয়াৰ লগতে সময়মতে খোৱা ,শোৱা আৰু উঠাতো গুৰুত্ব দিব লাগিব। : মা,

Read more

প্ৰতীক্ষা-মাতু কুকুৰাচোৱা

পুৱাৰেপৰা দিনটো ব্যস্ততাৰে পাৰ হৈ গ’ল। সন্ধ্যাৰ পুনৰ এক হুলস্থুলীয়া পৰিবশ ঘৰখনত। মালতীয়ে নিৰ্বিকাৰভাৱে নিজৰ কামবোৰ কৰি আছে যদিও পৰিয়ালৰ মানুহৰ চেপা গুণগুণনিয়ে কাণত থহৰ থহৰকৈ বিন্ধিছে। আপোন বুলি ভবা মানুহবোৰে যেতিয়া কাঁইটে বিন্ধাৰ দৰে কথা কয়, সহিবলৈ বৰ টান হৈ পৰে। সোমাই পৰে সেই শব্দৰ হুলডাল বুকুৰ ভিতৰত থকা অকণমানি হৃদয়খনত। উলিয়াবলৈ চেষ্টা কৰিলেও দকৈহে সোমাই যায়। ৰি ৰিকৈ বিষ এটাই অহৰ্নিশে আমনি কৰি, কাকো ক’ব নোৱাৰা কথাবোৰে এক বুজাব নোৱাৰা বেথা দিয়ে। বাহিৰত পুনৰ উখল-মাখল লাগিল “দৰা পালেহি,

Read more

‎হেৰোৱা বাটৰ আঁত-মৌচুমী হাজৰিকা 

হাতত টিকটটো লৈ ভৈৰৱীয়ে আকৌ ভাবিলে যোৱা উচিত হ’বনে ইমান দিনৰ মুৰত!! তাই নিজৰ বিবেক আবেগেৰে বুজায়।সকলো মানুহ এতিয়াও যন্ত্ৰ হোৱা নাই, তাইৰ আবেগ-অনুভূতিবোৰ সিহঁতে বুজিব। আজিকালি তাইৰ ৰাতি টোপনি নহা হৈছে; অকণমান আহিলেই তাইক গাঁৱৰ সেই শৈশৱৰ দিনবোৰৰ সপোনে আমনি কৰে। তাই যাব…… ‎আহিয়েই তাই পথাৰলৈ লৰ মাৰিলে।চেন্দেলযোৰ খুলি তাই সেউজীয়া আলিটোত খোজ দিলে। ‎সেই মুহূৰ্তটোত তাই অনুভৱ কৰিলে—বহুদিনৰ পিছত তাই প্ৰকৃততে মাটিক স্পৰ্শ কৰিছে। চহৰৰ কংক্ৰিটৰ পথত খোজ দি দি তাই যেন তাইৰ ভৰিৰ সংবেদনশীলতা হেৰুৱাই পেলাইছিল।আজি কোমল

Read more

হলিডে’-নন্দিতা ভাণ্ডাৰ কায়স্থ 

ইচ্ছা নাছিল যদিও ৰাতিপুৱা পাঁচ বজাতে এলাৰ্ম লগাই থলো। কাইলৈ দেওবাৰ, সকলোৰে বন্ধ। মোৰো বন্ধ। পিছে ঘৰ চফা কৰিবলগীয়া আছে। সেয়েহে উঠিবই লাগিব।বাকী কেইদিন মিলাবই নোৱাৰোঁ। চাকৰি কৰো, ক’তনো সময় থাকে। তাতে আকৌ ঘৰৰপৰা ত্ৰিশ কিলোমিটাৰ আঁতৰৰ স্কুলত নিতৌ বাছেৰে অহা যোৱা কৰা হয়। ধেমালি নহয় দেই।মুখেৰে চাকৰি ওলাই যায় কেতিয়াবা। তথাপি গিৰীহঁতৰ লগতে সন্তান দুটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই চাকৰিটো কৰি আছোঁ। কিবা আংবাং সোপা ভাবি ভাবি কেতিয়ানো নিদ্ৰা দেৱীৰ কোলাত ঢলি পৰিলোঁ গমকে নাপালোঁ। ঘড়ীটোৱে বিপ বিপ কৰাত

Read more

প্ৰেমিক হোৱাটো সহজ কিন্তু পতি হোৱাটো…… নমি ফুকন বৰা

শৰতৰ হিমশীতল বতাহজাকে বাৰে বাৰে দি থৈ যায় এৰি অহা দিনবোৰৰ স্মৃতি। স্মৃতিবোৰ শুকান সৰাপাত হোৱা হ’লে মৰহি শেষ হৈ গ’লহেঁতেন।কিন্তু ই বসন্তৰ নকুঁহিপাতৰ দৰে ঠন ধৰি উঠে। সিদিনা আছিল শৰতৰেই কোনোবা এটি দিন।বিয়া এখনত নীলাঞ্জনাৰ স’তে চিনাকি হৈছিলোঁ।চিনাকি,বন্ধুত্ব আৰু এদিন প্ৰেম। প্ৰায় পাঁচবছৰ প্ৰেমৰ বাত গা জুৰাই শৰতৰ কোনোবা এটি দিনতেই সমাজক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলোঁ।   ক্ৰমে  দিন বাগৰিল।পত্নীৰ ধৰ্ম পালন কৰাত তিলমানো ইফাল-সিফাল নকৰাকৈ  ঘৰখন নিয়াৰিকৈ চলাই নিলে।শহুৰ-শাহু আৰু দেওৰ-ননদৰে ভৰা ঘৰখনত সকলোকে মৰমৰ বান্ধোনেৰে বান্ধি তাই  হৈ পৰিল

Read more

প্ৰতিশ্ৰুতি-শুভ বৰা শইকীয়া

হৰকান্ত  মৌজাদাৰ এজন নেতৃস্থানীয় ব্যক্তি হ’লেও তেওঁৰ কাৰ্যকলাপ বোৰ সকলো মানুহৰ সহ্য নহয়। তেওঁৰ এটা বদগুণ আছিল মানুহক তৎক্ষণাৎ গালি-গালাজ পাৰি মনত অসহনীয় যন্ত্ৰনা দিবলৈ দ্বিধাবোধ নকৰিছিল।স্থান কাল পাত্ৰ বিচাৰ কৰিব নোৱাৰে। ওলোটাই তেওঁক তিৰস্কাৰ কৰিলেও তেওঁ সুৰসুৰীয়া হয়।লাজ কি বস্তু তেওঁ বুজিবলৈ চেষ্টা নকৰে। তেওঁ নিজৰ ল’ৰা ছোৱালীৰ সমান মেধাবী ছাত্ৰ ছাত্ৰী অঞ্চলটোত নাই বুলি ফিতাহি মাৰি ফুৰে।তেনে জহমাৰি ফুৰিলে কাৰ্যক্ষেত্ৰত লাজ পাব বুলি বিবেচনা নকৰে।পৰীক্ষাৰ ফলাফলত তিনিওটা সন্তানেই তৃতীয় স্থান পাই উৰ্ত্তীণ হ’ল যদিও তেওঁ টিঙৰ পৰা নমা

Read more

চেনিৰ তিতা-উপাসা ভাগৱতী

যিমান পাৰে খৰধৰকৈ লিমাই হাত চলালে। গেছৰ এটা চুলাত চাউলকেইটা ধুই পানী দি দিলে উতলিবলৈ। সিজিলে মাৰ কাঢ়ি দিব। এই কামটো আগতে মাকক কৰা দেখিছিল। ডাঙৰ চচপেন এটাত ভাত বঢ়াই এটা সময়ত এটা বাতি বা চৰিয়াত মাৰ কাঢ়ি দিয়ে । তাই আৰু ভায়েকে সেই ভাতৰ মাৰখিনিত মিঠাতেল আৰু নিমখ অকণ দি খাই বৰ ভাল পায়। সদায় সেইবাবে হেতা-ওপৰা লাগে। মাৰখিনি কাঢ়িবলৈ লৈ কথাবোৰ মনত পৰি মুখেৰে মিচিকি হাঁহি এটা ওলাই গ’ল তাইৰ।  এই প্ৰেচাৰ কুকাৰ নামৰ বস্তুবিধ হোৱাৰপৰা পলকতে সকলো

Read more

স্থিৰ বৰ্ত্ম-মাৰ্কণ্ড কিশোৰ কৌশিক

মাটিৰ বুকু ফালি দুডাল ফটা শিৰাৰ দৰে শুই থকা অনন্ত ৰে’ল ট্ৰেকডালৰ পাৰত, এক নিমাওমাও উপনগৰীয় ষ্টেচন। আকাশখনক যেন দুপৰীয়াৰ সূৰ্যৰ এটা ক্ৰোধিত চকুৱেহে চাই আছে।বতাহত কোনো প্ৰাণ নাই।জৰুৰী কাম নথকা মানুহৰ বাবে এইয়া জিৰণি লোৱা সময়। কিন্তু দুজন পুৰুষ, অৰূপ আৰু মানস, সেই পুৰণি কাঠৰ বেঞ্চখনত বহি আছিল।জেঠমহীয়া প্ৰখৰ ৰ’দে তেওঁলোকৰ কপালেৰে ঘাম বিৰিঙাই তুলিছে। তেওঁলোক দুয়োজনৰে মুখত ভাগৰতকৈ বেছি গভীৰ কিবা এক অস্তিত্বৰ, শূন্যতাৰ চাপ হে পৰিছিল।অৰূপৰ পিন্ধনত আছিল এটা বগা টি-চাৰ্ট, বুকুৰ ঠাই ডোখৰত ডাঙৰ-ডাঙৰ ক’লা আখৰেৰে

Read more
1 2 3 4 15